Cops Assault Auto Driver In Bokajan: অটোৰিক্সা চালকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা আৰক্ষীৰ ৰিৰুদ্ধে ব্যৱস্থা গ্ৰহণ

author img

By

Published : Jul 19, 2022, 5:37 PM IST

Cops Assault Auto Driver In Bokajan

শক্তিহীনৰ ওপৰত শক্তি প্ৰদৰ্শন কৰি নিন্দাৰ পাত্ৰ হোৱা গোলাঘাট আৰক্ষীৰ কনিষ্টবল আৰু গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা ৷ সোমবাৰে বোকাজানত গোলাঘাট আৰক্ষীয়ে সংঘটিত কৰা বৰ্বৰ কাণ্ডৰ সন্দৰ্ভত মঙলবাৰে সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰিলে গোলাঘাটৰ আৰক্ষী অধীক্ষক সুমিত শৰ্মাই(Golaghat SP Sumeet Sharma)৷

গোলাঘাট, 19 জুলাই: তালাচীৰ সময়ত আৰক্ষীৰ নিৰ্দেশনা নমনাৰ বাবেই গোলাঘাট আৰক্ষীৰ এজন কনিষ্টবলে এজন অটো চালকক ৰাজপথতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ(cops assaulted auto driver in Bokajan)৷ সোমবাৰে গোলাঘাট আৰক্ষীৰ কনিষ্টবলজনকে ধৰি আৰক্ষীৰ বাহনৰ চালক হিচাপে কৰ্মৰত এজন গৃহৰক্ষী জোৱানে বোকাজনত সংঘটিত কৰা এই বৰ্বৰ কাণ্ডটোৰ দৃশ্য বন্দী হৈছিল কেমেৰাত ৷ উক্ত ভিডিঅ’ ফুটেজ ভাইৰেল(Golaghat police viral video) হৈ পৰাৰ পাচতেই গোলাঘাট আৰক্ষীৰ জোৱান দুজনৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

অটোৰিক্সা চালকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা আৰক্ষীৰ ৰিৰুদ্ধে ব্যৱস্থা গ্ৰহণ

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মঙলবাৰে গোলাঘাটৰ আৰক্ষী অধীক্ষক সুমিত শৰ্মাই(Golaghat SP Sumeet Sharma) সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনৰ জৰিয়তে আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনাটো সহজভাৱে লোৱা নহ’ব বুলি মন্তব্য কৰে ৷ অটো চালকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা কনিষ্টবল আৰু গৃহৰক্ষী জোৱানজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক শৰ্মাই ৷ ঘটনা সংঘটিত কৰা গৃহৰক্ষী জোৱান গুণীন গগৈক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে কনিষ্টবল ৰাজকুমাৰ নাথক ৰিজাৰ্ভ ক্ল’জ কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে(IPS Sumeet Sharma) জানিবলৈ দিয়ে ৷

আনহাতে তালাচীৰ সময়ত আৰক্ষীৰ নিৰ্দেশনা অমান্য কৰাৰ অপৰাধত পাপু বসুমতাৰী নামৰ অটোৰিক্সা চালকগৰাকীৰ বিৰুদ্ধেও এক গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক সুমিত শৰ্মাই ৷

লগতে পঢ়ক: Police heroism against auto driver: বোকাজানত অটো চালকৰ ওপৰত আৰক্ষীৰ বীৰত্ব প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.