ETV Bharat / state

Bandana Kalita murder case update : আদালতত দাখিল বন্দনাকাণ্ডৰ প্ৰায় ১৩ শ পৃষ্ঠাৰ অভিযোগনামা

author img

By

Published : May 14, 2023, 5:33 PM IST

Bandana Kalita murder case update
বন্দনাকাণ্ডৰ ৮০ দিনীয়া ধাৰাবাহিক তদন্ত প্ৰক্ৰিয়াৰ অন্তত

ৰাজ্য জোকাৰি যোৱা নাৰেংগীৰ দ্বৈত হত্যাকাণ্ডৰ ৮০ দিনীয়া ধাৰাবাহিক তদন্ত প্ৰক্ৰিয়াৰ অন্তত পৰিছে ৷ দেওবাৰ নুনমাটি আৰক্ষীয়ে আদালতত দাখিল কৰে বন্দনাৰ নৃশংসতাৰ প্ৰায় ১৩ শ পৃষ্ঠাৰ অভিযোগনামা (Police submits chargesheet against Bandana Kalita murder case) ৷

গুৱাহাটী, ১৪ মে’ : ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা নাৰেংগীৰ দ্বৈত হত্যাকাণ্ডৰ সন্দৰ্ভত দেওবাৰে নুনমাটি আৰক্ষীয়ে দাখিল কৰে অভিযোগনামা ৷ হত্যাকাণ্ডৰ প্ৰমাণৰ নথি- পত্ৰসহ আদালতত দাখিল কৰা প্ৰায় ১৩ শ পৃষ্ঠাৰ এই অভিযোগনামাত নুনমাটি আৰক্ষীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে সম্পত্তি আৰু পৰকীয়া প্ৰেমৰ বাবেই দুই সহযোগীৰে মিলি বন্দনা কলিতাই শাহু শংকৰী দে’ আৰু স্বামী অমৰজ্যোতি দে’ক শীতল মস্তিষ্কৰে পৰিকল্পিতভাৱে হত্যা কৰিছিল (Police submits chargesheet against Bandana Kalita murder case) । ৮০ দিনীয়া ধাৰাবাহিক তদন্ত প্ৰক্ৰিয়াৰ অন্তত আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে ।

উল্লেখ্য যে , বন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰি পিচত দাৰে টুকুৰা-টুকুৰ কৰি পলিথিনত ভৰাই মেঘালয়ৰ ডাউকী ৰোডৰ পাহাৰীয়া অঞ্চলৰ প্ৰায় ৫০/৬০ ফুট দ’ খাৱৈত পেলাই দিছিল । ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় ৭ মাহ পিচত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল এই নৃশংস হত্যাকাণ্ডৰ প্ৰকৃত ঘটনা । মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে’ কেইবছৰমান পূৰ্বে বন্দনা কলিতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল (Guwahati double murder) ।

বিয়াৰ কিছুদিনলৈ স্বামী স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও অধিক উচ্চাকাংক্ষী পত্নী বন্দনাৰ সৈতে ধনজিৎ ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল । এই কথাক লৈ স্বামী অমৰজ্যোতি দে’ আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল ।

লগতে পঢ়ক : Guwahati double murder update: বন্দনাৰ পিতৃৰ ঘৰত অভিযান চলাই কি পালে আৰক্ষীয়ে !

ইপিনে অমৰজ্যোতি দে’ৰ মাতৃ শংকৰী দে’ৰ নামত মহানগৰীৰ চান্দমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল । তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল । ইয়াৰে অন্য চাৰিটা অট্টালিকা ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দে’ৰ মোমায়েকে । ইয়াকে লৈও পত্নী বন্দনা কলিতা ক্ষুণ্ণ হৈ পৰিছিল ।

এনে বিভিন্ন কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দে’ৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল । এনে সময়তে প্ৰায় ৭ মাহ পূৰ্বে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ নিৰুদ্দেশ হৈ থকা বুলি নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিয়ে ।

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধানহীন সম্পৰ্কীয় গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে । এই তদন্ত চলি থকা সময়তে বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰি শাহুৰ পাঁচটা একাউন্টৰ ধন অমৰজ্যোতি দে’ৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ কৰি ঘটনাৰ তদন্ত বিচাৰে আৰক্ষীৰ পৰা ।

আৰক্ষীয়ে এই পাঁচটা একাউন্টৰ ধন উলিওৱা ঘটনাটো সূক্ষ্মভাৱে তদন্ত কৰি ইয়াৰ এটা একাউন্টৰ পৰা বন্দনাই এ টি এম ব্যৱহাৰ কৰি পাঁচ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে । এই তথ্য লাভ কৰাৰ পিচতে আৰক্ষীৰ বন্দনাৰ ওপৰত সন্দেহ ওপজে । পিচত আৰক্ষীয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত বন্দনাক গ্ৰেপ্তাৰ কৰাৰ লগতে ধনজিত ডেকা আৰু অৰূপ ডেকা গ্ৰেপ্তাৰ কৰা পিচতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । ইপিনে আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি ইতিমধ্যেই জে’ললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Guwahati Double Murder Update: কাৰাগাৰৰ এন্ধাৰ কুঠৰী হ‘ল পাষাণ বন্দনাৰ ঠিকনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.