ETV Bharat / state

Guwahati Double Murder: বন্দনাৰ বৰ্বৰতা; কি কয় মনোৰোগ বিশেষজ্ঞই !

author img

By

Published : Feb 21, 2023, 8:31 PM IST

Updated : Feb 21, 2023, 10:12 PM IST

Guwahati Double Murder
বন্দনাৰ বৰ্বৰতা; কি কয় মনোৰোগ বিশেষজ্ঞই !

স্বামী আৰু শাহুক পাষাণ বন্দনা কলিতাই অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য (Guwahati Double Murder) ৷ এই ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ ইটিভি ভাৰত কাষ চাপিছিল মানোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙৰ ৷ সমগ্ৰ বিষয় সন্দৰ্ভত কি কয় চিকিৎসকে ? সৱিশেষ পঢ়ক এই প্ৰতিবেদনত ৷

বন্দনাৰ বৰ্বৰতা; কি কয় মনোৰোগ বিশেষজ্ঞই !

গুৱাহাটী, 21 ফেব্ৰুৱাৰী: এগৰাকী মহিলা ইমান নৃশংস হ'ব পাৰেনে ? সম্পত্তিৰ বাবে নিজ স্বামী আৰু শাহুক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি পাচত নিৰ্জন স্থানত পেলাই দিব পাৰেনে ? অৱশ্যে মৃত অৱস্থাত নে অচেতন অৱস্থাত শৰীৰৰ অংগ কাটি টুকুৰা-টুকুৰ কৰিছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই (Husband mother in Law killed in Guwahati) ।

সেয়া যিয়েই নহওক এগৰাকী মহিলাই এনে বৰ্বৰ ঘটনা কেনেকৈ সংঘটিত কৰিব পাৰে ? অসমৰ দৰে ৰাজ্যত এনে বৰ্বৰ ঘটনা কাহানিও সংঘটিত হোৱা নাছিল আৰু কোনেও এনে ঘটনা অসমত সংঘটিত হ'ব পাৰে বুলি ধাৰণাই কৰিব পৰা নাছিল । কিন্তু কল্পনাৰ অগোচৰে এনে বৰ্বৰ ঘটনা অসমতে সংঘটিত হ'ল । যিটো ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

গুৱাহাটীত সংঘটিত হোৱা ডাৱল মাৰ্ডাৰৰ ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য । বিশেষকৈ অসমৰ প্ৰেক্ষাপটত এই হত্যাকাণ্ডৰ ঘটনাই বহু কথাই ভবাই তুলিছে । গুৱাহাটীৰ ডাৱল মাৰ্ডাৰৰ ঘটনাটো সন্দৰ্ভত কি কয় মানসিক ৰোগ বিশেষজ্ঞই ? সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত মানসিক ৰোগ বিশেষজ্ঞৰ দৃষ্টিভংগী কি ? ইয়াৰ বাবে ইটিভি ভাৰতে বিশিষ্ট মানসিক ৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙৰ (Dr Sanjay Sing) আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল ৷ সাক্ষাৎকাৰত ডাঃ সিঙে বহুকেইটা দিশৰ ওপৰত আলোকপাত কৰে (Guwahati Double murder update) ।

তেওঁ কয়, ‘‘সাধাৰণতে এনে ধৰণৰ অপৰাধীৰ কেতবোৰ চাৰিত্ৰিক বৈশিষ্ট থাকে (sensational murder in Guwahati) । তেওঁলোকে মানুহৰ ভাৱ-অনুভূতি উপলব্ধি কৰিব নোৱাৰে । লগতে তেওঁলোক এনে ঘটনা সংঘটিত কৰাৰ বাবে কোনো ধৰণৰ অনুতপ্ত নহয় । এনেধৰণৰ অপৰাধীৰ সাধাৰণতে ব্যক্তিত্ব অসমাজিক হয় । নিজৰ উদ্দেশ্য পূৰণৰ বাবে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে ।’’

তেওঁ লগতে কয়, ‘‘এনেধৰণৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত হত্যাকাৰীৰ চিন্তা তথা মানসিক স্থিতি অন্য ধৰণৰ হয় । এজন মানুহক হত্যা কৰি কাটি টুকুৰা-টুকুৰ কৰি দিয়াৰ অৰ্থ এইটোৱেই যে, তেওঁৰ কোনো ধৰণৰ আবেগ নাইবা ভাৱ-অনুভূতি নাই । আনহাতে এনে লোকসকলে এনে ঘটনা সংঘটিত কৰাৰ পৰিণাম কি হ'ব পাৰে সেই কথাও চিন্তা নকৰে । অপৰাধীৰ মানসিক স্থিতি সন্দৰ্ভত তেওঁ বায়লজিকেল আৰু চ'ছিয়েল ফেক্টৰ কথা সদৰী কৰে (Psychiatrist on Guwahati double murder) ।’’

ইয়াৰ উপৰিও তেওঁ কয়, ‘‘গুৱাহাটীত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাটো বহুদিন পূৰ্বে হোৱা । যিগৰাকী মহিলাক ঘটনাটোৰ বাবে অভিযুক্ত কৰা হৈছে তেওঁ ঘটনাটো সংঘটিত কৰাৰ পাচতো পূৰ্বৰ দৰেই নিজৰ জীৱন অতিবাহিত কৰি গৈছে । অৰ্থাৎ ঘটনাটোৰ বাবে তেওঁৰ কোনো অনুসূচনা নাই । এনেধৰণৰ ঘটনা সংঘটিত কৰা অপৰাধীয়ে মানুহক 'বস্তু' বুলি ভাবে আৰু এই কাম কৰি তেওঁলোকে আনন্দ অনুভৱ কৰে । মানুহক কাটি টুকুৰা-টুকুৰ কৰি তেওঁলোকে ‘উপভোগ’ কৰে তথা তৃপ্তি লাভ কৰে ।’’

এনেধৰণৰ হত্যাকাণ্ড অতি পৰিকল্পিতভাৱে কৰা হয় বুলিও মন্তব্য কৰে বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে ৷ তেওঁ কয়, ‘‘পৰিকল্পনা অনুসৰি প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰা হয় । যাৰবাবে ঘটনাটো সংঘটিত কৰাৰ পাচত তেওঁলোকে স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে । সমাজ জীৱনত ঘটি থকা বিভিন্ন পন্থাৰ অপৰাধৰ প্ৰভাৱ আন অপৰাধৰ ক্ষেত্ৰতো পৰে । অপৰাধীয়ে অপৰাধ এটা সংঘটিত কৰাৰ পূৰ্বে সমাজ জীৱনত সংঘটিত অপৰাধসমূহৰ অধ্যয়ন কৰে (Guwahati Bandana Kalita Case) ।’’

তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কয়, ‘‘যেতিয়া এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় আৰু ঘটনাটোৱে ব্যাপক প্ৰচাৰ লাভ কৰে তেতিয়া কম সময়ৰ ভিতৰতে অনুৰূপ বহুকেইটা ঘটনা সংঘটিত হয় । অপৰাধৰ পন্থাবোৰ অপৰাধীয়ে অনুকৰণ কৰে ।’’

উল্লেখ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহতে গুৱাহাটীৰ নাৰেংগীত সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ড । বন্দনা কলিতা নামৰ এগৰাকী মহিলাই দুজন সংগীৰ সহযোগত স্বামী অমৰজ্যোতি দে' আৰু শাহু আই শংকৰী দে'ক হত্যা কৰিছিল । কেৱল হত্যা কৰাই নহয় মৃতদেহ কাটি টুকুৰা টুকুৰ কৰি পেলাই দিছিল মেঘালয়ৰ ডাউকীৰ সমীপৰ দ' খাৱৈত । প্ৰায় 7 মাহৰ পূৰ্বে সংঘটিত এই ঘটনা শেহতীয়াকৈ পোহৰলৈ অহাত ৰাজ্যৰ লগতে সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: Murder in Guwahati: গুৱাহাটীত পুনৰ হত্যাকাণ্ড; চোকা অস্ত্ৰৰে যুৱকক হত্যা দুৰ্বৃত্তৰ

Last Updated :Feb 21, 2023, 10:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.