ETV Bharat / state

Guwahati Double Murder: যদি ভুল কৰিছে বন্দনাক গুলীয়াই মাৰক, ক’লে বন্দনাৰ পিতৃয়ে

author img

By

Published : Feb 20, 2023, 9:50 PM IST

স্বামী আৰু শাহুৱেকক হত্যা কৰি পাপ মোচনৰ বাবে নাৰায়ণ পূজা কৰিছিল বন্দনা কলিতাই ৷ বন্দনাৰ পিতৃয়ে উল্লেখ কৰিছে এই কথা ৷ বন্দনাই যদি এনে নৃশংস কাণ্ড কৰিছে তেন্তে গুলীয়াই মাৰক বুলিও মন্তব্য গৃহৰক্ষী জোৱান হিচাবে কৰ্মৰত বন্দনাৰ পিতৃৰ (Guwahati Double Murder) ৷

Guwahati Double Murder
বন্দনাক গুলীয়াই হত্যা কৰিবলৈ কলে দুৰ্ভগীয়া পিতৃয়ে

বন্দনাক গুলীয়াই হত্যা কৰিবলৈ কলে দুৰ্ভগীয়া পিতৃয়ে

গুৱাহাটী, 20 ফেব্ৰুৱাৰী: স্বামী আৰু শাহুৱেকক অতি নৃশংসভাৱে হত্যা কৰা বন্দনা কলিতা আৰু দুই সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচতেই পোহৰলৈ আহিছে ন ন তথ্য ৷ উল্লেখ্য যে, 2022 বৰ্ষৰ আগষ্ট মাহতেই স্বামী আৰু শাহুৱেকক পৃথকে পৃথকে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি পেলাই দিছিল মেঘালায়ৰ পাহৰৰ তলত (Horrific Double Murder In Guwahati) ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত গৃহৰক্ষী জোৱান হিচাবে কৰ্মৰত বন্দনাত পিতৃৰ ভাষ্য অনুসৰি হত্যাকাণ্ড সংঘটিত কৰি নাৰেংগী অমৰাৱতী এপাৰ্টমেণ্টত পাপ মোচনৰ বাবে সত্য নাৰায়ণ পূজা অনুষ্ঠিত কৰিছিল বন্দনাই । স্বামী অমৰজ্যোতি দে’ৰ সৈতে বিবাহ বিচ্ছেদৰ কথা চলি থকাৰ বাবে প্ৰায় দুবছৰ ধৰি পিতৃ গৃহত আছিল বন্দনা কলিতা ৷ কিন্তু অমৰজ্যোতি দে’ৰ ঘৰলৈ প্ৰায়েই গৈছিল বন্দনা (Bandana Kalita involved in double murder) ৷

ইফালে অমৰাবতি এপাৰ্টমেণ্টৰ একাংশ বাসিন্দাৰ ভাষ্য অনুসৰি অমৰজ্যোতি দে’ নিশা ওলাই গৈ বহু পলমকৈ ঘৰলৈ আহিছিল আৰু অত্যাধিক ড্ৰাগছ সেৱন কৰিছিল । আন যুৱতীৰ সৈতেও অমৰজ্যোতি দে’ৰ সম্পৰ্ক আছিল বুলি অভিযোগ উত্থাপন কৰিছে একাংশই ৷ ইফালে, বন্দনাৰ পিতৃৰ গৃহতে যোৱা কেইবামাহৰ পৰা ভাৰাতীয়া হিচাবে বাস কৰিছিল বন্দনাৰ অবৈধ প্ৰেমিক তথা গাড়ী চালক ধনজিৎ ডেকাই ৷ বন্দনাই পিতৃ গৃহতে ধনজিতৰ সৈতে লগ লাগি ৰচনা কৰিছিল হত্যাৰ ব্লু প্ৰিণ্ট (Woman killed husband and mom in law) ৷

উল্লেখ্য যে, পৰিয়ালৰ লোকৰ অমতত বিয়া হৈছিল বন্দনা কলিতা আৰু অমৰজ্যোতি দে’ৰ ৷ প্ৰায় 12 বছৰ পূৰ্বেই নাৰেংগী ফৰেষ্ট গেটৰ এছ আৰ একাডেমীত বাণিজ্য শাখাত স্নাতক দ্বিতীয় মহলাৰ ছাত্ৰী হৈ থকা অৱস্থাতে অৰমজ্যোতিৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল বন্দনাৰ ৷ পৰৱৰ্তী পৰ্যায়ত দুয়ো পলাই গৈ দুটা বছৰৰ পাচতহে বিবাহ পাশত আবদ্ধ হয় ৷ ইফালে বন্দনা কলিতাৰ এনে কাণ্ডৰ বাবে একমাত্ৰ ককায়েক নয়নমণি কলিতাৰ সৈতে মনোমালিন্য ঘটে (Guwahati brutal murder case) ৷

বন্দনাৰ পিতৃয়ে সদৰী কৰা অনুসৰি পূৰ্বে বন্দনা শান্ত স্বভাৱৰ আছিল যদিও অমৰজ্যোতিৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পাচৰে পৰা উদণ্ড স্বভাৱৰ হৈ পৰে বন্দনা ৷ চিগাৰেটৰ লগতে প্ৰায়ে নিচাজাতীয় দ্ৰব্য সেৱন কৰিছিল বন্দনাই ৷ ইফালে বিগত 15 ফেব্ৰুৱাৰীত বোন্দাৰ হেমন্ত গেম পাৰ্লাৰৰ পৰা শেষবাৰৰ বাবে চিগাৰেট ক্ৰয় কৰাৰ কথাও উল্লেখ কৰিছে দোকানখনৰ গৰাকীয়ে (Sensational murder in Guwahati) ।

ইফালে, এই চঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাচত বন্দনাৰ পিতৃ কামিনী কলিতাই লগতে কয়, ‘‘মোৰ ছোৱালীয়ে এনেকুৱা এটা নৃশংস কাম কৰিব বুলি মই সপোনটো ভবা নাছিলো । বন্দনা যদি দোষী তেন্তে আৰক্ষীয়ে তাইক গুলীয়াই মাৰক । মোৰ ক’বলগীয়া নাই ৷’’

লগতে পঢ়ক: Narengi murder case : বন্দনাই কেনেকৈ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.