ETV Bharat / state

Assam Physiocon 2023 : দুদিনীয়া কাৰ্যসূচীৰে অসম ফিজিঅ’কন ২০২৩ ৰ আয়োজন

author img

By

Published : Mar 2, 2023, 1:32 PM IST

৪ আৰু ৫ মাৰ্চত গুৱাহাটীত আয়োজন কৰা হৈছে অসম ফিজিঅ’কন ২০২৩ নামেৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিৱেশন (Assam Physiocon 2023 to be held in Guwahati) ৷ ইতিমধ্যে এই অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ বুধবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে অসম ফিজিঅ’কন ২০২৩ ৰ আয়োজকসকলে ৷

Assam Physiocon 2023
অসম ফিজিঅ’কন ২০২৩ ৰ আয়োজন

অসম ফিজিঅ’কন ২০২৩ ৰ আয়োজন

গুৱাহাটী, ২ মাৰ্চ : চলিত মাহৰ ৪ আৰু ৫ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ’ব অসম ফিজিঅ’কন ২০২৩ নামেৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিৱেশন (Assam Physiocon 2023 to be held in Guwahati) ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ অভিন্ন বিভাগ ফিজিঅ’থেৰাপি চিকিৎসা আৰু শিক্ষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু আধুনিক গুণগত বৈজ্ঞানিক তথ্যৰ আদান প্ৰদানৰ এখন মঞ্চ সৃষ্টিৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে এই অধিৱেশনৰ ৷

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা অসম ফিজিঅ’কন ২০২৩ অধিৱেশনৰ বাবে ইতিমধ্যে সাজু হৈছে আয়োজকসকলো ৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেল সম্বোধন কৰি অসম ফিজিঅ’কন ২০২৩ ৰ প্ৰচাৰ সম্পাদক ডাঃ প্ৰণৱ চক্ৰৱৰ্তীয়ে এই কথা সদৰী কৰে ৷

ডাঃ প্ৰণৱ চক্ৰৱৰ্তীয়ে উল্লেখ কৰা অনুসৰি, অসমৰ বিভিন্ন প্ৰান্তৰ কৰ্মৰত ফিজিঅ’থেৰাপিষ্ট আৰু ফিজিঅ’থেৰাপি বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ভাৰতৰ বিভিন্ন প্ৰদেশৰ অভিজ্ঞ ফিজিঅ’থেৰাপিষ্ট আৰু ছাত্ৰ-ছাত্ৰী তথা বিদেশৰ বহুকেইজন ফিজিঅ’থেৰাপী বিভাগৰ অধ্যাপক আৰু চিকিৎসকে এই ৰাষ্ট্ৰীয় অধিৱেশনত যোগদান কৰিব ৷

অধিৱেশনখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অসমৰ ফিজিঅ’থেৰাপিষ্টসকলৰ সৰ্বসন্মতি ক্ৰমে জ্যেষ্ঠ ফিজিঅ’থেৰাপিষ্ট ডাঃ দ্বিজেন্দ্ৰ কুমাৰ তালুকদাৰক অধ্যক্ষ, ড৹ অভিজিৎ দত্তক সভাপতি আৰু ডাঃ ৰিতুৰাজ বাইলুং সোণোৱালক সাংগঠনিক সম্পাদক হিচাপে লৈ এখন আয়োজক সমিটী গঠন কৰি অধিৱেশনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে ৷

লগতে তেওঁ কয়, আজি অৰ্থাৎ ২ মাৰ্চৰ পৰা দেশ-বিদেশৰ বহুকেইজন সমল ব্যক্তিৰ তত্বাৱধানত গুৱাহাটীৰ বিভিন্ন হাস্পতাল আৰু ফিজিঅ’থেৰাপি কলেজত দহখনতকৈও অধিক বিভিন্ন বিষয়ৰ কৰ্মশালা অনুষ্ঠিত হ’ব ৷ য’ত উত্তৰ পূৰ্বাঞ্চলৰ ফিজিঅ’থেৰাপিষ্টসকলে বিশ্ব মানদণ্ডৰ ব্যৱহাৰিক শিক্ষা লাভৰ সুযোগ পাব ৷ এই ৰাষ্ট্ৰীয় অধিৱেশনত বহুকেইজন ফিজিঅ’থেৰাপিষ্টে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰিব ৷ অধিৱেশনৰ লগত সংগতি ৰাখি এখনি স্মৰণিকাও উন্মোচন কৰা হ’ব ৷

ইয়াৰ উপৰিও লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কুইজ, বক্তৃতা আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ অধিৱেশনৰ প্ৰতিদিনে বিয়লি ভাগত সাংস্কৃতিক অনুষ্ঠান থাকিব ৷ ইতিমধ্যে এই অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে অসম ফিজিঅ’কন ২০২৩ ৰ প্ৰচাৰ সম্পাদক ডাঃ প্ৰণৱ চক্ৰৱৰ্তীই ৷

উল্লেখ্য যে, বুধবাৰে আয়োদিত উক্ত সংবাদমেলত সমিতিৰ হৈ অধ্যক্ষ ডাঃ দি কে তালুকদাৰ, সভাপতি ডৎ অভিজিৎ দত্ত, উপ সভাপতি ড৹ উজ্জ্বল ভট্টাচাৰ্য, সম্পাদক ডাঃ ৰিতুৰাজ বাইলুং সোণোৱাল, যুটীয়া সম্পাদক ডাঃ অংকুৰ জ্যোতি বৰা, প্ৰচাৰ সম্পাদক ডাঃ প্ৰণৱ চক্ৰৱৰ্তীকে ধৰি অসম ফিজিঅ’কন ২০২৩ ৰ বহুকেইজন সদস্য উপস্থিত থাকে ৷

লগতে পঢ়ক : Himanta Biswa Sarma meets Conrad Sangma: মুখ্যমন্ত্ৰী শৰ্মাক গুৱাহাটীত গোপনে সাক্ষাৎ মেঘালয়ৰ কনৰাড চাংমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.