ETV Bharat / state

New liquor policy: ৰাজ্যত দুখোজ দিলেই উপলব্ধ হ’ব সুৰাৰ বিপণি !

author img

By

Published : Mar 31, 2023, 10:45 PM IST

Country Liquor shops in Assam
New liquor policy in Assam

অসমৰ গাঁৱে গাঁৱে দেশীয় মদৰ দোকান ! হোটেলে-ৰেষ্টুৰেণ্টে হ’ব বাৰ ৷ গুৱাহাটীৰ পিচতে মুঠ 223 খন মদৰ দোকানৰে শীৰ্ষত আছে গোলাঘাট জিলা (New liquor policy in Assam) ৷

গুৱাহাটী, 31 মাৰ্চ: অসমৰ গাঁৱে গাঁৱে, নগৰ-চহৰৰ হোটেলে-ৰেষ্টুৰেণ্টে শীঘ্ৰেই হয়তো দুখোজ দিলেই হাতত তুলি ল’ব পাৰিব সুৰা ৷ অসম বিধানসভাৰ মজিয়াত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ পৰা দিয়া তথ্যই যেন তাৰেই ইংগিত বহন কৰিছে ৷ অসমত যোৱা 5 বছৰত সুৰা বিক্ৰীৰ পৰা অসম চৰকাৰে মুঠ 16,084.09 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ চলিত বিধানসভাৰ বাজেট অধিৱেশনত কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত আবকাৰী বিভাগৰ হৈ এই তথ্য সদনত দাঙি ধৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই (Assam liquor policy) ৷

এই উত্তৰত আবকাৰী বিভাগে চলিত বৰ্ষত মদৰ দোকানৰ অনুজ্ঞাপত্ৰ আৱণ্টনৰ কোনো সিদ্ধান্ত লোৱা নাই বুলি মন্ত্ৰী পীযুষ হাজৰীকাই সদৰী কৰে ৷ ইয়াৰ বিপৰীতে তেওঁ উল্লেখ কৰিছে যে, নগৰ অঞ্চলত চলি থকা হোটেল আৰু ৰেষ্টুৰেণ্ট সমূহত বাৰৰ বাবে আবেদন অনুযায়ী আৱণ্টন দিয়াৰ ব্যৱস্থা আছে ৷ ইয়াৰ উপৰিও নগৰ আৰু গাঁও উভয় অঞ্চলতে দেশীয় মদৰ দোকানৰ (Country Liquor) আবেদন অনুযায়ী আৱণ্টন দি থকা হৈছে বুলি কোৱা হৈছে সদনৰ তথ্যত (Country Liquor shops in Assam) ৷

New liquor policy
ৰাজ্যত দুখোজ দিলেই উপলব্ধ হ’ব সুৰাৰ বিপণি !

অৰ্থাৎ বিধানসভাৰ মজিয়াত দিয়া তথ্যমতে নগৰ আৰু গাঁও অঞ্চলত দেশীয় মদৰ প্ৰচলন নাইবা বিক্ৰীৰ বাবে চৰকাৰে পোষকতা কৰিছে ৷ লগতে পৃষ্ঠপোষকতা কৰিছে নগৰাঞ্চলত বেছি পৰিমাণৰ মদৰ বিক্ৰীৰ উদ্দেশ্যৰে হোটেল বা ৰেষ্টুৰেণ্টত বাৰৰ সংখ্যা বৃদ্ধিত (Licenses for country liquor shop) ৷

লগতে পঢ়ক: Howraghat Chowmin Tragedy: খাদ্যত বিষক্ৰিয়া হৈ ১২ বছৰীয়া ছাত্ৰৰ অকাল মৃত্যু

সেই অনুসৰি আবকাৰী বিভাগৰ তৰফৰ পৰা ৰাজ্যত 11 খন জিলাত নতুনকৈ বিলাতী সুৰাৰ বিপনী দিয়া হৈছে বুলি কৌশলেৰে আবকাৰী বিভাগে উল্লেখ কৰিছে ৷ এই 11 খন জিলা হ’ল লখিমপুৰ, চৰাইদউ, শোণিতপুৰ, ধুবুৰী, ধেমাজি, হাইলাকান্দি, কৰিমগঞ্জ, ওদালগুৰি, কামৰূপ, কামৰূপ মহানগৰ আৰু কাছাৰ জিলা (Wine Shops in Assam) ৷

সমগ্ৰ ৰাজ্যত আজিৰ তাৰিখত বিদেশী সুৰাৰ মুঠ 1708 খন আৰু দেশীয় সুৰাৰ 781 খন দোকান আছে ৷ কামৰূপ মহানগৰ জিলা মদৰ দোকানৰ সংখ্যাৰ দিশৰ পৰা ৰাজ্যৰ ভিতৰতি শীৰ্ষত আছে ৷ 321 খন বিলাতী সুৰা আৰু 89 খন দেশী মদৰ দোকানৰে মুঠ 410 খন মদৰ দোকান আছে কামৰূপ মহানগৰত (Assam govt issuing licenses for country liquor) ৷

তাৰ পিচতেই মদৰ দোকানৰ জিলা ভিত্তিত শীৰ্ষ তালিকাত আছে ক্ৰমে গোলাঘাট, তিনিচুকীয়া আৰু ডিব্ৰুগড় ৷ শীৰ্ষত থকা গোলাঘাটত আছে মুঠ 223 খন মদৰ দোকান ৷ ইয়াৰে 98 খন বিলাতী আৰু 125 খন দেশী মদৰ দোকান ৷ তিনিচুকীয়া জিলাত থকা 210 খনৰ সুৰাৰ বিপণিৰ ভিতৰত 104 খন বিদেশী আৰু 106 খন দেশী মদৰ বিপণি ৷ ডিব্ৰুগড়ত 109 খন বিদেশী আৰু 89 খন দেশী মদৰ দোকানসহ মুঠ 198 খন মদৰ দোকান আছে ৷

লগতে পঢ়ক: Kejriwal to visit Guwahati: অসম ভ্ৰমণৰ পূৰ্বেই অৰবিন্দ কেজৰিৱালক হিমন্ত বিশ্বৰ প্ৰত্যাহ্বান

মদৰ দোকানৰ সংখ্যা কম নহয় লখিমপুৰ, যোৰহাট জিলাতো ৷ যোৰহাটত মুঠ 151 খনৰ ভিতৰত 72 খন বিলাতী আৰু 79 দেশী মদৰ দোকান আছে ৷ লখিমপুৰত মুঠ 120 খনৰ ভিতৰত 76 বিলাতী আৰু 44 খন দেশীয় মদৰ দোকান আছে ৷ মুঠতে অসমত আজিৰ তাৰিখত আবকাৰী বিভাগৰ তথ্য অনুসৰি 2489 খন মদৰ দোকানৰ জৰিয়তে বৈধভাৱে মদ বিক্ৰী কৰাৰ ব্যৱস্থা আছে ৷ এই 2489 খন মদৰ দোকানৰ ভিতৰত বিলাতী সুৰাৰ মুঠ 1708 খন আৰু দেশীয় সুৰাৰ 781 খন দোকান আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.