Kejriwal to visit Guwahati: অসম ভ্ৰমণৰ পূৰ্বেই অৰবিন্দ কেজৰিৱালক হিমন্ত বিশ্বৰ প্ৰত্যাহ্বান

By

Published : Mar 31, 2023, 7:10 PM IST

thumbnail

গুৱাহাটী, 31 মাৰ্চ: অসম ভ্ৰমণৰ পূৰ্বেই দিল্লীৰ আম আদমী পাৰ্টীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী‌ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কেজৰিৱালক প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসমলৈ আহি এবাৰ মোৰ বিৰুদ্ধে কৈ চাওক, মনীষ চিছোয়াৰ দৰে অৰবিন্দ কেজৰিৱালৰ অৱস্থা হ’ব (Himanta Biswa challenge Kejriwal) ৷’’

লগতে তেওঁ কয়, ‘‘অসমলৈ আহি অৰবিন্দ কেজৰিৱালে এবাৰ কৈ দেখুৱাওক যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিত জড়িত বুলি ৷ দ্বিতীয় দিনাই মানহানিৰ গোচৰ তৰিম কেজৰিৱালৰ বিৰুদ্ধে ৷ মোৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰৰ‌ ভাৰতৰ‌ ক'ত আছে কেজৰিৱালে দেখুৱাই দিব লাগিব ৷’’

উল্লেখ্য যে, 2 এপ্ৰিলত অসমলৈ আহিব আপৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান ৷ গুৱাহাটীৰ সোণাৰাম খেলপথাৰত বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব কেজৰিৱাল আৰু ভগৱন্ত সিং মানে (Arvind Kejriwal to visit Guwahati) ৷ 

লগতে পঢ়ক: Dilli ki Yogshala Programme : দিল্লীত বন্ধ বিনামূলীয়া যোগ শ্ৰেণী, মোডী-চাক্সেনাক দোষাৰোপ কেজৰিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.