ETV Bharat / state

Assam Meghalaya border dispute : চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিধায়িকা নন্দিতা দাসৰ

author img

By

Published : Nov 28, 2021, 7:15 PM IST

Updated : Nov 28, 2021, 10:56 PM IST

"মেঘালয় আৰক্ষীয়ে সীমান্তৰ অসমৰ ৰাইজক অসমক সমৰ্থন নকৰিবৰ বাবে ভয়-ভাবুকি প্ৰদান কৰি আহিছে(Threat of Meghalaya Police) । সীমান্ত এলেকাত বহু কেইখন গাঁও আছে আৰু সেই গাঁৱত বসবাস কৰা লোকসকলে অসমৰ লগত থাকিব বিচাৰে । তেওঁলোকে কোনো কাৰণতে মেঘালয়ত চামিল হ'ব নিবিচাৰে ।" এই মন্তব্য বিধায়িকা নন্দিতা দাসৰ ৷

Assam Government Fails to Protect Border People
চৰকাৰে সীমান্তৰ ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে

গুৱাহাটী, ২৭ নবেম্বৰ : অসম-মেঘালয় সীমান্ত(Assam Meghalaya Border)ত বসবাস কৰা অসমৰ ৰাইজক মেঘালয়ৰ আৰক্ষীয়ে ভয়-ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে । এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে । গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত বিধায়িকাগৰাকীয়ে কয় যে, সীমান্ত এলেকাত বহু কেইখন গাঁও আছে আৰু সেই গাঁৱত বসবাস কৰা জনজাতীয় লোকসকলে অসমৰ লগত থাকিব বিচাৰে ।

চৰকাৰে সীমান্তৰ ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে

তেওঁলোকে কোনো কাৰণতে মেঘালয়ত চামিল হ'ব নিবিচাৰে । কিন্তু তেওঁলোকক মেঘালয়ৰ লগত চামিল হোৱাৰ বাবে ভাবুকি প্ৰদান কৰা হৈছে । তেওঁ কয় যে, অসম-মেঘালয় সীমান্তৰ সমস্যা(Assam Meghalaya Border Dispute) সমাধানৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটিৰ যোগেদি কেইবাখনো গাঁও ভ্ৰমণ কৰা হৈছে যদিও বহু কথাই স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক: Assam-Meghalaya Border Dispute : লাম্পীত মিলিত হ'ল দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী

শুকুৰবাৰে মালাং খালবাৰীৰ গাৰো সম্প্ৰদায়ৰ লোকসকলে অসমত থকাৰ প্ৰসংগত আলোচনা কৰি থাকোতেই মেঘালয়ৰ একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে (Miscrient attack in Assam Meghalaya border) । ইয়াৰ ফলত এগৰাকী যুৱতী আহত হয় আৰু ঘটনা সন্দৰ্ভত বকো থানাত এজাহাৰ দিয়া হৈছে । আনহাতে মেঘালয়ৰ কিছু লোকেও বকো থানাত ঘেৰাও কাৰ্যসূচী কৰে ।

এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দি বিধায়িকাগৰাকীয়ে কয় যে, সীমান্তবাসী অসমৰ ৰাইজক মেঘালয়ৰ ফালৰ পৰা বলপূৰ্বক মেঘালয়ত চামিল হোৱাৰ বাবে হাৰাশান্তি কৰি থকা হৈছে । এইক্ষেত্রত অসমৰ আৰক্ষী-প্ৰশাসনৰ ভূমিকা যথেষ্ট দুৰ্বল বুলি অভিযোগ কৰি তেওঁ কয় যে, সীম‍ন্তৰ অসমৰ ৰাইজক চৰকাৰে নিৰাপত্তা দিব পৰা নাই(Assam Government fails to protect border people) ।

সীমান্তৰ ৰাইজে কাৰ লগত থাকিব বিচাৰে সেই কথা পুংখানুপুংশভাৱে চালি-জাৰি চোৱাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাই বিধায়িকা নন্দিতা দাসে ৷

লগতে পঢ়ক: Border Conflict : ৩১ ডিচেম্বৰৰ ভিতৰত অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ ইংগিত

Last Updated :Nov 28, 2021, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.