ETV Bharat / state

Border Conflict : ৩১ ডিচেম্বৰৰ ভিতৰত অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ ইংগিত

author img

By

Published : Nov 16, 2021, 7:31 PM IST

কইনাধৰাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ যৌথ সংবাদমেল । দুয়োখন ৰাজ্যৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ উদ্দেশ্য এই বৈঠক আৰু সংবাদমেল ৷ অসম-মেঘালয় সীমান্তত মুঠ ১২ টা বিবদমান অঞ্চল আছে । প্ৰথম পৰ্যায়ত তাৰে ৬ টা অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৩১ ডিচেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব ।

Assam Meghalaya border problem
৩১ ডিচেম্বৰৰ ভিতৰত অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত হ'ব

গুৱাহাটী, ১৬ নৱেম্বৰ : অসম-মেঘালয় সীমা বিবাদৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে অগ্ৰসৰ হৈছে । ৩১ ডিচেম্বৰৰ ভিতৰত এই ক্ষেত্ৰত এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব দুয়োখন ৰাজ্যৰ চৰকাৰ । মঙলবাৰে এখন সংবাদমেল যোগে তাৰেই ইংগিত দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ।

কইনাধৰাত মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মুখ্যমন্ত্ৰীদ্বয়ে কয় যে, সীমান্ত সমস্যাৰ সৌহাৰ্দপূৰ্ণ নিষ্পত্তিৰ বাবে গঠন কৰা তিনিখন মাণ্ডলিক সমিতিয়ে ৩০ নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব । ইয়াৰ পিছত বিবাদৰ চূড়ান্ত নিষ্পত্তিৰ বাবে পৰৱৰ্তী আলোচনা অনুষ্ঠিত হ'ব আৰু ৩১ ডিচেম্বৰৰ ভিতৰত এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

Assam Meghalaya border problem
অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত

মুখ্যমন্ত্ৰীদ্বয়ে জনোৱা মতে, অসম-মেঘালয় সীমান্তত মুঠ ১২ টা বিবদমান অঞ্চল আছে । প্ৰথম পৰ্যায়ত তাৰে ৬ টা অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিবদমান অঞ্চলকেইটা হৈছে খানাপাৰা, হাহিম, বক্লাপাৰা, পিলিংকাটা, তাৰাবাৰী আৰু গিজাং । বাকী থকা ৬ টা অঞ্চলৰ ক্ষেত্ৰতো শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

তেওঁ কয় যে, বুজাবুজিৰ মাধ্যমেৰে দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ মীমাংস‍া কৰা হ'ব । সীমা বিবাদৰ সমস্যা সমাধান কৰাৰ বাবে দুয়োখন ৰাজ্যই কেবিনেট মন্ত্ৰীৰে তিনিখনকৈ উচ্চস্তৰীয় কমিটী গঠন কৰিছিল । কমিটি তিনিখনে ৩০ নৱেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু ইয়াৰ পাচতেই ৩১ ডিচেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব ।

লগতে পঢ়ক : Man-Elephant Conflict : পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ইফালে কইনাধৰাত মঙলবাৰে অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং, অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰিকা, মেঘালয়ৰ মন্ত্ৰী ক্ৰমে আৰ এল টংখাৰ, দি লামাৰে, লাখমেন ৰিম্বুই আৰু ৰাজ্য দুখনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।

উল্লেখ যে, মঙলবাৰে পুৱাৰ ভাগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কামৰূপ জিলাৰ লাম্পি ভ্ৰমণ কৰে আৰু কামৰূপ জিলা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । লাম্পি অঞ্চলৰ স্থানীয় লোকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে স্থায়ী বন্ধুত্বসুলভ মনোভাৱেৰে দুয়োখন ৰাজ্যৰ মাজত সকলো সমস্যা সমাধান কৰাত গুৰুত্ব প্ৰদান কৰে ।

Assam Meghalaya border problem
৩১ ডিচেম্বৰৰ ভিতৰত অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত হ'ব

তদুপৰি অস্থায়ী সিদ্ধান্তৰ দ্বাৰা কামৰূপ আৰু পশ্চিম খাচি পাহাৰ জিলাৰ দুয়ো উপায়ুক্তৰ সামূহিক দৃষ্টিভংগীৰে লাম্পি অঞ্চলত দুয়োপক্ষৰ জনপ্ৰতিনিধিৰ সৈতে আলোচনা কৰি অঞ্চলটোৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় আঁচনিসমূহ ৰূপায়ণৰ কথা ব্যক্ত কৰে । দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে কামৰূপ জিলাৰ লাম্পি আৰু মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাৰ সীমান্ত অঞ্চলত উপস্থিত হৈ স্থানীয় ৰাইজৰে মত বিনিময় কৰে ।

লগতে পঢ়ক : National Press Day 2021 : বোকাখাতত "সংবাদ মাধ্যমক কোনে ভয় নকৰে ?" শীৰ্ষক আলোচনাচক্ৰ

উল্লেখ্য যে, কামৰূপ জিলাৰ লাম্পি আৰু হাহিমত মেঘালয়ে দীর্ঘদিন ধৰি আগ্ৰাসন চলাই আহিছে । ২০০৭ চনত মেঘালয়ে বলপূৰ্বকভাৱে লাম্পিলৈ সোমাই আহি স্থানীয় বাসিন্দাৰ ওপৰত অত্যাচাৰ চলোৱাৰ লগতে অসম আৰক্ষীলৈ গুলীবর্ষণো কৰিছিল । তদুপৰি ৫ আগষ্টত মেঘালয়ৰ এটা দলে লাম্পিলৈ আহি নিজাববীয়াকৈ সীমা নির্ধাৰণ কৰিছিল ।

এনেধৰণে দীর্ঘসময় ধৰি মেঘালয়ে লাম্পি এলেকা নিজৰ বুলি দাবী কৰি অহাৰ বিপৰীতে কামৰূপ জিলাৰ অন্তর্গত লাম্পি অঞ্চলৰ বাসিন্দাই বহু বছৰ ধৰি অসমৰ লগত সংযোগ হৈ থকাই নহয়, নিৰ্বাচনতো ভোটদান কৰিছে । অৱশ্যে অতি শেহতীয়াকৈ লাম্পি অঞ্চলৰ একাংশই মেঘালয়তো ভোটদান কৰি চুবুৰীয়া ৰাজ্যখনৰ সৈতে চামিল হোৱাৰ দাবী তুলি আহিছে । সীমাক লৈ চলি থকা এই সংঘাত নিৰাময়ৰ বাবে মঙলবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সেই অঞ্চলত উপস্থিত হয় ।

লগতে পঢ়ক : অসমত দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.