ETV Bharat / state

Assam-Meghalaya Border Dispute : লাম্পীত মিলিত হ'ল দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী

author img

By

Published : Nov 16, 2021, 7:44 PM IST

অসম-মেঘালয় সীমা সমস্যাক কেন্দ্ৰ কৰি মঙলবাৰে লাম্পীত উপস্থিত হ'ল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । ইয়াৰ পাচতে লাম্পীত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰে দুয়োখনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷

Assam-Meghalaya Border Dispute
লাম্পীত মিলিত হ'ল দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী

বকো, 16 নৱেম্বৰ : "অসম আৰু মেঘালয় দুয়োখন ভাৰতৰে ৰাজ্য । আমি এখন দেশৰ নাগৰিক হিচাপে ভাবিলে শান্তিৰ পৰিৱেশত জীয়াই থাকিব পাৰিম । ভাৰতীয় হিচাপে সীমান্তৱৰ্তী এলেকা সমূহৰ উন্নয়নৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা থাকিব লাগিব ।" অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিতি বকোৰ লাম্পীত আয়োজিত হোৱা এক সভাৰ ভাষণত এইদৰে মন্তব্য প্ৰকাশ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

সভাৰ ভাষণত তেওঁ কয়, অসমৰ সৈতে মেঘালয়ৰ বাৰখন বিবদমান এলেকা আছে । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অসমৰ সীমা সমস্যা সমাধান কৰা হ'ব । দ্বিতীয় পৰ্যায়ত লাম্পীৰ সীমা সমস্যা সমাধান কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ।

একেদৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, সীমান্তৱৰ্তী এলেকাৰ সমস্যা সমাধান আলোচনাৰ মাধ্যমেৰে কৰা হ'ব । একেদিনাই বা এমাহত সীমা সমস্যাৰ সমাধান সম্ভৱ নহয় । শ্বিলং বা গুৱাহাটীত বহি সীমা সমস্যা সমাধান নহয় । বিবাদমান এলেকা সমূহৰ পৰিদৰ্শন আৰু মত বিনিময়ৰ জৰিয়তেহে সীমা সমস্যা সমাধান কৰাতো সম্ভৱ বুলি মন্তব্য প্ৰকাশ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: HSLC Exam : ২৫ নৱেম্বৰৰ পৰা অনলাইন প্ৰ-পত্ৰ পূৰণ

অসম-মেঘালয় সীমা সমস্যাক কেন্দ্ৰ কৰি মঙলবাৰে লাম্পীত উপস্থিত হ'ল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । ইয়াৰ পাচতে লাম্পীত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰে দুয়োখনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ সভাত লাম্পীসহ ১৯ খন গাঁৱৰ গাৰো, খাচী, নেপালী সম্প্ৰদায়ৰ লোক উপস্থিত থাকে ৷

উক্ত সভাত মুখ্যমন্ত্ৰী দুগৰাকীৰ উপৰিও সভাত উপস্থিত থাকে মেঘালয়ৰ মন্ত্ৰী ৰেনিকটন লিংডো টংখাৰ (Renikton Lyngdoh Tongkhar), নংষ্টইন(Nongstoin)ৰ বিধায়ক মেকমিলান বাইৰছেট (Macmillan byrsat) আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী অতুল বৰা, বকোৰ বিধায়িকা নন্দিতা দাস উপস্থিত থাকে । উল্লেখ্য যে, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত অনুষ্ঠিত উক্ত সভাৰ পাছতে সীমা সমস্যা সমাধান হ'ব বুলি অধিক আশা প্ৰকাশ কৰিছে সীমান্তৱৰ্তী অঞ্চল লোকসকলে ৷

লগতে পঢ়ক: বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণলৈ টেনজিং নৰগে দু:সাহসিক পৰ্বতাৰোহন বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.