ETV Bharat / state

অসমৰ যি বিকাশ আৰু উন্নয়ন হৈছে সেয়া অগপৰ বাবে হৈছেঃ প্ৰফুল্ল কুমাৰ মহন্ত

author img

By

Published : Dec 6, 2020, 7:11 PM IST

assam-ex-chief-minister-prafulla-kumar-mahanta-press-meet-at-guwahati
অসমৰ যি বিকাশ আৰু উন্নয়ন হৈছে সেয়া অগপৰ বাবে হৈছেঃ প্ৰফুল্ল কুমাৰ মহন্ত

গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল ৷ নিৰ্বাচন প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য নেতা গৰাকীৰ ৷ নতুনকৈ গঠিত হোৱা আঞ্চলিক দল সন্দৰ্ভতো মন্তব্য নেতা গৰাকীৰ ৷

গুৱাহাটী, 6 ডিচেম্বৰ : যি সময়ত অসম গণ পৰিষদত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক ভৱিষ্যৎ এক প্ৰকাৰ অনিশ্চিত হৈ উঠিছে ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনত অগপই তেওঁক প্ৰাৰ্থীত্ব নিদিবও পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে সেই সময়তেই অসমত আঞ্চলিক ৰাজনৈতিক দলক অধিক শক্তিশালী কৰি তুলিবলৈ ৰাইজক আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । দেওবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ মহন্তই দাবী কৰে যে, বিগত সময়ছোৱাত অসমৰ যি বিকাশ আৰু উন্নয়ন হৈছে সেয়া সম্ভৱ হৈছিল কেৱল ৰাজ্যত আঞ্চলিক দলৰ চৰকাৰ চলি থকাৰ সময়তহে । কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অসমৰ উন্নয়নত গুৰুত্ব নিদিয়ে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে ।

অসমৰ যি বিকাশ আৰু উন্নয়ন হৈছে সেয়া অগপৰ বাবে হৈছেঃ প্ৰফুল্ল কুমাৰ মহন্ত

লগতে পঢ়ক : দুৰ্নীতিৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো শোভা নাপায় : দুৰ্গা দাস বড়ো

সংবাদমেলত লক্ষ্যণীয় ভাৱে তেওঁ আৰু কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক খুবেই ভাল কিন্তু ৰাজনৈতিকভাৱে তেওঁ বিজেপিৰ বিৰোধ কৰি আহিছে । বিজেপিৰ লগত থাকি অসম গণ পৰিষদৰ আঞ্চলিকতাবাদ জীয়াই নাথাকিব বুলি উল্লেখ কৰি মহন্তই কয় যে,পানীত সদাই ডাঙৰ মাছে সৰু মাছ বিলাকক খাইহে জীয়াই থাকে । অগপৰো সেই একে দশাই হৈছে বুলি মন্তব্য প্ৰদান অগপৰ বৰ্ষীয়ান নেতা গৰাকীৰ ।

আনহাতে, ৰাজ্যত গঢ় লৈ উঠা কেইবাটাও নতুন আঞ্চলিক ৰাজনৈতিক দলক একত্ৰিত হ'বলৈ সংবাদমেলত আহ্বান জনাইছে ৷

লগতে পঢ়ক : বিধায়িকা আঙুৰলতাক অশালীন শব্দৰে সম্বোধন বিধায়ক কমল সিং নাৰ্জাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.