ETV Bharat / state

দুৰ্নীতিৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো শোভা নাপায় : দুৰ্গা দাস বড়ো

author img

By

Published : Dec 6, 2020, 1:29 PM IST

শনিবাৰে চিৰাঙৰ মানস ছেৰফাং সমষ্টিত অবড়ো সুৰক্ষা সমিতিৰ প্ৰৰ্থী জোন দাসৰ হৈ প্ৰচাৰ চলায় কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োই ৷ এই প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা গৰাকী ৷

As_Chirang_Congress_ joint meeting_vis_as10012
দুৰ্নীতিৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো শোভা নাপায়ঃদূৰ্গা দাস বড়ো

চিৰাং,6 ডিচেম্বৰ : 7 ডিচেম্বৰত বিটিচিত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ শনিবাৰে চিৰাঙৰ মানস ছেৰফাং সমষ্টিত অবড়ো সুৰক্ষা সমিতিৰ প্ৰৰ্থী জোন দাসৰ হৈ প্ৰচাৰ চলায় দুৰ্গা দাস বড়োই ৷ এই সভাত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতাগৰাকী ৷ তেখেতে কয় যে, বিটিচিৰ নিৰ্বাচনী প্ৰচাৰত আহি হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ কথা কৈছে আনহাতে হাগ্ৰামাই ওলোটাই হিমন্ত বিশ্বৰ শৰ্মাৰ দুৰ্নীতিৰ কথা কৈছে ৷ ডকাইতে চোৰক গালি পৰাৰ দৰে হৈছে ৷ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো শোভা নাপায় বুলি হিমন্তক কটাক্ষ কৰে দুৰ্গা দাস বড়োৱে ৷ বিটিচি নিৰ্বাচনত বিজেপি দুটা আসনতে সীমাৱদ্ধ থাকিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

দুৰ্নীতিৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো শোভা নাপায়ঃদূৰ্গা দাস বড়ো

আনহাতে, কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি কয়, আজমল ফাউণ্ডেচনৰ বাবে বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলো ধন ভাৰত চৰকাৰৰ বিত্ত আৰু গৃহ মন্ত্ৰণালয়ৰ জৰিয়তেহে আহে ৷ যদি আজমলে সন্ত্ৰাসবাদীৰ টকা লৈছে তেন্তে সেয়া ভাৰত চৰকাৰৰ গৃহ আৰু বিত্ত মন্ত্ৰণালয়ে হে দিছে ৷ ইয়াৰ বাবে আজমল ফাউণ্ডেচন দায়ী নহয় ৷ কেৱল নিৰ্বাচনৰ বাবেহে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে চৰকাৰে ষড়যন্ত্ৰ কৰা বুলি কয় দুৰ্গা দাস বড়োৱে ৷ আনহাতে, কংগ্ৰেছে কাৰো সৈতে নাথাকে বুলি মন্তব্য কৰি বিটিচি পৰিষদ গঠনত কংগ্ৰেছৰ সৈতে কোন কেইটা দল থাকিব সেইটোহে গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৱে ৷

লগতে পঢ়ক-সোমবাৰে বহু প্ৰতীক্ষিত বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্য়ায়ৰ ভোট গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.