ETV Bharat / state

AGP Leaders will Join Congress: পুনৰ বৃহৎ খহনীয়াৰ দিশে অগপ; কংগ্ৰেছত যোগদানৰ প্ৰস্তুতি চাৰি জ্যেষ্ঠ নেতাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 4:56 PM IST

Four senior AGP leaders will Join Congress
বৃহৎ খহনীয়াৰ দিশে অগপ

বৃহৎ খহনীয়াৰ দিশে অগপ। অগপৰ চাৰিগৰাকী শীৰ্ষস্থানীয় নেতাই ১১ অক্টোবৰত যোগদান কৰিব কংগ্ৰেছত। চৰ্চাত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, ডাঃ কমলা কলিতা আৰু উৎপল দত্তৰ নাম। নাম নকলেও যোগদানৰ নিশ্চয়তা প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছে।

কংগ্ৰেছত যোগদানৰ সম্ভাৱনা জ্যেষ্ঠ অগপ নেতাৰ

গুৱাহাটী,১ অক্টোবৰ: নিৰ্বাচনৰ দিন চমু চাপি আহিলে দল বাগৰাৰ ৰাজনীতি আৰম্ভ হোৱাটো নতুন কথা নহয় ৷ বিগত সময়ত অসমৰ ৰাজনীতিত তাৰ স্পষ্ট আভাস পোৱা গৈছে ৷ অৱশ্যে কেৱল নিৰ্বাচনেই নহয় সাধাৰণ সময়তো ৰাজনৈতিক ক্ষেত্রখনত দল সলনি কৰাৰ প্ৰক্ৰিয়া চলি থাকে ৷ বৰ্তমান লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত এই বিষয়টো বিশেষভাৱে চৰ্চিত হৈ পৰিছে ৷

বিশেষকৈ কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচীক লৈ ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা চলিছে ৷ প্ৰদেশ কংগ্ৰেছে সদৰী কৰা মতে ১১ অক্টোবৰ আৰু নৱেম্বৰৰ শেষৰ ফালে কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ একাংশ ৰাজনৈতিক নেতাই দলটোত যোগদান কৰিবৰ বাবে প্ৰস্তুতি চলাইছে আৰু এই লৈ বিভিন্ন ধৰণৰ আলোচনা অব্যাহত আছে ৷ বিশেষকৈ আঞ্চলিক দলৰ নেতাই যোগদান কৰাৰ বিষয়টো চৰ্চালৈ অহাৰ লগে লগে সকলোৰে দৃষ্টি নিক্ষেপ হৈছে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপৰ প্ৰতি ৷ ইতিমধ্যে অগপৰ চাৰিগৰাকীকৈ জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰাৰ বাবে প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে ৷

ৰাজনৈতিক মহলতো তেওঁলোকৰ নাম চৰ্চিত হৈছে ৷ লক্ষণীয় বিষয় যে ৰাষ্ট্ৰীয় দল বিজেপিৰে মিত্রতা কৰি অস্তিত্বহীন হৈ পৰা অগপত পুনৰ বৃহৎ খহনীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ উল্লেখ্য যে দুবাৰকৈ শাসনলৈ অহা অগপ দলটো আজি মিত্রতাৰ বান্ধোনত বান্ধ খাই বিজেপিৰ গ্ৰাসত সোমাই পৰিছে ৷ দলটোৰ কেইজনমান নেতাই নিজৰ স্বাৰ্থৰ বাবে দলটোক ব্যৱহাৰ কৰি অহাৰ পৰিপ্ৰেক্ষিতত বহু জ্যেষ্ঠ নেতা বৰ্তমান ক্ষোভিত হৈ পৰিছে ৷ দলটোৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা বহু নেতাই আজি দলটোত অস্তিত্বহীন হৈ পৰিছে ৷ যাৰ বাবে একাংশই কংগ্ৰেছ দললৈ যোৱাৰ বাবে মন মেলিছে ৷

প্ৰদেশ কংগ্ৰেছৰ এক বিশেষ সূত্রই জনোৱা মতে অগপৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, ডাঃ কমলা কলিতা আৰু উৎপল দত্তই কংগ্ৰেছত যোগদান কৰাৰ বাবে ইতিমধ্যে যোগাযোগ কৰিছে ৷ বৰ্তমান সময়ত অগপৰ এই চাৰিগৰাকী নেতাই কংগ্ৰেছত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷

ইফালে এই সন্দৰ্ভত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে অগপ আৰু বিজেপিৰ বহু ডাঙৰ নেতাই কংগ্ৰেছত যোগদান কৰিব ৷ অৱশ্যে তেওঁ কাৰো নাম উল্লেখ নকৰিলেও অগপৰ এই চাৰিগৰাকী জ্যেষ্ঠ নেতাই যে কংগ্ৰেছত যোগদান কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই কয় যে বহু নাম আহিছে যদিও আজি কাৰো নাম উল্লেখ নকৰো ৷ সাংবাদিকে উল্লেখ কৰা নামো থাকিব পাৰে বুলি তেওঁ লগতে কয় ৷ বিজেপিৰ প্ৰাক্তন সাংসদেও কংগ্ৰেছত যোগদান কৰিব বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছৰ পৰা আঁতৰি যোৱা বহু নেতা পুনৰ ঘূৰি আহিব ৷ টিকট দিয়াৰ কোনো চৰ্ত ৰাখি কোনো নেতাকে যোগদান কৰিবলৈ দিয়া নহ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷

লক্ষণীয় বিষয় যে অগপৰ চাৰিগৰাকী জ্যেষ্ঠ তথা শীৰ্ষস্থানীয় নেতা ক্ৰমে কুমাৰ দীপক দাস, ডাঃ কমলা কলিতা, সত্যব্ৰত কলিতা আৰু উৎপল দত্তই কংগ্ৰেছত যোগদান কৰিলে অগপ দলত ব্যাপক প্ৰভাৱ পৰাটো নিশ্চিত ৷

লগতে পঢ়ক : Ripun Bora vs Bhabesh Kalita: ৰিপুন বৰাক পঢ়া শুনা কৰিবলৈ আহ্বান বিজেপি সভাপতি ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.