Ripun Bora vs Bhabesh Kalita: ৰিপুন বৰাক পঢ়া শুনা কৰিবলৈ আহ্বান বিজেপি সভাপতি ভৱেশ কলিতাৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 3:59 PM IST

Updated : Oct 1, 2023, 4:04 PM IST

thumbnail

ৰঙিয়া,1 অক্টোবৰ: ৰিপুন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে এইবাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ অসমত বৰ্তমান মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অকলে চৰকাৰ চলাই আছে । গতিকে বিজেপি দলৰ সভাপতি হলেও ভৱেশ কলিতাই চৰকাৰৰ লগতে দলটোৰ বিষয়ে ভালদৰে অৱগত নহয় বুলি শনিবাৰে মন্তব্য কৰিছিল তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই ৷ সেই মন্তব্যক ওভতি ধৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷

‘‘ৰিপুন বৰাই নাজানে দল কি বস্তু, চৰকাৰ কি বস্তু । মোৰ সন্দেহ আছে ৰিপুন বৰাৰ ওপৰত । ৰিপুন বৰাই আগতে ভালদৰে পঢ়া শুনা কৰক ৷ তাৰ পিচত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিব,’’ এই দৰে ৰিপুনলৈ বাক্যবাণ নিক্ষেপ কৰিলে ভৱেশ কলিতাই ৷ 

‘অমৃত কলহ যাত্ৰা’ত ৰাজকোষৰ ধনৰ অপব‍্যৱহাৰ হোৱা নাই বুলি ভৱেশ কলিতাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে ৰঙিয়াত শনিবাৰে ভৱেশ কলিতাৰ কথাৰ কোনো গুৰুত্ব নাই বুলি মন্তব্য কৰিছিল তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

লগতে পঢ়ক:Ripun Bora: হিমন্ত বিশ্ব শৰ্মাই অকলেই চৰকাৰ চলাই আছে; ৰিপুণ বৰা

Last Updated : Oct 1, 2023, 4:04 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.