ETV Bharat / state

CNG bus in Guwahati: মহানগৰীত ১০০ খন CNG চালিত বাছ সেৱা মুকলি

author img

By

Published : Jan 1, 2023, 9:48 PM IST

দেওবাৰে গুৱাহাটী মহানগৰীত মুকলি কৰা হ’ল ১০০ খন CNG চালিত বাছ সেৱা (CNG bus in Guwahati) ৷ মহানগৰবাসীৰ বাবে এই বাছ সেৱা মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই (Assam CM Inaugurated CNG Filling Bus in Guwahati)৷

CNG bus in Guwahati
নৱবৰ্ষৰ প্ৰথমটো দিনটোতেই গুৱাহাটীবাসীক মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ

নৱবৰ্ষৰ প্ৰথমটো দিনটোতেই গুৱাহাটীবাসীক মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ

গুৱাহাটী, ১ জানুৱাৰী : অপেক্ষাৰ অন্ত পৰিল ৷ নৱবৰ্ষৰ প্ৰথমটো দিনটোতেই গুৱাহাটীবাসীক মুখ্যমন্ত্ৰীয়ে দিলে এক বিশেষ উপহাৰ । মুকলি কৰা হ’ল ১০০ খন CNG (Compressed Natural Gas) চালিত বাছ সেৱা । এতিয়াৰে পৰা গুৱাহাটীৰ ৰাজপথত চলিব এই গেছ চালিত বাছসমূহ (CNG bus in Guwahati)৷

বায়ু আৰু শব্দ প্ৰদূষণ ৰোধৰ অংশ হিচাপে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে অসম ৰাজ্যিক পৰিবহণ নিগমক উপহাৰ দিয়ে এই CNG চালিত বাছসমূহ ৷ আজি অৰ্থাৎ নৱবৰ্ষৰ প্ৰথম দিনটোতে CNG চালিত ১০০ খন নতুন মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই (Assam CM Inaugurated CNG Filling Bus in Guwahati) ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ISBT ত এই বাছসমূহৰ বাবে এটা CNG ষ্টেচনো মুকলি কৰে (Assam CM Inaugurated CNG Filling Station in Guwahati) ।

এই CNG চালিত বাছসমূহ মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘এই বাছসমূহ যথেষ্ট উন্নতমানৰ । মই উঠি অহা গাড়ীখন আৰু এই বাছসমূহৰ মাজত মই একো পাৰ্থক্য দেখা নাই । এই বছৰৰ ভিতৰত আন ২০০ খন ইলেক্ট্ৰিক বাছ অসমলৈ অনা হ’ব’’ ৷

লগতে অসম ৰাজ্যিক পৰিবহণ নিগমক উদ্দেশ্যে কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘এই বাছসমূহ স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত অসম ৰাজ্যিক পৰিবহণ নিগমক বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে । এইটো পৰিবহণ বিভাগক শেষ সুযোগ দিয়া হৈছে ৷ নিজকে পৰিৱৰ্তন কৰক’’ । আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক পৰিবহণ নিগমক লাভজনক বিভাগ হিচাবে গঢ়িবলৈ আহ্বান জনায় । আগন্তুক মাৰ্চৰ ভিতৰত আন পাঁচটা CNG ষ্টেচন স্থাপন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ।

ইয়াৰ উপৰিও গুৱাহাটীৰ ভিতৰত চলাচল কৰাৰ লগতে মৰিগাঁও আৰু জাগীৰোডলৈ যোৱা গাড়ীসমূহ লাহে লাহে CNG কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে পূৰ্ব ভাৰতী গেছে ইণ্ডিয়ান অইলৰ সহযোগত প্ৰথমটো CNG ষ্টেচন আৰম্ভ কৰিছে । অনাগত দিনত সকলো বাহন CNG লৈ ৰূপান্তৰিত কৰি চলোৱা হ’ব ৷ যাৰ বাবে ৰাজ্যৰ অন্য বহুকেইটা স্থানত CNG ষ্টেচনৰ কাম চলি আছে । এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

দেওবাৰে CNG চালিত বাছ সেৱা মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে আন ভালেমান লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : CM Interact with Journalists: বছৰৰ প্ৰথম দিনটোত সাংবাদিকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.