ETV Bharat / state

CM Interact with Journalists: বছৰৰ প্ৰথম দিনটোত সাংবাদিকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jan 1, 2023, 6:41 PM IST

CM Interact with Journalists
সাংবাদিকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ; আলফা স্বাধীন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য

পহিলা জানুৱাৰীৰ দিনটোত গুৱাহাটীত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে ৷ সাংবাদিকৰে মত বিনিময় অনুষ্ঠানত আলফা স্বাধীনৰ সৈতে আলোচনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ বাহিৰে কথা নাপাতে আৰু মই সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ শপত লৈছোঁ বুলি অতি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

সাংবাদিকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ; আলফা(স্বাঃ) সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য

গুৱাহাটী,১ জানুৱাৰীঃ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মত বিনিময় কৰে সাংবাদিকসকলৰ সৈতে(CM Interact with Journalists) । গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰীৰে 'নতুন দিনৰ আলাপ' অনুষ্ঠানৰ যোগেদি সংবাদমাধ্যমক সম্বোধন কৰে । সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে(CM Himanta Biswa Sarma) বিগত বৰ্ষটোত চৰকাৰে কৰা কামৰ খতিয়ান দাঙি ধৰাৰ লগতে নতুন বছৰৰ কৰ্ম পৰিকল্পনাৰ বিষয়ে সদৰী কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বিগত বৰ্ষত ৭২ খন কেবিনেট অনুষ্ঠিত হৈছিল আৰু ৯৬৬ টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ইয়াৰে ৮৬.৩ শতাংশ কেবিনেট সিদ্ধান্ত ৰূপায়ণ কৰা হৈছে ।’’ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে । মাটিৰ কিনা-বেচা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, ‘‘মাটিৰ নামজাৰিকৰণৰ বাবে কাৰ্যালয়লৈ যাব নালাগে ।’’ চৰকাৰখন শুব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘আমি চৰকাৰখনক ৰাইজৰ দুৱাৰদলিলৈ লৈ যাব বিচাৰোঁ ।’’(CM on Cabinet decision)

অনলাইন ব্যৱস্থাৰ প্ৰসংগত তেওঁ কয়, ‘‘এতিয়া মানুহে মানুহে ঘৰতে বহি বহি লাভ কৰিছে বাণিজ্যিক অনুজ্ঞাপত্ৰ, জাতিগত প্ৰমাণপত্ৰকে আদি কৰি আন বহু সেৱাৰ সুবিধা । এতিয়া নিশা ৩ বজাতো ড্ৰাইভিং লাইচেঞ্চ, কাষ্ট চাৰ্টিফিকেট, ট্ৰেড লাইচেঞ্চ আদিৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব । নিজৰ সুবিধা মতে যেতিয়া মন যায় তেতিয়াই সেৱাৰ সুবিধা ল'ব পাৰে ।’’

অসমৰ বন্যপ্ৰাণী বাহিৰলৈ স্থানান্তৰ(Shifting animal from Assam State Zoo) কৰা সন্দৰ্ভত তেওঁ কয়, ‘‘অসমৰ গঁড় বহিঃৰাজ্যলৈ স্থানান্তৰ হোৱা মানে অসমৰ সুৱাস চাৰিওফালে বিয়পি পৰা । অসমৰ গঁড় অসমতে প্ৰজনন হ'ব লাগিব এইটো এটা আৱেগ । এই চিন্তাবিলাক আমি এৰিব লাগিব ৷’’ লগতে অসমৰ দুটা বন্যপ্ৰাণী যদি বাহিৰলৈ যায় বিনিময়ত অসমেও বহুত পাব বুলিও সদৰী কৰে । প্ৰসংগক্ৰমে তেওঁ কয় যে, বিগত বৰ্ষত এটাও গঁড় হত্যা হোৱা নাই ।

আনহাতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে সফলতা লাভ কৰা বুলি সদৰী কৰি তেওঁ কয় যে এইবাৰ ৩১ ডিচেম্বৰৰ নিশা দুৰ্ঘটনাৰ লগতে মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে(Assam govt accident preventive measures) । দুৰ্ঘটনাত পাঁচ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ আগৰ বছৰটোত মৃত্যুৰ সংখ্যা আছিল ১৫ জন । এইবাৰ কাছাৰত ৩ জন, গোলাঘাট, তিনিচুকীয়া আৰু ধেমাজিত এজনকৈ ব্যক্তিৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে(Road accident in Assam) । আগন্তুক ২-৩ বছৰত এই সংখ্যা শূণ্যলৈ হ্ৰাস কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ মত প্ৰকাশ কৰে ।

সেইদৰে আলফা-চৰকাৰৰ আলোচনাৰ প্ৰসংগত তেওঁ কয়-(CM on ULFA I), ‘‘পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ(ULFA demand on sovereignty) বাহিৰে কথা নাপাতে আৰু মই সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ শপত লৈছোঁ । এয়াতো সমাধান নোহোৱা বিষয় । ৰাইজে পৰেশ বৰুৱাক ক'ব লাগিব যে সাৰ্বভৌমত্ব এৰিব লাগে, ৰাইজে ক'ব লাগিব যে সাৰ্বভৌমত্ব বিষয়টো এৰি দিলে তেওঁক বিশ্বাসঘাতক বুলি ৰাইজে গণ্য নকৰিব । তেতিয়া কিবা এটা ভাবিব পৰা যাব ৷"

পৰেশ বৰুৱাৰ(Paresh Baruah) সৈতে যিকোনো সময়ত কথা পতাৰ ক্ষেত্ৰত চৰকাৰৰ পথ খোলা আছে (Peace talk with ULFA I) বুলি প্ৰকাশ কৰি বৰুৱাৰ সৈতে হোৱা কথোপকথন সৌহাদ্যপূৰ্ণভাৱে চলি থকা বুলি সংবাদমাধ্যমৰ আগত সদৰr কৰে । ইয়াৰ এক যোগাত্মক প্ৰভাৱো সমাজত পৰিছে বুলি দাবী কৰি বিগত দুবছৰত বিশেষ একো কূটাঘাতমূলক কাৰ্য অসমত হোৱা নাই বুলি উল্লেখ কৰে ৷ কিন্তু সাৰ্বভৌমত্বৰ দিশত পৰেশ বৰুৱা অটল হৈ থকাৰ বাবে এটা মীমাংসাৰ পৰ্যায়ত কোনেও আহিব পৰা নাই । যি কথা সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ আনহাতে তেওঁ শপতগ্ৰহণত ভাৰতৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ শপত খাইছে বাবে এই দিশত আপোচ কৰিব নোৱাৰে বুলি সদৰী কৰে(sovereignty would not be compromised)। এইক্ষেত্ৰত ৰাইজৰ ডাঙৰ ভূমিকা থাকিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীগৰাকীয়ে দল-সংগঠনক কেনেকৈ আন্দোলন কৰিব লাগে সেই কথা বুজাই দি উজনি অসমৰ মানুহ আৰু দল-সংগঠনে ৰাজ্য চৰকাৰক কেনেকৈ ১২০০ কোটি টকা উপহাৰ দিলে সেই কথা ব্যক্ত কৰে । আনহাতে তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু জনসংখ্যা বিস্ফোৰণ সন্দৰ্ভতো বক্তব্য আগবঢ়ায় । অনুষ্ঠানত আন বহুতো বিষয়ৰ ওপৰতো আলোকপাত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Assam land encroached by neighbouring states: চাৰিখন ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫০ হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.