ETV Bharat / state

Water Supply Project: জাইকাৰ পানী যোগান প্ৰকল্পৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Dec 21, 2022, 9:09 PM IST

Assam CM Himanta Biswa Sarma inaugurated water supply project in Guwahati
খাৰঘুলিত জাইকা সমৰ্থিত পানী যোগান প্ৰকল্প শুভাৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই

"যদি টাৰ্গেট কৰিছো কৰিছো, মাটি দখল কৰা মানুহক উচ্ছেদ কৰি কি ভুল কৰিছো ? যদি মাটি নাই তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰক । ভোট বেংকৰ ৰাজনীতিয়ে নহয়, বটদ্ৰৱাত জোঁৱাই ৰাজনীতিও চলি আছে, ছোৱালী বিয়া দিলে জোঁৱাইকো মাটি দি দিয়ে ।" আজি খাৰঘুলিত জল শোধন প্ৰকল্পৰ চৌহদত আয়োজিত এক অনুষ্ঠানত আংশিকভাৱে জাইকা সমৰ্থিত এটা পানী যোগান (Water Supply Project)প্ৰকল্পৰ শুভাৰম্ভ কৰি এইদৰে সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

খাৰঘুলিত জাইকা সমৰ্থিত পানী যোগান প্ৰকল্প শুভাৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী, ২১ ডিচেম্বৰ: খাৰঘুলিত জল শোধন প্ৰকল্পৰ চৌহদত আয়োজিত এক অনুষ্ঠানত বুধবাৰে আংশিকভাৱে জাইকা সমৰ্থিত এটা পানী যোগান প্ৰকল্পৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Water Supply Project)। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শুভাৰম্ভ কৰি কয় যে চহৰখনৰ এক বৃহৎ অংশৰ ১৩,০০০ পৰিয়ালক পানী যোগান ধৰাৰ সামৰ্থ্য থকা এই প্ৰকল্পই সুৰক্ষিত আৰু বিশুদ্ধ খোৱাপানী যোগানেৰে গুৱাহাটীবাসীৰ সমস্যা হ্ৰাস কৰাত যথেষ্ট সহায় কৰিব । এই প্ৰকল্পৰ বাকী অংশ আৰু অন্যান্য পানী যোগান প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব (JICA Guwahati water supply project)।

তেওঁ লগতে কয় যে আংশিকভাৱে আজিৰে পৰা আৰম্ভ হ’ল জাইকা পানী যোগানৰ কাম । জাইকা প্ৰকল্পৰ বাবে ৰামচা হিল আৰু অমিয় নগৰত দুটা জল ভাণ্ডাৰ আছে । আজিৰে পৰা গুৱাহাটীৰ ১৪ টা অঞ্চলৰ ১৩ হাজাৰ ঘৰলৈ ২৪ ঘন্টাই পানী দিয়া হ’ব (JICA Assisted Guwahati Water Supply Project)। এই প্ৰকল্পৰ জৰিয়তে দৈনিক ৬০ মিলিয়ন লিটাৰ পানী যোগান ধৰা হ’ব । ২০২৪ ৰ মাৰ্চৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ কৰা হ’ব । এই প্ৰকল্পৰ অধীনত ১ লাখ লোকক পানী দিয়াৰ টাৰ্গেট লোৱা হৈছে ।

মুখ্যমন্ত্ৰীয়ে (Assam CM Himanta Biswa Sarma) লগতে কয় যে জাইকাৰ পিছত লক্ষ্য হ’ব শদিলাপুৰত থকা পশ্চিম গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰা ৷ ২০২৫ চনৰ ভিতৰত পাণ্ডু,মালিগাঁও,ভৰলু আদি অঞ্চলত পানী দিবলৈ সক্ষম হ’ব । আনহাতে জাইকাই প্ৰায় তিনি হাজাৰ কোটি টকা প্ৰদান কৰিব । ইয়াৰ জৰিয়তে প্ৰতিখন জিলাত চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ কাম কৰা হ’ব (Super Specialty Hospital) ।

ইপিনে মুছলমানক উচ্ছেদৰ নামত টাৰ্গেট কৰিছে বুলি সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদি টাৰ্গেট কৰিছো কৰিছো, মাটি দখল কৰা মানুহক উচ্ছেদ কৰি কি ভুল কৰিছো ? যদি মাটি নাই তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰক (Eviction drive at Batadrava)। ভোট বেংকৰ ৰাজনীতিয়ে নহয় বটদ্ৰৱাত জোঁৱাই ৰাজনীতিও চলি আছে, ছোৱালী বিয়া দিলে জোঁৱাইকো মাটি দি দিয়ে বুলি গুৰুতৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে (Himanta Biswa Sarma React on Eviction) ।

আনহাতে নামনি অসম আৰু মধ্য অসমত জনসংখ্যা নিয়ন্ত্ৰণ নকৰিলে মাটিৰ সমস্যাটো ডাঙৰ সমস্যা হ’ব বুলি সকীয়াই দিয়ে হিমন্ত বিশ্ব শৰ্মাই । লগতে ক’ভিড সম্পৰ্কে তেওঁ কয় যে চীনৰ ভেকচিন দুৰ্বল আছিল ৷ সেয়ে তাত ক’ভিডৰ আকৌ আতংক হৈছে (Assam CM React on Covid 19) । ভাৰতৰ ভেকচিন চীনতকৈ উন্নত ৷ আমি ভয় খোৱাৰ কাৰণ নাই । অসমত এতিয়ালৈ ক’ভিডৰ একো কেচ নাই গতিকে নীতি-নিয়মৰ কথা অহা নাই বুলি মন্তব্য কৰে ।

আজিৰ অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উপদেষ্টা (জাপান) অশোক চাওলা, ভাৰতত জাপানৰ দূতাবাস মিছনৰ মন্ত্ৰী আৰু উপ-প্ৰধান কুনিহিকো কাৱাজু, জাইকা-ভাৰত কাৰ্যালয়ৰ মুখ্য প্ৰতিনিধি মিৎছুনোৰি ছাইটো, অসম চৰকাৰৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ (মেট্ৰ') ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকে ।

লগতে পঢ়ক: Eviction drive at Batadrava: বটদ্ৰৱাৰ উচ্ছেদিত পৰিয়ালৰ কাষত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ সঁজাতী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.