ETV Bharat / state

ৰঞ্জন গগৈলৈ অসম বৈভৱ সন্মান, ৪ গৰাকীলৈ অসম সৌৰভ, ১৭ গৰাকীলৈ অসম গৌৰৱ বঁটা

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 7:56 PM IST

State Highest Civilian Awards : ৰঞ্জন গগৈলৈ অসম বৈভৱ বঁটা লগতে ৪ গৰাকীলৈ অসম সৌৰভ আৰু ১৭ গৰাকীলৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে ৷ এই কথা সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

State Highest Civilian Awards
৪ গৰাকীলৈ অসম সৌৰভ আৰু ১৭ গৰাকীলৈ অসম গৌৰৱ বঁটা

৪ গৰাকীলৈ অসম সৌৰভ আৰু ১৭ গৰাকীলৈ অসম গৌৰৱ বঁটা

গুৱাহাটী, ১৬ জানুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা । এই বঁটাৰ বাবে গঠন কৰা বিশেষ কেবিনেট কমিটীৰ সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ আগবঢ়োৱা হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক । দিছপুৰ লোকসেৱা ভৱনত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলযোগে এই বঁটাসমূহ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ড৹ শৰ্মাই উল্লেখ কৰা অনুসৰি, অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে এলভিছ আলী হাজৰিকা, কিষাণ চান্দ নদীয়াল , হিমা দাস আৰু নাদিয়াল দেউৰীক । ইপিনে অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে বিহুৱা ৰঞ্জিত গগৈ, হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, ছাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, ওজাপালি বিশেষজ্ঞ দ্ৰোণ ভূঞা, জৈৱিক কৃষি বিশেষজ্ঞ নীলম দত্তক ৷

লগতে এই বঁটা উদ্যোগী অনুপম ডেকা, প্ৰকৃতিবিদ সৌমদ্বীপ দত্ত, কৃষক বসন্ত ফুকন, বাঁহ উদ্যোগৰ বাবে মানেন্দ্ৰ ডেকা, আশাকৰ্মী মিনাক্ষী চেতীয়া, পখিলা লেকথেপি, ট্টেনজিং বদোচা, নিৰ্মল দে, জেমছিন কুমবাংপাও, মেৰি হাচা, উপেন্দ্ৰ ৰাভা আৰু ৰাহুল গুপ্তাকো আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

এই সংবাদমেলতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অহা ১০ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই এই বঁটা প্ৰদান কৰিব । উক্ত অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ।

উল্লেখ্য যে, অসম বৈভৱ বঁটা ৫ লাখ টকা, অসম সৌৰভ বঁটা ৪ লাখ টকা আৰু অসম গৌৰৱ বঁটাৰ বাবে ৩ লাখ টকা বঁটা প্ৰাপকসকলক আগবঢ়োৱা হ'ব ।

লগতে পঢ়ক : পহিলা মাঘত গোনা ম'হৰ যুঁজত কঁপিব আঁহতগুৰি পথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.