ETV Bharat / state

Pabitra Margherita: বাগানে বাগানে যি ৰাস্তাত ভূপেন বৰাই চাইকেল চলাইছে সেই ৰাস্তা বিজেপিৰ দিনত হৈছে; কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 6:35 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পুনৰ আক্ৰমণ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ কংগ্ৰেছৰ দিনত বাগিচা অঞ্চলৰ কোনো উন্নয়ন হোৱা নাছিল বুলি উল্লেখ কৰি বিজেপিৰ দিনত যথেষ্ট উন্নয়ন হোৱা বুলি মন্তব্য মাৰ্ঘেৰিটাৰ ৷

Pabitra Margherita
Pabitra Margherita

যি ৰাস্তাত ভূপেন বৰাই চাইকেল চলাইছে সেই ৰাস্তা বিজেপিৰ দিনত হৈছে

গুৱাহাটী, ৭ চেপ্টেম্বৰ: ‘‘বিৰোধীয়ে কেৱল বিৰোধিতাই কৰে । ভূপেন বৰাই বাগানৰ মানুহৰ ওচৰত ক্ষমা খুজিব লাগে,’’ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ বৃহস্পতিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছ সভাপতি ভূপেন বৰাক পুনৰ সমালোচনাৰ লক্ষ্য কৰি লয় পবিত্ৰ মাৰ্ঘেৰিটাই ৷

সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছ এতিয়া দোধোৰ-মোধোৰ অৱস্থাত আছে ৷ তেওঁলোকে নিজেই নাজানে আগন্তুক লোকসভা নিৰ্বাচনত কিমানখন আসন পোৱাৰ লক্ষ্য । কেতিয়াবা ৮ খন কয়, কেতিয়াবা ১০ খন আসন পোৱাৰ কথা কয় ।’’

আনহাতে বাগানে বাগানে কংগ্ৰেছ দলে ভ্ৰমণ কৰাক লৈ কয় যে বাগানত কংগ্ৰেছৰ দিনত একো উন্নয়ন হোৱা নাছিল । যি ৰাস্তাত ভূপেন বৰাই চাইকেল চলাইছে সেই ৰাস্তা বিজেপিৰ দিনত হৈছে । বাগানত বিজেপিৰ দিনত পানী, বিজুলী সকলো পাইছে । কংগ্ৰেছক বুজি পালে বাগানৰ লোকে । মুখ্যমন্ত্ৰীৰ পদক্ষেপত বাগানসমূহৰ যথেষ্ট উন্নয়ন হোৱা বুলিও দাবী কৰে মাৰ্ঘেৰিটাই ৷

লগতে বৰ্তমান I.N.D.I.A আৰু ‘ভাৰত’ক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভতো মন্তব্য আগবঢ়াই পবিত্ৰই কয় যে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন সন্দৰ্ভত উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে । এই সন্দৰ্ভত আলোচনা কৰি মতামত আগবঢ়াব । বিৰোধীয়ে ইমান হৈ-চৈ কৰি লাভ নাই ।

আনহাতে ৰাজ্যত বিদ্যুতৰ লুকা-ভাকু আৰু বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰা প্ৰসংগত কয় যে বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে হয় । সেই কথাখিনি কালি মুখ্যমন্ত্ৰীয়ে কৈছেই, মই আৰু বিশেষকৈ কোৱাৰ প্ৰয়োজন নাই । অখিল গগৈয়ে লাইমলাইটত থাকিবলৈ বিৰোধিতা কৰি আছে ।

লগতে পঢ়ক: Assam Electricity Crisis: উৎকট গৰমৰ মাজতে পুনৰ ৰাম টাঙোন মুখ্যমন্ত্ৰীৰ; বিদ্যুতৰ দাম বৃদ্ধিৰ যো-জাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.