ETV Bharat / state

Assam Electricity Crisis: উৎকট গৰমৰ মাজতে পুনৰ ৰাম টাঙোন মুখ্যমন্ত্ৰীৰ; বিদ্যুতৰ দাম বৃদ্ধিৰ যো-জাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:54 PM IST

Assam Electricity Crisis
Assam Electricity Crisis

অসমত বিদ্যুতৰ ব্যাপক নাটনি হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া অকপট স্বীকাৰুক্তিৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ বিদ্যুৎ উৎপাদন কৰাৰ ক্ষেত্ৰত অসম কোনো নিজা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে চৰকাৰক সমালোচনা বিভিন্ন জনৰ ৷

উৎকট গৰমৰ মাজতে পুনৰ ৰাম টাঙোন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 7 ছেপ্টেম্বৰ: উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি বৃদ্ধই পাইছে লোডশ্বেডিং ৷ কাৰণ ৰাজ্যত এতিয়া বিদ্যুতৰ ব্যাপক নাটনি ৷ যি কথা খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ ৷ লোডশ্বেডিঙক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কোনো স্থানতে আধাঘণ্টাতকৈ অধিক সময় লোডশ্বেডিং হোৱা নাই বুলি মন্তব্য কৰিছিল ৷ লগতে কৈছিল যে বিদ্যুতৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ হাতত আলাদিনৰ চাকি নাই ৷

সঘনাই বিদ্যুৎ কৰ্তন, বিদ্যুতৰ মাচুলৰ দ্ৰুত বৃদ্ধিক লৈ সৰ্বসাধৰণ ৰাইজ অতিষ্ঠ হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যৰ পাছত এতিয়া সকলো জাঙুৰ খায় উঠিছে ৷ সাধাৰণ ৰাইজৰ লগতে বিৰোধীয়েও চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷

উল্লেখ্য যে বিদ্যুতৰ যোগান নিয়মীয়া হ’বলৈ হ’লে বিদ্যুতৰ মাচুল পুনৰ বৃদ্ধি কৰিব লাগিব বুলিও মন্তব্য কৰিছিল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে বিদ্যুৎ ঘাটিৰ জোৰা‌ মাৰিবলৈ পুনৰ‌ বিদ্যুৎ মাচুল বৃদ্ধিৰ গত্যন্তৰ নাই ৷ অৱশ্যে এই ক্ষেত্ৰত সম্পূৰ্ণ মৌনতা অৱলন্বন কৰিছে শক্তিমন্ত্ৰীয়ে ৷

লোডশ্বেডিং আৰু মাচুল বৃদ্ধি সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত বিভিন্ন জনে প্ৰকাশ কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া ৷ আসাম ষ্টেট ইলেকট্ৰিচিটি চাফ্লাই ৱাকাৰ্চ ইউনিয়ন সভাপতি মুকুট মনি দাসে কয় যে অসমৰ নিজৰ উৎপাদ কম হোৱাৰ বাবেই বিদ্যুৎ ঘাটি পুৰাবলৈ বাহিৰৰ পৰা ক্ৰয় কৰিব লগা হৈছে আৰু সাধাৰণ জনতাই অত্যাধিক দাম দিব লগা হৈছে ৷ অসমৰ উৎপাদন ক্ষমতা 150-200 মেগাৱট ৷ এতিয়াও সেই পৰিমাণো উৎপাদন ব্যায় হ্ৰাস কৰাৰ বাবে কম কৰা হৈছে ৷ এখন ৰাজ্যৰ নিজা উৎপাদ নাথাকিলে বিদ্যুৎ কম দামত দিয়াটো অসম্ভৱ বুলিও তেওঁ মন্তব্য কৰে ৷

আসাম ষ্টেট ইলেকট্ৰিচিটি চাফ্লাই ৱাকাৰ্চ ইউনিয়নৰ কোষাধ্যক্ষ কুমুদ শৰ্মাইয়ো অসমৰ নিজা উৎপাদন হ্ৰাস কৰাৰ বাবেই বিদ্যুতৰ অধিক নাটনি হোৱাৰ কথা উল্লেখ কৰে ৷ বাহিৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ দীৰ্ঘম্যাদী চুক্তি নাই ৷ গতিকে পিক আৱাৰত বিদ্যুৎ ক্ৰয় কৰিলে অধিক দামত ক্ৰয় কৰিব লগা হয় ৷ বিদ্যুতৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: CM on Electricity: ২৪ ঘণ্টাই বিদ্যুৎ লাভৰ বাবে ভৰিব লাগিব অধিক ধন; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.