ETV Bharat / state

ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ পৰা অসমে লাভ কৰিলে তিনিটাকৈ বঁ‌টা

author img

By

Published : Nov 19, 2021, 10:51 PM IST

পুৰস্কাৰসমূহ বিশ্ব মীন দিৱস উপলক্ষে উৰিষ্যাৰ ভুৱনেশ্বৰস্থিত উৰিষ্যা সচিবালয়ৰ কনভেনচন কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব । অনুপ কুমাৰ শৰ্মালৈ পাহাৰীয়া আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন পালকৰ বঁ‌টা । কলং-কপিলী সমবায় সমিতি লিমিটেডলৈ শ্ৰেষ্ঠ মীন সমবায় সমিতিৰ বঁটা । বঙাইগাঁওঁ জিলালৈ শ্ৰেষ্ঠ জিলাৰ সন্মান ।

National Fisheries Development Board
ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ পৰা অসমে লাভ কৰিলে তিনিটাকৈ বঁ‌টা

গুৱাহাটী, ১৯ নৱেম্বৰ : অসমৰ মীন বিভাগে হাইদৰাবাদত অৱস্থিত ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ পৰা তিনিটাকৈ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে । অনুপ কুমাৰ শৰ্মাই পাহাৰীয়া আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন পালকৰ বঁ‌টা লাভ কৰিছে । এই বঁ‌টাত আছে এখন মানপত্ৰ, শ্বল,স্মাৰকৰ লগতে দুই লাখ টকাৰ আৰ্থিক পুৰস্কাৰ ।

আনহাতে, কামৰূপ মহানগৰ জিলাৰ কলং-কপিলী সমবায় সমিতি লিমিটেডে শ্ৰেষ্ঠ মীন সমবায় সমিতিৰ বঁটা লাভ কৰিছে । এই বঁ‌টাত আছে এখন মানপত্ৰ, এখন শ্বল, এটা স্মাৰকৰ লগতে দুই লাখ টকাৰ আৰ্থিক পুৰস্কাৰ । সেইদৰে পাহাৰীয়া আৰু উত্তৰ-পূৱৰ জিলাসমূহৰ ভিতৰত বঙাইগাঁও জিলাই শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰিছে ।

National Fisheries Development Board
ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ পৰা অসমে লাভ কৰিলে তিনিটাকৈ বঁ‌টা

ইয়াৰ বাবে এখন মানপত্ৰ, এখন শ্বল, এক স্মাৰক আৰু তিনি লাখ টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰিব ।

এই পুৰস্কাৰসমূহ বিশ্ব মীন দিৱস উপলক্ষে উৰিষ্যাৰ ভুৱনেশ্বৰত অৱস্থিত উৰিষ্যা সচিবালয়ৰ কনভেনচন কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব । মৎস্যপালন, পশুপালন আৰু ডেয়ৰীৰ কেন্দ্ৰীয় মন্ত্ৰী পুৰষোত্তম ৰূপালা; মৎস্যপালন, পশুপালন আৰু ডেয়ৰীৰ ৰাজ্যিক মন্ত্ৰী ড৹ এল মুৰুগান আৰু মীন বিভাগৰ সচিব ড৹ সঞ্জীব কুমাৰ বাল্যন, যতীন্দ্ৰ নাথ স্বেইন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

ইতিমধ্যে অসম চৰকাৰৰ মীন,পৰিৱেশ আৰু বন, আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বঁ‌টা বিজেতাসকল আৰু বঙাইগাঁ‌ও জিলাৰ মীন বিষয়াসকলক ৰাজ্যলৈ এই সন্মান কঢ়িয়াই অনা বাবে অভিনন্দন জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : Indira Gandhi death anniversary: ৰাজীৱ ভৱনত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.