ETV Bharat / state

বাতিল হ’ল নেকি বিধানসভাৰ শীতকালীন অধিবেশন ?

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:07 PM IST

Assam Assembly winter session 2023
বাতিল হ’ল নেকি বিধানসভাৰ শীতকালীন অধিবেশন ?

সংসদীয় পৰম্পৰা অনুসৰি ভাৰতবর্ষৰ প্রতিখন ৰাজ্যতে প্রতিবছৰে তিনিবাৰকৈ অধিবেশন অনুষ্ঠিত কৰা হয় । কিন্তু এইবাৰৰ শীতকালীন অধিবেশনখন পতাৰ কোনো উমঘাম নাই ৰাজ্য চৰকাৰৰ । এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ।

গুৱাহাটী, ২৯ নৱেম্বৰ : অসম বিধানসভাৰ শীতকালীন অধিবেশন হ’বনে নহয় ? নে বাতিল কৰা হৈছে নেকি বিধানসভাৰ শীতকালীন অধিবেশন ? এইবাৰ অসম বিধানসভাৰ শীতকালীন অধিবেশন এতিয়ালৈ অনুষ্ঠিত নকৰাক লৈ অনিশ্চয়তাই দেখা দিছে ৷ তাৰ বিপৰীতে অহা ফেব্ৰুৱাৰী মাহতহে বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছে ৰাজ্য চৰকাৰে । বাতিল হ’ল নেকি বিধানসভাৰ ২০২৩ বৰ্ষৰ শীতকালীন অধিবেশনখন ? এই প্ৰশ্ন উত্থাপন হোৱাৰ মূল কাৰণ হ’ল— এতিয়ালৈকে প্ৰকাশ নহ’ল শীতকালীন অধিবেশনৰ জাননী ৷

ইতিপূৰ্বে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এইবাৰ শীতকালীন অধিবেশনখন কোকৰাঝাৰত অনুষ্ঠিত হ’ব ৷ তাৰ বাবে যাৱতীয় প্ৰাৰম্ভিক প্ৰস্তুতিও চলোৱা হৈছিল ৷ অসম বিধানসভা সচিবালয়ৰ তৰফৰ পৰা ৰাজ্য চৰকাৰলৈ এই শীতকালীন অধিবেশনখনৰ দিন-তাৰিখ নিৰ্ধাৰণ কৰিবলৈ পত্ৰও প্ৰেৰণ কৰিছিল ৷ কিন্তু ৰাজ্য চৰকাৰে বিধানসভা সচিবালয়ৰ কোকৰাঝাৰত হ’বলগীয়া অধিবেশনৰ প্ৰস্তাৱৰ সন্মতি নিদিলে এতিয়ালৈকে ৷ কোকৰাঝাৰত হ’বলগীয়া শীতকালীন অধিবেশনখন বাতিল হ’ল নেকি, তাৰো কোনো সুদুত্তৰ নাই কাৰোৰে ওচৰত । বিপৰীতে দিছপুৰতে এইবাৰৰ শীতকালীন অধিবেশনখন পতাৰো কোনো উমঘাম নাই ৷ এই লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷

এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আনুষ্ঠানিক পত্ৰও প্ৰেৰণ কৰিছে বিৰোধীৰ দলপতিগৰাকীয়ে ৷ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি শইকীয়াই লিখিছে— “এতিয়ালৈকে অসম বিধানসভাৰ প্রতিবছৰে অনুষ্ঠিত কৰিবলগীয়া শীতকালীন অধিবেশনৰ বাবে ৰাজ্যপালৰ সচিবালয়ৰ পৰা ওলাবলগীয়া জাননীখন প্রকাশ হোৱা নাই । এই জাননী প্রকাশ কৰিবলৈ অসম বিধানসভাৰ অধ্যক্ষৰ তৰফৰ পৰা অসম চৰকাৰলৈ এটা প্রস্তাৱ শীতকালীন অধিবেশনৰ বাবে চৰকাৰী পক্ষৰ সুবিধা অনুসৰি দিন থিৰাং কৰিবলৈ আৰু এই দিন সন্দর্ভে অৱগত কৰিবলৈ অসমৰ ৰাজ্যপাল মহোদয়লৈ প্রস্তাৱ প্রেৰণৰ বাবে পত্র প্রেৰণ কৰা হয় । আমি জনা মতে, এইবাৰো অসম বিধানসভা সচিবালয়ৰ তৰফৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন কোকৰাঝাৰত অনুষ্ঠিত কৰিবলৈ আৰু ইয়াৰ বাবে নির্দিষ্ট দিন, তাৰিখ ঠিক কৰিবলৈ অসম চৰকাৰলৈ প্রস্তাৱ প্রেৰণ কৰা হৈছিল । কিন্তু চৰকাৰে এই প্রস্তাৱত সন্মতি নিদিয়াৰ বাবে বিধানসভা সচিবালয়ে ৰাজ্যপাল মহোদয়ৰ পৰা শীতকালীন অধিবেশনৰ ঘোষণা জাৰি লাভ কৰিব পৰা নাই ।”

দেৱব্ৰত শইকীয়াৰ পত্ৰ
দেৱব্ৰত শইকীয়াৰ পত্ৰ

কোকৰাঝাৰত কিবা অসুবিধাবশত অনুষ্ঠিত নহ’লেও দিছপুৰতে শীতকালীন অধিবেশনখন পতাৰো পোষকতা বিৰোধীৰ দলপতিগৰাকীৰ ৷ পত্ৰখনত দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীলৈ লিখিছে— “প্রকৃততে যদিহে শীতকালীন অধিবেশন কোকৰাঝাৰত অধ্যক্ষ মহোদয়ে আগ্রহ প্রকাশ কৰাৰ দৰে অনুষ্ঠিত কৰাত বিভিন্ন কাৰিকৰী অসুবিধা আছে, তেনেহ'লে চৰকাৰে দিছপুৰতে এই অধিবেশন অনুষ্ঠিত কৰাৰ বাবে সন্মতি প্রদান কৰি তাৰিখ থিৰাং কৰিবলৈ ৰাজ্যপাললৈ অনুমোদন জনাব পাৰিলে হয় । কিন্তু দুর্ভাগ্যক্রমে এই কাম অসম চৰকাৰে কৰা নাই । বৰঞ্চ অহা ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখৰ পৰা বাজেট অধিবেশন হ'ব বুলি কেবিনেটত সিদ্ধান্ত গ্রহণ কৰি এই সিদ্ধান্ত ইতিমধ্যে ৰাজহুৱা কৰিছে ।”

লগতে সংবিধানৰ নীতি-নিয়ম পালন কৰি বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ'ব লাগে বুলিও মুখ্যমন্ত্ৰীক দাবী জনাইছে বিৰোধীৰ দলপতি শইকীয়াই ৷ বিধানসভাৰ এক সৰ্বদলীয় বৈঠকত ২০১৮ চনত বছৰত তিনিবাৰকৈ অধিবেশন অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈয়ো মুখ্যমন্ত্ৰীক তেওঁ আহ্বান জনায় ৷ “সংসদীয় পৰম্পৰা অনুসৰি ভাৰতবর্ষৰ প্রতিখন ৰাজ্যতে প্রতিবছৰে তিনিবাৰকৈ অধিবেশন অনুষ্ঠিত কৰা হয়, বাজেট অধিবেশন, গ্রীষ্মকালীন আৰু শীতকালীন অধিবেশন । অসম বিধানসভাৰ সর্বদলীয় এক বৈঠকৰ সিদ্ধান্তমর্মে প্ৰাক্তন অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী ডাঙৰীয়াৰ অধ্যক্ষতাৰ কালছোৱাত অসম বিধানসভাৰ অধিবেশন তিনিবাৰকৈ অনুষ্ঠিত কৰিবলৈ ২০১৮ চনত সিদ্ধান্ত গ্রহণ কৰা হৈছিল । মই আশা কৰিম এই সিদ্ধান্ত অনুসৰি যাতে কামখিনি হয় তাৰ বাবে আপুনি এতিয়াও বিধানসভাৰ শীতকালীন অধিবেশনৰ দিন চূড়ান্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব ৷”

এইদৰে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে বিৰোধীৰ দলপতিগৰাকীয়ে ৷ বিধায়িনী দলৰ নেতা মুখ্যমন্ত্ৰীয়ে বিৰোধী দলৰ দলপতিৰ এই পত্ৰৰ প্ৰতি কি সঁহাৰি জনায় সেয়া মন কৰিবলগীয়া । কিন্তু প্ৰশ্ন উঠিছে— অহা ফেব্ৰুৱাৰীত বাজেট অধিবেশনৰ বাবে প্ৰস্তুতি চলোৱা ৰাজ্য চৰকাৰে কিয় পৰম্পৰাগতভাৱে চলি অহা শীতকালীন অধিবেশনৰ প্ৰতি এই বছৰ অনীহা প্ৰকাশ কৰিছে ?

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাতিহে কেলেংকাৰী হৈছে, দিনত নাই হোৱা : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.