ETV Bharat / state

কৃষকৰ হিতৰ বাবে একত্ৰিত হ’ব অসমৰ কৃষি আৰু জলসিঞ্চন বিভাগ

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 9:36 AM IST

Assam Agriculture and Irrigation Depts to Unite for Farmers Welfare : শুকুৰবাৰে দিশপুৰত অসমৰ কৃষিমন্ত্ৰী আৰু জলসিঞ্চন মন্ত্ৰী মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত ৷ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰীদ্বয়ে দুয়োটা বিভাগৰ কামকাজ সন্দৰ্ভত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷

Assam Agriculture and Irrigation Departments to Unite for Farmers Welfare
বছৰত কেবাটাও খেতি কৰাৰ মন মন্ত্ৰী অশোক-অতুলৰ

বছৰত কেবাটাও খেতি কৰাৰ মন মন্ত্ৰী অশোক অতুলৰ

গুৱাহাটী, 23 ডিচেম্বৰ : ৰাজ্যৰ কৃষিখণ্ডৰ উত্তৰণত অবিৰত আৰু সময়োপযোগী জলসিঞ্চনৰ গুৰুত্বৰ কথা বিবেচনা কৰি দুয়োটা বিভাগৰ কাম-কাজত সামঞ্জস্য অনাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী অতুল বৰাই জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাগৃহত শুকুৰবাৰে জলসিঞ্চন আৰু কৃষি বিভাগৰ এখন বিশেষ যুটীয়া বৈঠক অনুষ্ঠিত কৰা হয় । কৃষিমন্ত্ৰী অতুল বৰা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ লগতে দুয়োটা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত থাকে এই বৈঠকত ৷

বৈঠকত আন্তঃবিভাগীয় সমন্বয়ৰ মাধ্যমেৰে কৃষক ৰাইজ উপকৃত হ’ব পৰাকৈ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই বৈঠকৰ পিচতে সংবাদ মাধ্যমক সম্বোধন কৰে দুয়োগৰাকী মন্ত্ৰীয়ে ৷ তাৰ পাচতে দুয়োগৰাকী মন্ত্ৰীয়ে বৈঠকৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

Assam Agriculture and Irrigation Departments to Unite for Farmers Welfare
জলসিঞ্চন আৰু কৃষি বিভাগৰ যুটীয়া বৈঠক

বৈঠকত হোৱা সিদ্ধান্ত লোৱা অনুসৰি এতিয়াৰ পৰা দুয়োটা বিভাগেই উমৈহতীয়া লক্ষ্যৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পৰস্পৰৰ আন্তঃগাঁথনি আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিব । কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি জলসিঞ্চন বিভাগে নিৰ্দিষ্ট এলেকাত প্ৰকল্প হাতত ল’ব ৷

একেদৰে জলসিঞ্চন বিভাগৰ প্ৰকল্পই সামৰি লোৱা এলেকাসমূহৰ কৃষক ৰাইজক বছৰত দুই বা ততোধিক খেতি কৰাৰ বাবে কৃষি বিভাগে উৎসাহিত কৰিব । ক্ষেত্ৰ পৰ্যায়ত দুয়ো বিভাগৰ বিষয়ববীয়াসকলে সমন্বয় ৰক্ষাৰে কাম কৰাৰ লগতে প্ৰতিমাহে দুয়োটা বিভাগৰ শীৰ্ষ বিষয়াসকলে যুটীয়া পৰ্যালোচনা বৈঠকত মিলিত হ’ব বুলি মন্ত্ৰীদ্বয়ে উল্লেখ কৰে ।

আনহাতে, মন্ত্ৰীদ্বয়ে যুটীয়াভাৱে সঘনে বিভিন্ন অঞ্চল ভ্ৰমণ কৰি জলসিঞ্চনৰ মাধ্যমেৰে কৃষিখণ্ডক শক্তিশালীকৰণৰ বাবে ৰাইজক উদ্বুদ্ধ কৰিব বুলিও এই বৈঠকত সিদ্ধান্ত লয় । শুকুৰবাৰে আয়োজিত এই বৈঠকত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছী, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উপাদন আয়ুক্ত ডঃ আশীষ কুমাৰ ভূটানী, জলসিঞ্চন বিভাগৰ আয়ুক্ত-সচিব এম এছ মনিৱন্নন, সচিব পবিত্ৰৰাম খাউণ্ড আৰু কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগুৰ লগতে দুয়োটা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : গোলাঘাটৰ মৰাপাটৰ বেগৰ ব্যৱসায়ে দখল কৰিছে বিশ্বৰ ৩৫ খন দেশৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.