ETV Bharat / state

Lok Sabha Election 2024 : সমষ্টি সলনি হ’ব কংগ্ৰেছৰ তিনি সাংসদৰ ! যোৰহাটত খেলিব গৌৰৱে, প্ৰদ্যুৎ বৰদলৈ-খালেকে খেলিব ক’ত ?

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:28 PM IST

Updated : Nov 4, 2023, 8:35 PM IST

Lok Sabha Election Assam congress
লোকসভা নিৰ্বাচন অসম কংগ্ৰেছ

সমষ্টি সলনি হ’ব নেকি কংগ্ৰেছৰ তিনিওগৰাকী সাংসদৰ ? পূৰ্বৰ সমষ্টিতে লোকসভা নিৰ্বাচনত নামিবলৈ পাবনে তিনিওগৰাকী সাংসদে ? সমষ্টি পুনৰ নিৰ্ধাৰণে ওলট-পালট কৰিলে গৌৰৱ গগৈ আৰু আব্দুল খালেকৰ লোকসভা সমষ্টিৰ অংক । ৰকিবুলৰ চকু প্ৰদ্য়ুতৰ সমষ্টিত ৷

গুৱাহাটী, ৪ অক্টোবৰ : লোকসভা নিৰ্বাচনলৈ মাজত মাথোন কেইমানহে মাহ বাকী । শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী সমীকৰণ । ২০২৪ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ সাজু হৈছে সহযোগী আন ১৪ মিত্ৰ দলৰ সৈতে ৷ এতিয়াও ১৫ দলীয় মিত্ৰজোঁটৰ মাজত আসনৰ ভাগ-বাটোৱাৰাক লৈ কোনোধৰণৰ চূড়ান্ত সিদ্ধান্ত লোৱা নাই ৷

তাৰ মাজতে কংগ্ৰেছ দলৰ দখলত থকা বৰ্তমানৰ তিনিওখন আসনৰ প্ৰতিনিধিসকলক লৈ ৰাজ্যত আৰম্ভ হৈছে বিশেষ চৰ্চা । সমষ্টি সলনি হ’ব নেকি তিনিওগৰাকী কংগ্ৰেছী সাংসদৰ ? বৰ্তমান অসমত কংগ্ৰেছৰ দখলত থকা তিনিখন আসনৰ কলিয়াবৰত গৌৰৱ গগৈ, নগাঁৱত প্ৰদ্যুৎ বৰদলৈ আৰু বৰপেটাত আব্দুল খালেক সাংসদৰূপে আছে ৷ আন সমষ্টিবোৰ বাদ দিলেও এই তিনিওগৰাকী কংগ্ৰেছ সাংসদে পুনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কঁকালত টঙালি বান্ধিছে ৷

কিন্তু চৰ্চা হৈছে এই তিনিওগৰাকীয়ে পূৰ্বৰ সমষ্টিতে লোকসভা নিৰ্বাচনত নামিবলৈ পাবনে ? স্বাভাৱিকতে খেলিমেলি লগিছে তিনিওৰে নিৰ্বাচনী অংকত । কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণে ওলট-পালট কৰিলে গৌৰৱ গগৈ আৰু আব্দুল খালেকৰ লোকসভা সমষ্টিৰ অংক । সাংসদ গৌৰৱ গগৈৰ কলিয়াবৰ সমষ্টিটোৱেই নাইকিয়া কৰি কাজিৰঙা নামৰ এটা নতুন সমষ্টি সৃষ্টি কৰা হ’ল ৷ আনহাতে সাংসদ খালেকৰ বৰপেটা সমষ্টিটোতো ঘটোৱা হ’ল আমূল পৰিৱৰ্তন । সেয়ে গৌৰৱ গগৈ আৰু আব্দুল খালেকে লোকসভাৰ ভোটৰ অংক নতুনকৈ হিচাপ কৰিবলগীয়া হৈছে ৷

যোৰহাটত নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে : ইতিমধ্যেই এটা কথা নিশ্চিত হৈছে যে সাংসদ গৌৰৱ গগৈক কংগ্ৰেছে নিৰ্বাচন নেখেলায় কাজিৰঙা সমষ্টিৰ পৰা ৷ ইতিমধ্যে কেৱল কংগ্ৰেছ দলৰ মাজতে নহয়, আন দলৰ মাজতো ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে শক্তিশালী নেতাৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈয়ে ৷ সেয়ে গৌৰৱক অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত কৰি পঠিওৱাটো কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

গৌৰৱ গগৈকো কাজিৰঙা সমষ্টিৰ পৰিৱৰ্তে যোৰহাট লোকসভা সমষ্টিতহে শেহতীয়াকৈ ব্যস্ত থকা দেখা গৈছে ৷ ইতিমধ্যে ১৫ বিৰোধী ৰিজনৈতিক দলৰ সন্মিলিত বিৰোধী গোটৰ অংশীদাৰ ৰাইজৰ দলে ঘোষণা কৰিছে যে তেওঁলোকে দাবী কৰা যোৰহাট সমষ্টিত নিৰ্বাচন নেখেলে ৷ গতিকে গৌৰৱ গগৈয়েই যে যোৰহাট লোকসভা সমষ্টিত বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী হ’ব সেয়া নিশ্চিত ৷

ধুবুৰীতহে নিৰ্বাচন খেলাৰ মন খালেকৰ : ২০১৯ত লোকসভা নিৰ্বাচনত যিটো বৰপেটা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয় লাভ কৰিছিল ৷ বৰ্তমান একেই জনগাঁথনি নাই সেইটো লোকসভা সমষ্টিত । সমষ্টি পুনৰ নিৰ্ধাৰণে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি ওলট-পালট কৰি পেলালে ৷ বৰপেটা সমষ্টিৰ প্ৰায় আটাইকেইটা সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰা হ’ল ধুবুৰী সমষ্টিত ৷

আনকি আব্দুল খালেকৰ নিজৰ ভোটটোও অন্তৰ্ভুক্ত হ’ল ধুবুৰী সমষ্টিত ৷ ভোটৰ গাঁথনিৰ দিশৰ পৰা নতুন ৰূপৰ বৰপেটা সমষ্টিটো আব্দুল খালেকৰ বাবে হৈ নাথাকিল সুবিধাজনক । সেয়ে এতিয়া ধুবুৰী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন খেলাৰ বাবে মন বান্ধিছে আব্দুল খালেকে । AIUDFৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ দিশত আব্দুল খালেক ৷

ইতিমধ্যে ধুবুৰী লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলে প্ৰস্তুত কৰা তালিকাত নাম আছিল ৰকিবুল হুছেইন, আব্দুল খালেক আৰু ৱাজেদ আলীৰ নাম ৷ পিছে কংগ্ৰেছৰ চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে ইতিমধ্যে এইবাৰ মন মেলিছে নগাঁও সমষ্টিত নিৰ্বাচন খেলাৰ ৷ কংগ্ৰেছৰ সূত্ৰ অনুসৰি সেয়ে এতিয়া ধুবুৰীৰ পৰা লোকসভা নিৰ্বাচন খেলিবৰ বাবে সাজু হৈছে খালেক ৷

নগাঁৱৰ পৰিৱৰ্তে কাজিৰঙাতহে প্ৰাৰ্থী হ’ব নেকি প্ৰদ্যুৎ বৰদলৈ ? সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত ইমান দিনে চৰ্চা হৈ আহিছিল যে কাজিৰঙাৰ পৰিৱৰ্তে নগাঁৱতহে নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে ৷ বিজেপিয়ে মুকলিকৈ কৈয়ে দিছিল যে তেওঁলোকে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজৰ যুঁজ চাবলৈ সাজু ৷ পিছে মূৰকত যোৰহাটতহে ২০২৪ত গৌৰৱ গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত হয় ৷

প্ৰদ্যুৎ বৰদলৈ প্ৰায় নিষ্কণ্টক হৈ পৰা বুলি ধাৰণা কৰা হৈছিল যদিও কংগ্ৰেছৰে ৰকিবুল হুছেইনৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে তেওঁ ৷ কংগ্ৰেছৰ ভিতৰচ’ৰাৰ বতৰা যে ৰকিবুল হুছেইনে প্ৰদ্যুৎ বৰদলৈৰ পৰিৱৰ্তে নগাঁৱৰ লোকসভাৰ প্ৰাৰ্থী হ’ব বিচাৰিছে ৷ তেনে প্ৰেক্ষাপটত প্ৰদ্যুৎ বৰদলৈয়ে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে বুলিও কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ খবৰ ৷

অৱশ্যে এই লৈ মৌনতা অৱলম্বন কৰিছে বৰদলৈয়ে ৷ আন এক খবৰৰ মতে দিনক-দিনে ব্যৱধান বৃদ্ধি পাইছে ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ ৷ ২০১৯ত প্ৰদ্যুৎ বৰদলৈৰ বিজয়ত সক্ৰিয় ভূমিকা লৈছিল ৰকিবুল হুছেইনে । নঁগাৱত কংগ্ৰেছৰ নেতৃত্বক লৈ এই দুইজন নেতাৰ মাজত ব্যৱধান বৃদ্ধি পায় ৷ সেয়ে প্ৰদ্যুৎ বৰদলৈক চাপত ৰাখিবলৈকে ৰকিবুল হুচেইনে নগাঁৱত নিৰ্বাচন খেলিবলৈ মন মেলিছে ৷

প্ৰদ্যুৎ বৰদলৈ এইবাৰ কাজিৰঙা নে পূৰ্বৰ নগাঁও সমষ্টিৰেই প্ৰাৰ্থী হ’ব তাৰ বাবে হয়তো আৰু দুটা মাহ অপেক্ষা কৰিব লাগিব ৷

লগতে পঢ়ক : Lok Sabha Election 2024 : মূল্যবৃদ্ধিৰ বাবে এই মজুৰীৰে নচলা হৈছে চাহ শ্ৰমিকৰ পৰিয়াল, লখিমপুৰ লোকসভা সমষ্টিৰ চাহ বাগিচাত ইটিভি ভাৰত

Last Updated :Nov 4, 2023, 8:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.