ETV Bharat / state

Sherman Ali controversy: বিধায়ক শ্বেৰমান আলী আহমেদক মানসিক বিকাৰগ্ৰস্ত আখ্যা প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : May 18, 2023, 4:03 PM IST

বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক মানসিক বিকাৰগ্ৰস্ত ৰোগী আখ্যা দিলে প্ৰদেশ কংগ্ৰেছে ৷ এই বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম তথা আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতাই বুধবাৰে সংবাদমেল এক সম্বোধন কৰে (APCC Terms Sherman Ali as Mentally Unstable) ৷

APCC Terms Sherman Ali as Mentally Unstable
প্ৰদেশ কংগ্ৰেছৰ আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতাৰ সংবাদমেল

গুৱাহাটী, 18 মে' : বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক মানসিক বিকাৰগ্ৰস্ত ৰোগী আখ্যা দিলে প্ৰদেশ কংগ্ৰেছে ৷ উল্লেখ্য যে বিধায়ক শ্বেৰমান আলী আহমেদে মঙলবাৰে বাঘমাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি জিন্না ৰেজ্জাফুল আলমক গুলীয়াবলৈ নিজৰ দেহৰক্ষীক নিৰ্দেশ দিয়াৰ লগতে বন্দুকত হাত দিয়াৰ উপৰিও দেহৰক্ষীগৰাকীক অভব্য আচৰণ কৰিছিল ৷ এই বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম তথা আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতাই বুধবাৰে সংবাদমেল এক সম্বোধন কৰে (APCC Terms Sherman Ali as Mentally Unstable) ৷

সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, বিধায়ক শ্বেৰমান আলী আহমেদে নিজৰ দেহৰক্ষীগৰাকীক চূড়ান্ত অভব্য আচৰণ কৰাৰ উপৰিও বন্দুকত হাত দিছিল ৷ আনকি বিধায়কগৰাকীয়ে দেহৰক্ষীগৰাকীক গুলীওৱাৰ নিৰ্দেশ দিছিল ৷ এনে এক ঘটনা সংঘটিত কৰাৰ পাছতো বিধায়কগৰাকীক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি প্ৰশ্ন কৰে তেওঁ (APCC Social Media Chairman Ratul Kalita) ৷

তেওঁ লগতে কয় যে বিধায়ক শ্বেৰমান আলী আহমেদ মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু তেওঁক চিকিৎসাৰ প্ৰয়োজন আছে ৷ ইফালে এই ঘটনা সন্দৰ্ভত বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কৰা মন্তব্য সন্দৰ্ভত তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সাংসদ মাৰ্ঘেৰিটাই বিধায়ক শ্বেৰমান আলী আহমেদৰ আচৰণৰ প্ৰসংগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সদৰি কৰিছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় যে বিধায়ক শ্বেৰমান আলী আহমেদৰ ভোট লৈয়ে পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভালৈ গ'ল ৷ তেওঁ লগতে অভিযোগ কৰি কয় যে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰৰোচনাতে শ্বেৰমান আলী আহমেদে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সাহস পাইছে ৷ যাৰ বাবে অসম আৰক্ষীয়েও বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা নাই বুলি তেওঁ কয় (Sherman Ali controversy) ৷

আনহাতে সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ বাঘবৰ সমষ্টিৰ নেতা আজিজ আহমেদে কয় যে বিধায়ক শ্বেৰমান আলী আহমেদে বিধানসভা নিৰ্বাচনৰ সময়ত বিভিন্নজনৰ পৰা টকা লৈছিল ৷ সেই টকা বিচাৰিলে বিধায়কগৰাকীয়ে ভাবুকি প্ৰদান কৰে বুলি অভিযোগ কৰে কংগ্ৰেছৰ বাঘবৰ সমষ্টিৰ নেতা আজিজ আহমেদে ৷ লগতে তেওঁ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় (Sherman Ali misbehaves with PSO) ৷

লগতে পঢ়ক: MLA Sherman Ali: ক্ষমতাই মূৰত ধৰা বিধায়ক শ্বেৰমান আলীৰ অন কেমেৰা গুণ্ডাগিৰি; মুখৰো নাই লেকাম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.