ETV Bharat / state

MLA Sherman Ali: ক্ষমতাই মূৰত ধৰা বিধায়ক শ্বেৰমান আলীৰ অন কেমেৰা গুণ্ডাগিৰি; মুখৰো নাই লেকাম !

author img

By

Published : May 17, 2023, 11:00 PM IST

Updated : May 18, 2023, 8:06 AM IST

অন কেমেৰা বিধায়ক শ্বেৰমান আলীৰ গুণ্ডাগিৰি । নিৰ্বাচনত খৰচ কৰা টকা বিচৰাৰ বাবেই মণ্ডল কংগ্ৰেছৰ সভাপতিক গুলিওৱাৰ নিৰ্দেশ । বিধায়কৰ নিৰ্দেশ নমনাৰ বাবেই অন কেমেৰা নিজৰ দেহৰক্ষীক অশ্ৰাব্য গালি-গালাজ । ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া (Sherman Ali controversy)।

Sherman Ali controversy
MLA Sherman Ali

ক্ষমতা মূৰত ধৰা বিধায়ক শ্বেৰমান আলীৰ অন কেমেৰা গুণ্ডাগিৰি

গোৱালপাৰা/গুৱাহাটী, 17 মে’: বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ উৰ্ধতালিৰ কথা নতুকৈ কোৱাৰ প্ৰয়োজন নাই । কেতিয়াবা যদি চৰকাৰী কৰ্মচাৰী, কেতিয়াবা আকৌ ঠিকাদাৰক ধমক দি বিধায়কগিৰি দেখুৱাই এইজন বিতৰ্কিত বিধায়কে । এইবাৰ শ্বেৰমান আলীৰ উৰ্ধতালি তথা গুণ্ডাগিৰি চলিল দেহৰক্ষী জোৱান আৰু এগৰাকী কংগ্ৰেছ দলৰ মণ্ডল কংগ্ৰেছৰ সভাপতিৰ ওপৰত (Sherman Ali angry with congress member)।

বুধবাৰে বাঘমাৰা চৰত বিধায়ক শ্বেৰমান আলীয়ে দ্বাৰ মুকলি কৰে পঞ্চায়তৰ নৱ নিৰ্মিত ভৱনৰ । পঞ্চায়ত ভৱন মুকলি অনুষ্ঠানৰ পাচতে ৰাইজৰ সন্মুখতে বাঘমাৰা চৰ মণ্ডল কংগ্ৰেছৰ সভাপতি ৰেজ্জাকুল আলমে নিৰ্বাচনত খৰচ কৰা পাবলগীয়া ধন বিচাৰে বিধায়কজনক । লগে লগে জাঙুৰ খাই উঠে বিধায়ক শ্বেৰমান আলী । টকা বিচৰাৰ বাবেই মণ্ডল কংগ্ৰেছৰ সভাপতি গৰাকীক আক্ৰমণ কৰিবলৈ উদ্যত হয় বিধায়কজন (Sherman Ali misbehaves with PSO)।

কেৱল ইমানেই নহয়, বিধায়কজনৰ দেহৰক্ষী জোৱানক অন কেমেৰা মণ্ডল কংগ্ৰেছৰ সভাপতিগৰাকীক গুলিয়াবলৈ নিৰ্দেশ দিয়ে । কিন্তু দেহৰক্ষী জোৱানজনে নামানিলে বিধায়কৰ নিৰ্দেশ । যাৰ বাবেই এইবাৰ আকৌ দেহৰক্ষী জোৱানজনক দুৰ্ব্যৱহাৰ শ্বেৰমানৰ (MLA Sherman Ali ordered PSO to shoot) ।

বিধায়ক শ্বেৰমান আলীয়ে অন কেমেৰা এইদৰে অশ্লীল গালি-গালাজৰ লগতে ভাবুকিও প্ৰদান কৰে নিজৰে দেহৰক্ষী জোৱানজনক । স্থানীয় একাংশ সচেতন লোকৰ তৎপৰতাত শাম কাটে পৰিস্থিতিৰ । ইপিনে মণ্ডল কংগ্ৰেছৰ সভাপতি জিন্না ৰেজ্জাকুল আলমক কৰা দুৰ্ব্যৱহাৰৰ বাবে প্ৰতিবাদ মুখৰ হৈ পৰে একাংশ লোক (Sherman Ali new controversy) ।

স্থানীয় একাংশ লোকে এইদৰে বিধায়কজনৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । শীঘ্ৰে বিধায়কজনৰ ওচৰত পাবলগীয়া ২ লাখ টকা আদায় দিয়াৰ লগতে বিধায়কজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, বিধায়ক শ্বেৰমান আলীৰ দুৰ্ব্যৱহাৰৰ আখ্যান অতি দীঘলীয়া ইয়াৰ পূৰ্বেও চৰকাৰী কৰ্মচাৰী আৰু ঠিকাদাৰক ধমক দি নিজৰ অস্তিত্ব জাহিৰৰ চেষ্টা চলাইছিল শ্বেৰমান আলীয়ে ৷ অসমত মিঞা মিউজিয়াম স্থাপনৰ অন্য়তম হোতা এইজন শ্বেৰমান আলীয়ে বিধায়ক হৈ থকা অৱস্থাত খাটিব লগীয়া হৈছিল কাৰাবাস ৷ লগতে বহিস্কাৰ হৈছিল দলৰ পৰাও ৷ কিন্তু বৰ্তমান ক’তো থান নোপোৱা অৱস্থা হোৱা শ্বেৰমানে এইদৰেই নিজৰ অস্তিত্ব আৰু ক্ষমাত জাহিৰ কৰি ফুৰিব লগীয়া হৈছে ৷

লগতে পঢ়ক: Exclusive description: জোনমণিৰ ৰাভাৰ ৰখাই থোৱা গাড়ীত খুন্দিয়াইছিল কন্টেইনাৰখনে ! প্ৰত্যক্ষদৰ্শীয়ে দিলে বৰ্ণনা

Last Updated : May 18, 2023, 8:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.