ETV Bharat / state

অসম ভ্ৰমণৰ প্ৰাক মূহুৰ্তত ৰাজ্যৰ সমস্যাক লৈ মোদীক প্ৰশ্ন ৰিপুন বৰাৰ

author img

By

Published : Feb 5, 2021, 5:32 PM IST

Updated : Feb 5, 2021, 10:49 PM IST

apcc-press-meet-at-guwahatiapcc-press-meet-at-guwahatiapcc-press-meet-at-guwahati
অসম ভ্ৰমণৰ প্ৰাক মূহুৰ্তত মোদীলৈ ৰিপুন বৰাৰ প্ৰশ্ন

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলতে অসমৰ বিদেশীৰ সমস্যাৰ পৰা অসম চুক্তি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই ৷

গুৱাহাটী, 5 ফেব্ৰুৱাৰী : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাক মূহুৰ্তত মোদীলৈ বুলি প্ৰশ্ন উত্থাপন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই ৷ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল সম্বোধন কৰে ৷

উক্ত সংবাদমেলতে প্ৰধান মন্ত্ৰীলৈ ৰিপুন বৰাৰ প্ৰশ্ন, বিগত পাঁচ বছৰত অসমৰ স্বাৰ্থত বিজেপিয়ে কি কৰিলে ? ২০১৪ চনৰ ১৬ মে’ৰ পিচত অসমৰ পৰা তালি টোপোলা বান্ধি কিমান জন বাংলাদেশী নাগৰিকে অসম এৰিলে ? তদুপৰি ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি আশ্বাস দিছিল । কিন্তু যোৱা পাঁচ বছৰে কিমানজন নিবনুৱাই সংস্থাপন লাভ কৰিলে তাৰ উত্তৰ বিচাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

ইফালে, সংবাদমেলত ৰিপুন বৰাই অসম চুক্তিৰ ৰূপায়ন আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীক সমালোচনাৰ লক্ষ্য কৰি লয় ৷ বিজেপিৰ ভিজন ডকুমেন্টত লিখা হৈছিল অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব। কিন্তু কাৰ্যক্ষেত্ৰত তাৰ সম্পূৰ্ণ বিপৰীত স্থিতি ল'লে প্ৰধানমন্ত্ৰী গৰাকীয়ে । বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন 2019 জাপি দি অসমবাসীৰ বাবে নতুন এক সমস্যা সষ্টি কৰা বুলিও ৰিপুন বৰাই মন্তব্য প্ৰকাশ কৰে ৷

যোৱা নিৰ্বাচনৰ সময়ত অসমৰ দীৰ্ঘদিনীয়া এক দাবী অসমৰ ছয় জনগোষ্টীক জনজাতিকৰণ কৰা ৷ ছয় জনগোষ্টীক জনজাতিকৰণৰ ক্ষেত্ৰতো প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু জনজাতিকৰণৰ নামত প্ৰবঞ্চনা হে কৰিলে নৰেন্দ্ৰ মোদীয়ে । সংবাদতমেলত ৰিপুন বৰাই কয় ৷

অসম ভ্ৰমণৰ প্ৰাক মূহুৰ্তত ৰাজ্যৰ সমস্যাক লৈ মোদীক প্ৰশ্ন ৰিপুন বৰাৰ

তদুপৰি সংবাদমেলত অহা ৬ ফেব্ৰুৱাৰীত অসম প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত পেট্ৰ’ল পাম্প সমূহত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ৰিপুন বৰাই জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে ৯ ফেব্ৰুৱাৰীত ৰাজ্যৰ প্ৰতিটো শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীসকলে চাহ শ্ৰমিকসকলৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ন কৰিব বুলি ৰিপুন বৰাই জানিবলৈ দিছে ৷

উল্লেখ্য যে, 7 ফেব্ৰুৱাৰীত এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ উপস্থিত হোৱাৰ পিচতে ঢেকীয়াজুলিত বিজেপিয়ে আয়োজন কৰা এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীৰ সভাৰ দায়িত্বত থকা নেতা-কৰ্মকৰ্তাৰ ক’ভিড পৰীক্ষা

Last Updated :Feb 5, 2021, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.