ETV Bharat / state

Bhupen Borah slams Ajmal: সাংসদ বদৰুদ্দিন আজমলক ‘নৰাধম' আখ্যা ভূপেন বৰাৰ !

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 4:02 PM IST

APCC President Bhupen Borah
সাংসদ বদৰুদ্দিন আজমলক ‘নৰাধম' আখ্যা ভূপেন বৰাৰ !

সাংসদ বদৰুদ্দিন আজমলক এইবাৰ নৰাধম আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বদৰুদ্দিন আজমল দেখাত নৰৰ দৰে যদিও নৰৰ অধম বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

সাংসদ বদৰুদ্দিন আজমলক ‘নৰাধম' আখ্যা ভূপেন বৰাৰ !

গুৱাহাটী, ৫ নবেম্বৰ: পূৰ্ণোদ্যমে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত বৃদ্ধি পাইছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । ইফালে বোকা ছটিওৱাৰ ৰাজনীতি কেৱল শাসক-বিৰোধীৰ মাজতে আৱদ্ধ হৈ থকা নাই । বিৰোধী শিবিৰতো চলিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ ।

লক্ষ্যণীয় বিষয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সংঘাত নতুন নহয় যদিও নিৰ্বাচন আহিলে তুংগত উঠে সংঘাত । ইতিমধ্যে দুয়োপক্ষৰ সংঘাত অব্যাহত থকাৰ সময়তে এইবাৰ এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলক 'নৰাধম' আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

দেওবাৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰৰাকীয়ে কয় যে এয়া হৈছে মহাপুৰুষৰ স্থান । ইয়াত যিজনৰ প্ৰশ্ন কৰা হৈছে সেইজন নৰাধম । সাংসদ আজমল সন্দৰ্ভত এইদৰে সদৰী কৰি তেওঁ কয় যে নৰাধম মানে নৰৰ অধম । অৰ্থাৎ দেখিবলৈ নৰৰ দৰে কিন্তু নৰৰ অধম ।

আজমলে জাতিক কুলষিত কৰিব বিচাৰে বুলি সদৰী কৰি তেওঁ নামঘোষাৰ প্ৰসংগৰে কয় যে অধমে কেৱল দোষহে দেখা পায় । অৱশ্যে তেওঁ আজমলৰ নাম উল্লেখ নকৰাকৈ আজমলক নৰাধম আখ্যা দিয়ে । তেওঁ লগতে কয় যে শিষ্টাচাৰহীন নৰাধম I.N.D.I.A. মহাজোঁটত সোমাবই নোৱাৰে ।

আনহাতে আম আদমী পাৰ্টিয়ে আসন বিচৰা সন্দৰ্ভত তেওঁ কয় যে বিচাৰিব পাৰে । কিন্তু আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব । মানুহৰ মাজত জনপ্ৰিয়তা থাকিলেহে আসন পাব বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছৰো ৮৪ গৰাকীয়ে টিকট বিচাৰিছে ।

লগতে পঢ়ক : Loksabha election 2024: কংগ্ৰেছ দলৰ কোনো গণভিত্তি নাই; বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.