ETV Bharat / state

Loksabha election 2024: কংগ্ৰেছ দলৰ কোনো গণভিত্তি নাই; বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 11:44 AM IST

ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল ৷ কংগ্ৰেছ দলৰ কোনো গণভিত্তি নাই বুলিও কয় মুখ্য মুখপাত্ৰগৰাকীয়ে ৷ ইণ্ডিয়া মৰ্চাৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহৰ মাজত চূড়ান্ত ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰি হৈছে বুলি দাবী কৰে মুখ্য মুখপাত্ৰগৰাকীয়ে ৷

State bjp press meet in state BJP office guwahati
ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল

ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল

গুৱাহাটী, 5 নৱেম্বৰ: “দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মৰ্চাৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহৰ চূড়ান্ত ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিয়ে এই মৰ্চাৰ দলসমূহৰ দেশৰ জনতাৰ প্ৰতি যে কোনোধৰণৰ দায়বদ্ধতা নাই তাকে প্রমাণ কৰিছে ” - এই বক্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাৰ । শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বৰুৱাই উল্লেখ কৰে যে শেহতীয়াকৈ ইণ্ডিয়া মৰ্চাৰ এগৰাকী অন্যতম বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে এই মৰ্চাৰ কৰ্মসূচী ৰূপায়ণৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ কোনোধৰণৰ দায়ৱদ্ধতা নাই ।

জন্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্রী ওমৰ আব্দুলাই স্পষ্টভাৱে এই মৰ্চাৰ আভ্যন্তৰীণ সংঘাতৰ কথা প্ৰকাশ কৰা বুলিও অভিযোগ তুলিছে বৰুৱাই । আনহাতে, বিভিন্ন ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত ইণ্ডিয়া মিত্ৰজোঁটে ভাৰতবৰ্ষৰ জনতাক কোনোপধ্যে আস্বস্ত কৰিব নোৱাৰিব বুলিও বৰুৱাই সংবাদমেলত কয় । তদুপৰি, কেইবা দশক শাসনত থকা কংগ্ৰেছ দলৰ কোনোধৰণৰ গ্ৰহণযোগ্যতা ৰাইজৰ মাজত নাই বুলি বিজেপিৰ মুখ্য মুখপাত্রগৰাকীয়ে দাবী কৰে ।

মুখপাত্ৰগৰাকীয়ে লগতে বি টি আৰৰ 40 টা পৰিষদীয় সমষ্টিত বিজেপি অসম প্ৰদেশৰ 40 গৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাক তত্ত্বাবধায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে বুলি কয় । এই কার্যকৰ্তাসকলে নৱেম্বৰ মাহত বি টি আৰৰ অন্তৰ্গত প্ৰতিটো বুথৰে পুণৰীক্ষণৰ কাম সম্পূৰ্ণ কৰিব । পৰৱৰ্তী পৰ্যায়ত ডিচেম্বৰ মাহত এই বুথসমূহৰ সৱলীকৰণৰ কৰ্মসূচী গ্ৰহণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

এই সাংগঠনিক প্ৰক্ৰিয়াৰ জৰিয়তে বিজেপিয়ে পৰিষদীয় অঞ্চলত নিজৰ সাংগঠনিক পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ এক সংঘবন্ধ প্রচেষ্টা ইতিমধ্যে আগবঢ়াই নিছে বুলি উল্লেখ কৰাৰ লগতে বিজেপিৰ এই প্ৰচেষ্টালৈ অঞ্চলটোৰ জনসাধাৰণে ব্যাপক সহাঁৰি জনোৱা পৰিলক্ষিত হৈছে বুলিও মুখ্য মুখপাত্র মনোজ বৰুৱাই সংবাদমেলত সদৰী কৰে ।

লগতে পঢ়ক: Allegation Against EX Minister Family: পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই, শুনক ভুক্তভোগীৰ মুখেৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.