ETV Bharat / state

তিনিখন আসনৰ বাবে আবেদন কৰিলেও দলৰ সিদ্ধান্তই মানি ল'ব সাংসদ গৌৰৱ গগৈয়ে: ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:15 PM IST

APCC President Bhupen Borah: সাংসদ গৌৰৱ গগৈয়ে তিনিটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া ৷ সভাপতিজনে কয় যে এজনে কেইবাটাও সমষ্টিত আবেদন কৰাত কোনো বাধা নাই ৷

APCC President Bhupen Borah
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা সন্দৰ্ভত ভূপেন বৰা

গুৱাহাটী, 22 ডিচেম্বৰ : "এজন লোকে একাধিক সমষ্টিৰ বাবে আবেদন কৰিব পাৰেল ৷ প্ৰদেশ কংগ্ৰেছৰ জাননীত এজনে এটা সমষ্টিৰ বাবে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰা হোৱা নাছিল ৷" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ সাংসদ গৌৰৱ গগৈয়ে তিনিটাকৈ সমষ্টি ক্ৰমে কাজিৰঙা, নগাঁও আৰু যোৰহাটৰ পৰা প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে এজনে কেইবাটাও সমষ্টিত আবেদন কৰাত কোনো বাধা নাই ৷ তিনি-চাৰিজন প্ৰাৰ্থীৰ আবেদনখন কিছু সুকীয়া বুলি সদৰী কৰি তেওঁ কয় যে জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে দুটা সমষ্টিত আবেদন কৰি দুই লাখ টকা জমা দিছে ৷

সেইদৰে প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকায়ো দুটা সমষ্টিৰ পৰা আবেদন কৰিছে ৷ ইফালে সাংসদ আব্দুল খালেকে সমষ্টিৰ কথাই উল্লেখ কৰা নাই বুলি সদৰি কৰি তেওঁ কয় যে গৌৰৱ গগৈয়ে তিনিটা সমষ্টিৰ কৰ্মীয়ে বিচৰাৰ বাবে তিনিটাৰ পৰা আবেদন কৰিছে ৷

তিনিটা সমষ্টিত আবেদন কৰিছে যদিও দলৰ সিদ্ধান্তই গৌৰৱ গগৈয়ে মানি ল'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ আনহাতে নগাঁৱত কংগ্ৰেছৰ নিজা সাংসদ থকাৰ পাছতো কেইবাজনে আবেদন কৰা সন্দৰ্ভত তেওঁ কয় যে কাজিৰঙাটো সাংসদ থকাৰ পাছতো কেইবাজনে আবেদন কৰিছে ৷ বৰপেটা সমষ্টিটো কেইবাজনে আবেদন কৰিছে ৷ ইয়াত কোনো আপত্তিৰ কথা নাই ৷ সাংসদ থকা সমষ্টিটো আবেদন কৰিব পাৰে বুলি কয় ভূপেন বৰাই ৷

উল্লেখ্য যে, 21 ডিচেম্বৰত যোৰহাট, কাজিৰঙা আৰু নগাঁও লোকসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছিল সাংসদ গৌৰৱ গগৈয়ে ৷ সংসদৰ অধিৱেশন চলি থকাৰ বাবে দিল্লীৰ পৰাই অনলাইন যোগে প্ৰাৰ্থিত্ব বিচাৰি প্ৰদেশ কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰে সাংসদ গগৈয়ে ৷

লগতে পঢ়ক : জটিল সমীকৰণ: কোন সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে খেলিব 2024 ৰ নিৰ্বাচন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.