ETV Bharat / state

জটিল সমীকৰণ: কোন সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে খেলিব 2024 ৰ নিৰ্বাচন ?

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 9:14 PM IST

Lok Sabha Election 2024
নিশ্চিত হোৱা নাই তিনি সাংসদৰ সমষ্টি

Lok Sabha Election 2024 : এতিয়াও নিশ্চিত হোৱা নাই কংগ্ৰেছৰ বৰ্তমানৰ তিনি সাংসদৰ সমষ্টি ৷ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত অতি সন্তৰ্পৰ্ণে আগবাঢ়িছে প্ৰদেশ কংগ্ৰেছ ৷ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বাবে গৌৰৱ গগৈয়ে সংগ্ৰহ কৰিলে তিনিটাকৈ সমষ্টিৰ আবেদন ৷

গুৱাহাটী, 22 ডিচেম্বৰ : লোকসভা নিৰ্বাচনক লৈ ৰাজ্যত এতিয়া ৰাজনৈতিক অংক দৈনিক সলনি হৈ আছে ৷ বিজেপিৰ মাইক্ৰ’ মেনেজমেণ্টৰ বিপৰীতে কংগ্ৰেছে 14 সহযোগী দলক লৈ অসমত 2024 ৰ লোকসভাৰ ৰণ জয়ৰ লক্ষ্য ৷ তাৰ মাজতে এতিয়া কংগ্ৰেছৰ ভিতৰ চ’ৰাত প্ৰাৰ্থিত্বকেন্দ্ৰিক ব্যস্ততা ৷ ব্যস্ত গুৱাহাটীৰ ৰাজীৱ ভৱন ৷ কিন্তু তাৰ মাজতে এতিয়াও নিশ্চিত হোৱা নাই কংগ্ৰেছৰ বৰ্তমানৰ তিনি সাংসদৰ সমষ্টি ৷

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই লগোৱা বেমেজালিৰ বাবে কংগ্ৰেছে এতিয়া বৰ্তমানৰ সাংসদৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত অতি সন্তৰ্পৰ্ণে আগবাঢ়িছে ৷ সেয়ে কংগ্ৰেছে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰাৰ ক্ষেত্ৰত অৱলম্বন কৰিছে বিশেষ কৌশল ৷ কোনো কাৰণতে কংগ্ৰেছৰ যুৱনেতা সাংসদ গৌৰৱ গগৈক সাংসদ হোৱাৰ পৰা বঞ্চিত কৰিব খোজা নাই কংগ্ৰেছ ৰাষ্ট্ৰীয় নেতৃত্বই ৷

অসমৰ পৰা যিকোনো প্ৰকাৰে 2024 ৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক সংসদলৈ জিকাই নিবলৈ বদ্ধপৰিকৰ কংগ্ৰেছ দল ৷ কাৰণ সংসদত দলটোক প্ৰয়োজন গৌৰৱৰ দৰে এজন যুৱনেতাক ৷ সেয়ে গৌৰৱৰ ক্ষেত্ৰত ৰিস্ক ল’ব খোজা নাই কংগ্ৰেছে ৷

কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত গৌৰৱ গগৈৰ কলিয়াবৰ সমষ্টি নোহোৱা হৈ সৃষ্টি হ’ল নতুন সমষ্টি কাজিৰঙা ৷ কিন্তু পূৰ্বৰ কলিয়াবৰৰ দৰে গৌৰৱ গগৈৰ বাবে সুচল হৈ নাথাকিল কাজিৰঙাৰ গাঁথনি ৷ সেয়ে এতিয়া গৌৰৱৰ সমষ্টি নিৰ্বাচনক লৈ অতি সন্তপৰ্ণে আগবাঢ়িছে কংগ্ৰেছ ৷ শেহতীয়াভাৱে গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বাবে সংগ্ৰহ কৰিলে তিনিটাকৈ সমষ্টিৰ আবেদন ৷ যোৰহাট, নগাঁও আৰু কাজিৰঙা তিনিওটা সমষ্টিৰ বাবে শুকুৰবাৰে ৰাজীৱ ভৱনত আবেদন পত্ৰ দাখিল কৰা হ’ল গৌৰৱ গগৈৰ ৷ আবেদন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ নেতা বিপুল গগৈয়ে ৷

গৌৰৱ গগৈৰ হৈ আবেদন দাখিল কৰি সংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈৰ মন্তব্য যে- "কাজিৰঙা, নগাঁও আৰু যোৰহাটৰ ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই তিনিওটা সমষ্টিৰ বাবে আবেদন দাখিল কৰিছে গৌৰৱ গগৈয়ে ৷ দলে য'তেই প্ৰাৰ্থিত্ব দিব তাৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰব গগৈয়ে ৷" অৰ্থাৎ এতিয়ালৈ ঠিৰাং হোৱা নাই গৌৰৱ গগৈয়ে ক’ৰ পৰা খেলিব 2024 ৰ লোকসভা নিৰ্বাচন ?

গৌৰৱ গগৈক লৈ সমান্তৰালভাৱে ওলমি ৰ’ল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ বৰদলৈয়ে নগাঁৱৰ পৰা পুনৰ প্ৰতিদন্দ্বিতাৰ বাবে আবেদন পত্ৰ জমা কৰিছে ৷ কিন্তু কংগ্ৰেছৰ ৰাজনৈতিক পৰিৱেশে এটা কথা স্পষ্ট কৰিছে যে যদিহে জটিল ৰাজনৈতিক সমীকৰণৰ মাজত নগাঁৱত গৌৰৱ গগৈৰ জয়ৰ পথ সহজ হয় তেন্তে বৰদলৈয়ে হাই কমাণ্ডৰ নিৰ্দেশত তেঁওক এৰি দিব লাগিব নগাঁৱৰ আসনখন ৷

ৰাজনৈতিক পৰিৱৰ্তিত পৰিৱেশ আৰু সমীকৰণে যি কয় কংগ্ৰেছেও তাৰ পৰাই গৌৰৱ গগৈক জয় কৰাই নিয়াৰ উদ্দেশ্যৰে প্ৰাৰ্থিত্ব দিব সেয়া প্ৰায় নিশ্চিত ৷ অৱশ্যে কংগ্ৰেছ দলে ইয়াৰ ব্যাখ্যা বেলেগকৈ আগবঢ়াইছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, "এজন লোকে একাধিক সমষ্টিৰ বাবে আবেদন কৰিব পাৰে ৷ প্ৰদেশ কংগ্ৰেছৰ জাননীত এজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে এটা সমষ্টিৰ বাবে আবেদন কৰিব পাৰিব বুলি ধৰা-বন্ধা কৰা হোৱা নাছিল ৷ আমাৰ তিনি-চাৰিজন প্ৰাৰ্থীৰ আবেদনখন কিছু সুকীয়া বুলি সদৰি কৰি তেওঁ কয় যে জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে দুটা সমষ্টিত আবেদন কৰি দুই লাখ টকা জমা দিছে ৷”

ভূপেন বৰাই লগতে সদৰি কৰে যে দলে যি সিধান্তই দিয়ে সেয়া গৌৰৱ গগৈয়ে মানি ল'ব ৷ আনহাতে বৰপেটাৰ সাংসদ আব্দুল খালেকে কোনো সমষ্টিৰ নাম উল্লেখ নকৰাকৈয়ে জমা দিছে লোকসভাৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন ৷ সেয়ে কাজেই স্পষ্টভাৱে ক’ব পাৰি যে এতিয়াও স্পষ্ট হোৱা নাই কংগ্ৰেছৰ তিনিও গৰাকী বৰ্তমানৰ সাংসদৰ সমষ্টি ৷ কংগ্ৰেছে ইয়াৰ শেষ সময়লৈ অপেক্ষা কৰাৰ ইংগিত দিছে ৷ হয়তো কংগ্ৰেছৰ গৌৰৱ গগৈকে ধৰি আন দুগৰাকী সাংসদৰ লোকসভাৰ সমষ্টি নিৰ্ভৰ কৰিব ৰাজনৈতিক পৰিৱেশ, মূল প্ৰতিদন্দী বিজেপিৰ ৰণকৌশল আৰু প্ৰাৰ্থীৰ ওপৰত ৷

বিজেপিয়েও ৰণকৌশলেৰে এনেদৰে জাল চপাইছে যাতে কংগ্ৰেছে শেষত নগাঁৱৰ পৰা গৌৰৱ গগৈক নিৰ্বাচন খেলাবলৈ বাধ্য হয় ৷

যোৰহাটৰ পৰা গৌৰৱ গগৈৰ নাম উচ্চাৰিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পীযুষ হাজৰীকা, অজন্তা নেওগ আদি প্ৰতিনিয়ত ব্যস্ত হৈ আছে যোৰহাট লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে ৷ আনহাতে কংগ্ৰেছে নগাঁৱত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিলে প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ কন্দল হোৱাটো নিশ্চিত বুলি সেই কন্দল চাবলৈ সাজু হৈ আছে বিজেপিৰ নেতৃত্ব ৷ এতিয়া লক্ষণীয় হ’ব যে কংগ্ৰেছে কিদৰে শেষ সিধান্ত লয় গৌৰৱ গগৈসহ আন দুজন সাংসদৰ সমষ্টি নিৰ্ধাৰণ ক্ষেত্ৰত ৷

লগতে পঢ়ক : হঠাৎ সন্ধানহীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ তিনিজনকৈ কংগ্ৰেছ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.