ETV Bharat / state

APCC Bhupen Borah: অসমত কেৱল এটা পৰিয়ালৰ সম্পত্তি দৈনিক বাঢ়ি যাব ধৰিছে; ভূপেন বৰা

author img

By

Published : Aug 15, 2023, 4:16 PM IST

Etv Bharat
Etv Bharat

ৰাজীৱ ভৱনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । শাসক পক্ষই সন্মানৰ পবিত্র সংবিধানক অবমাননা তথা উপেক্ষা কৰিবলৈ চেষ্টা কৰিছে । শাসক পক্ষই চেষ্টা কৰিছে বুৰঞ্জী বিকৃত কৰাৰ ।

অসমত কেৱল এটা পৰিয়ালৰ সম্পত্তি দৈনিক বাঢ়ি যাব ধৰিছে; ভূপেন বৰা

গুৱাহাটী, ১৫ আগষ্ট: দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটী আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সৌজন্যত গুৱাহাটীৰ ৰাজীৱ ভৱনত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হয় । পতাকা উত্তোলন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।

ভাষণ প্ৰসংগত তেওঁ কয় যে দেশৰ স্বাধীনতাৰ হকে যিসকলে প্ৰাণ আহুতি দিলে তেখেতসকলৰ ত্যাগক আজি ভ্ৰুকুটি কৰি এচাম সুবিধাবাদী ৰাজনীতিকে কেৱল সম্পদ আহৰণৰ উদ্দেশ্যেই দেশৰ শাসন ব্যৱস্থাক ব্যৱহাৰ কৰিছে । যাৰ বাবে অসমত আজি কেৱল এটা মাত্ৰ পৰিয়ালৰ সম্পত্তি দৈনিক বাঢ়ি যাব ধৰিছে । চৰকাৰী বিভিন্ন অনুষ্ঠানক আজি ব্যক্তিগতকৰণ কৰি দেশৰ অৰ্থনৈতিক কাঠামোটোকেই জনগণৰ প্ৰতিকূলে দেশখনক গঢ় দিব বিচাৰিছে ।

সেয়েহে জনগণৰ স্বাৰ্থত পুনৰ দেশখন গঢ়ি তোলাৰ বাবে আজিৰ স্বাধীনতা দিৱসত আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব বুলি তেওঁ দৃঢ়তাৰে কয় । দেশৰ স্বাধীনতা সংগ্ৰামৰ সেনানীসকলক স্মৰণ কৰি তেওঁ কয় যে দেশৰ নাগৰিকে দেশৰ সংবিধানক পবিত্ৰ গ্ৰন্থ হিচাপে গণ্য কৰে । দেশৰ সংবিধানক দেশৰ নাগৰিকে কেতিয়াও অবমাননা কৰা নাই বুলি সদৰী কৰি তেওঁ কয় যে দেশৰ শাসক পক্ষই সন্মানৰ পবিত্ৰ সংবিধানক অবমাননা তথা উপেক্ষা কৰিবলৈ চেষ্টা কৰিছে ।

আজি শাসক পক্ষই বুৰঞ্জী বিকৃত কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰি তেওঁ কয় যে আমাক ধৰ্ম, ভাষা, সম্প্ৰদায়ৰ উৰ্দ্ধত দেশৰ প্ৰতিজন নাগৰিকৰ সেৱা কৰা নেতাৰ প্ৰয়োজন আছে । ভাষণ প্ৰসংগত তেওঁ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছ দলে নিজৰ দায়িত্ব আপোচ বিহীনভাৱে আগুৱাই লৈ যাব বুলি কয় ।

পতাকা উত্তোলন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে সাংসদ দ্বয় গৌৰৱ গগৈ আৰু আব্দুল খালেক, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, প্ৰাক্তন মন্ত্ৰী তথা দলৰ কোষাধ্যক্ষ শৰৎ বৰকটকী, প্ৰাক্তন মন্ত্ৰী অকন বৰা, দলৰ কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু বিধায়ক জাকিৰ হুচেইন শিকদাৰ, বিধায়ক আব্দুল ৰছিদ মণ্ডল, আব্দুল বাতেন খণ্ডকাৰ আৰু নন্দিতা দাসকে ধৰি দলৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.