ETV Bharat / state

Udalguri Encounter Case: ওদালগুৰিৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Mar 1, 2023, 9:39 AM IST

Updated : Mar 1, 2023, 10:59 AM IST

ডিম্বেশ্বৰ বসুমতাৰীৰ বাসগৃহত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপ-দলপতি ৰকিবুল হুছেইনসহ প্ৰদেশ কংগ্ৰেছৰ সঁজাতী দল (Assam police Rowta encounter case) । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ ঘটনাৰ সম্পূৰ্ণ তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ । নিহত ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী প্ৰদেশ কংগ্ৰেছৰ ।

udalguri encounter
udalguri encounter

ডিম্বেশ্বৰ মুছাহাৰীৰ গৃহত কংগ্ৰেছ প্ৰতিনিধি দল

গুৱাহাটী, ১ মাৰ্চ : অসম আৰক্ষীৰ গুলীত নিহত হোৱা ডিম্বেশ্বৰ বসুমতাৰীৰ (Dimbeswar Basumatary encounter case) বাক্সা জিলাৰ গৱৰ্ধনা থানাৰ অন্তৰ্গত জেংৰেংপাৰাস্থিত বাসগৃহত মঙলবাৰে নিশা উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপ-দলপতি ৰকিবুল হুছেইনসহ প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতী দল (congress leaders visited Dimbeswar Musahary family) । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সঁজাতী দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ওদালগুৰি জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে (congress memorandum in case of encounter) ।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী দলপতি দোৱব্ৰত শইকীয়াই কয় যে ২৪ ফেব্ৰুৱাৰীৰ দিনৰ ১০.৩০ বজাত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ ১ নং ধনশিৰি সুঁতি গাঁৱৰ নিবাসী দৈফাঙৰ মাথী দৈমাৰীৰ বাসগৃহ চৌহদত আৰক্ষী বাহিনীয়ে এজন সন্দেহযুক্ত অপৰাধীক গুলীয়াই হত্যা কৰে (Rowta encounter case update) । দৈমাৰীৰ পৰিয়ালক তেওঁলোকৰ নিজা বাসগৃহ খালী কৰিবলৈ আৰক্ষীয়ে বাধ্য কৰায় আৰু তাৰ পিছত কেনাৰাম বসুমতাৰী নামৰ এজন দুৰ্ধৰ্ষ অপৰাধীক আৰক্ষীৰ হাতৰ পৰা পলাব লওঁতে গুলীওৱা বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে ।

পৰৱৰ্তী সময়ত এই ব্যক্তিজনৰ ফটো বাতৰিকাকতত প্ৰত্যক্ষ কৰি বাক্সা জিলাৰ মানাহ অভয়াৰণ্যৰ ওচৰৰ ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে মৃত ব্যক্তিজন ডিম্বেশ্বৰ মুছাহাৰী বুলি দাবী কৰে আৰু আৰক্ষীক তেখেতৰ মৃতদেহ চমজাই দিবলৈ দাবী জনায় । এতিয়ালৈকে মৃতদেহটো আৰক্ষীয়ে কেনাৰাম বসুমতাৰীৰ বুলি দাবী কৰিলেও নিশ্চিতভাৱে কেনাৰাম বসুমতাৰীৰ নে ডিম্বেশ্বৰ মুছাহাৰীৰ এই কথা জানিব পৰা হোৱা নাই বুলি তেওঁ কয় । তেওঁ লগতে কয় যে যাৰবাবে ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে এতিয়াও তেওঁলোকৰ আপোনজনৰ মৃতদেহ সংগ্ৰহ কৰিব পৰা নাই (APCC demands judicial enquire on Udalguri incident) ।

গোটেই ঘটনাটো সন্দেহজনক আৰু দিন-দুপৰতে এনেকৈ আৰক্ষীয়ে তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ অপ-প্ৰয়োগ কৰি আইন বহিঃৰ্ভূতভাৱে এজন লোকক হত্যা কৰিলে বুলি প্ৰশ্ন কৰি তেওঁ এই ঘটনাই সমগ্ৰ অসমলৈ এক বিপদৰ সংকেত কঢ়িয়াই আনিছে বুলি সদৰী কৰে । তেওঁ লগতে কয় যে ওদালগুৰি জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি তেওঁৰ যোগেদি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ ঘটনাৰ সম্পূৰ্ণ তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে । তেওঁ নিহত ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায় । এই সমস্ত ঘটনাক গৰিহণা দিয়াৰ লগতে তেওঁ ভৱিষ্যতে এনে ঘটনা নহ'বৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে ।

লগতে পঢ়ক :Akhil Gogoi slams Cm Himanta: মুখ্যমন্ত্ৰী শৰ্মাই অসমত মুকলি হত্যালীলা আৰম্ভ কৰিছে; অখিল গগৈ

Last Updated :Mar 1, 2023, 10:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.