Assam Youth Congress Election : ঘোষণা হ’ল প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন

author img

By

Published : Dec 16, 2022, 6:36 PM IST

Assam Youth Congress Election

সংবাদমেলত প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক বৰ্ধন যাদৱ । নিৰ্বাচনী প্ৰক্ৰিয়া ঘোষণাৰ লগে লগে ভংগ হ’ল প্ৰদেশ যুৱ কংগ্ৰেছৰ বৰ্তমানৰ কমিটীখন । নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত অংকিতা দত্ত সভানেত্ৰীৰ দায়িত্বতে থাকিব । ১৮ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ অনলাইন যোগে প্ৰাৰ্থীসকলে দাখিল কৰিব পাৰিব মনোনয়ন । ২৮ ডিচেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষণ কৰি ২৯ ডিচেম্বৰত প্ৰকাশ কৰা হ’ব চূড়ান্ত প্ৰাৰ্থী তালিকা । ৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ ৰাজ্যজুৰি যুৱ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান । নতুন সদস্যই অনলাইন যোগে পচন্দৰ প্ৰাৰ্থীক দিব পাৰিব সমৰ্থন ।

গুৱাহাটী, ১৬ ডিচেম্বৰ : ঘোষণা কৰা হ’ল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ প্ৰক্ৰিয়া (Youth Congress Election)। ইয়াৰ লগে লগে ভংগ হ’ল বৰ্তমানৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ কমিটীখন । অৱশ্যে প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত অংকিতা দত্ত সভানেত্ৰীৰ দায়িত্বতে থাকিব । বৃহস্পতিবাৰে এই কথা সদৰী কৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক বৰ্ধন যাদৱে ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত বৰ্ধন যাদৱৰ লগতে প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ দায়িত্বত থকা অৰুণ গাৰ্গ আৰু নাছিৰ হুছেইনে নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কে সদৰী কৰে । সংবাদমেলত বৰ্ধন যাদৱে কয় যে, নিৰ্বাচনী প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন কমিটী ২০১৮ চনৰ ২৭ নৱেম্বৰত গঠন হৈছিল । যুৱ কংগ্ৰেছৰ সংবিধান অনুসৰি তিনি বছৰৰ বাবে কমিটীখন থাকে আৰু তিনি বছৰ পাচত নিৰ্বাচন অনুষ্ঠিত হয় ।

২০২১ চনত ক’ভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল আৰু উপ-সভাপতিৰ দায়িত্বত থকা অংকিতা দত্তক সভাপতি (Assam IYC President Angkita Dutta) হিচাপে বাচনি কৰি এবছৰৰ বাবে দায়িত্ব দিয়া হৈছিল । এবছৰ সম্পূৰ্ণ হোৱাৰ পাচত এতিয়া নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । অসমত ভাৰত জোড়ো যাত্ৰা চলি থকা বাবে ঘোষণা কৰা হোৱা নাছিল ।

লগতে পঢ়ক : Assam IYC President Angkita Dutta: ৰাজীৱ ভৱনত সংবাদমেল দিবলৈ চোৰ-ডকাইত আহিছে: অংকিতা দত্ত

তেওঁ লগতে কয় যে, দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ অনুমতি সাপেক্ষ্যে এই নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । আনহাতে, এই বিষয়ত অংকিতা দত্তই কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, অংকিতা দত্ত এগৰাকী দক্ষ নেত্ৰী আৰু তেওঁ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ।

নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে নিয়ম মতেই, বৰ্তমানৰ কমিটীখন ভংগ হৈছে যদিও নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত অংকিতা দত্তই প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত থাকিব । তেওঁৰ বিৰুদ্ধে অংকিতা দত্তই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে, কিবা ক’বলগীয়া থাকিলে দলৰ মজিয়াত কলেই হ’ব । দলৰ বাহিৰত কোৱাৰ কথা নাই ।

লগতে পঢ়ক : Ankita Dutta removed: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী পদৰ পৰা অপসাৰণ অংকিতা দত্তক

নিৰ্বাচন সন্দৰ্ভত সংবাদমেলত আন এজন তত্বাৱধায়ক নাছিৰ হুছেইনে কয় যে, নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে অনলাইন যোগে হ’ব । ১৮ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ অনলাইন যোগে প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব । প্ৰাৰ্থীসকলৰ বিৰুদ্ধে কিবা অভিযোগ থাকিলে সদস্যসকলে দিব পাৰিব ।

২৮ ডিচেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষণ কৰি ২৯ ডিচেম্বৰত চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ’ব । ৱেবচাইটত প্ৰাৰ্থী তালিকা দিয়া হ’ব । আনহাতে, ৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ ৰাজ্যজুৰি যুৱ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান চলিব (Youth Congress membership drive)। অনলাইন যোগে সদস্যভৰ্তি হ’ব পাৰিব আৰু লগতে সদস্যসকলে নিজৰ পচন্দৰ প্ৰাৰ্থীক অনলাইন যোগেদি ভোট দিব পাৰিব ।

৫০ টকা মাচুল দি সদস্য পদ ল’ব পাৰিব । প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন সমষ্টি, জিলা আৰু ৰাজ্যিক ভিত্তিত বিভিন্ন পদৰ বাবে অনুষ্ঠিত হ’ব বুলি তেওঁ কয় । অনলাইনযোগে নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাচত কমিটীখন গঠন কৰা হ’ব ।

আনহাতে, সংবাদমেলত লটাৰিযোগে ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, বজালী আৰু মৰিগাঁও জিলাৰ সভাপতি পদটো এছ টি আৰু এছ চিৰ বাবে সংৰক্ষিত কৰা হয় ।

লগতে পঢ়ক : Dr Ankita Dutta removed: যুৱ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা অংকিতা দত্তক অপসাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.