Assam IYC President Angkita Dutta: ৰাজীৱ ভৱনত সংবাদমেল দিবলৈ চোৰ-ডকাইত আহিছে: অংকিতা দত্ত

author img

By

Published : Dec 16, 2022, 5:02 PM IST

Updated : Dec 16, 2022, 9:18 PM IST

Assam IYC President Angkita Dutta

প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অংকিতা দত্তক অপসাৰণ কৰা প্ৰসংগক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া । ক্ষোভ উজাৰিলে অংকিতা দত্তই (Youth Congress President Angkita Dutta)। আমাক অন্ধকাৰত ৰাখি এই কাম কিয় কৰা হৈছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, আমাৰ মান-সন্মান নাই নেকি ?

ৰাজীৱ ভৱনত সংবাদমেল দিবলৈ চোৰ-ডকাইত আহিছে : অংকিতা দত্ত

গুৱাহাটী, ১৬ ডিচেম্বৰ: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অংকিতা দত্তক অপসাৰণ কৰা বিষয়টো এতিয়াও অস্পষ্ট হৈ আছে । অসমত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ বৃহস্পতিবাৰে সামৰণিৰ দিনা অংকিতা দত্তক প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ খবৰ ওলাইছিল (Angkita Dutta removed from post)। আনকি এই সন্দৰ্ভত অংকিতা দত্তই প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছিল ।

দলৰ বাবে ভাল কাম কৰাৰ বাবেই তেওঁক এনেদৰে অপসাৰণ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল অংকিতা দত্তই (Youth Congress President Angkita Dutta)। প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ বাবে সদস্য পদ ঘোষণাৰ বাবে ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰা বুলি তেওঁ মেইল লাভ কৰাৰ কথা ব্যক্ত কৰে অংকিতা দত্তই । অৱশ্যে কোনে ইয়াৰ আয়োজন কৰিছে সেই বিষয়ে তেওঁ অজ্ঞতা প্ৰকাশ কৰে ।

অংকিতা দত্তই এই কাৰ্যক অপমানজনক আখ্যা দি সহস্ৰাধিক দলীয় নেতা-কৰ্মীক লগত লৈ দলৰ পৰা আঁতৰি যোৱাৰো হুংকাৰ দিছিল । এই সমগ্ৰ বিষয় সংবাদ মাধ্যমযোগে ৰাজহুৱা হোৱাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ(Assam Pradesh Congress) তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয় । এক বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই কয় যে অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ সম্পৰ্কত একাংশ সংবাদ মাধ্যমে এক অপপ্ৰচাৰ চলাই আছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জানিবলৈ দিছে (APCC President Bhupen Borah)।

প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা সদায় যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ দৰে যুৱনেত্ৰীৰ পক্ষত আছে বুলি মন্তব্য কৰে মনজিৎ মহন্তই । ভাৰতীয় যুৱ কংগ্ৰেছ এটি স্বতন্ত্ৰ সংগঠন আৰু এই মুহুৰ্তলৈকে অংকিতা দত্ত সম্পৰ্কে কোনো আলোচনা প্ৰদেশ কংগ্ৰেছৰ সৈতে কৰা নাই বা তেওঁৰ সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণৰ কথাও অসম প্ৰদেশ কংগ্ৰেছ কমিটীক ভাৰতীয় যুৱ কংগ্ৰেছে অৱগত কৰা নাই বুলি বিবৃতিটোত কোৱা হয় ।

প্ৰদেশ কংগ্ৰেছৰ এনে বিবৃতিৰ বিপৰীতে শুকুৰবাৰে অংকিতা দত্তই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । অংকিতাই কয় যে আমাক অন্ধকাৰত ৰাখি এই কাম কিয় কৰা হৈছে ? আমাৰ মান-সন্মান নাই নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । কংগ্ৰেছৰ ভিতৰত বহুত মানুহ কিনি থোৱা আছে বুলিও তেওঁ অভিযোগ কৰে । আগলৈয়ো কংগ্ৰেছৰ হৈ কাম কৰি যোৱাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাবধায়ক হিচাবে বৰ্ধন যাদৱক দায়িত্ব দিয়া হৈছে । যিজন বৰ্ধন যাদৱৰ বিৰুদ্ধে আছে কেলেংকাৰীৰ অভিযোগ । তেনে লোকক কেনেকৈ দায়িত্ব দিয়া হ'ল বুলি প্ৰশ্ন কৰি অংকিতা দত্তই কয় যে তেওঁক পইচাৰ টোপোলা কোনে দিলে ? পইচাৰ এই টোপোলা বিজেপিয়ে, নে বিজেপিৰ পৰা চেক পোৱা কংগ্ৰেছৰ নেতা-পালিনেতাই দিলে বুলি প্ৰশ্ন কৰে অংকিতা দত্তই ।

তেওঁ লগতে কয় যে ৰাজীৱ ভৱনত সংবাদমেল দিবলৈ চুৰ-ডকাইত আহিছে আৰু ৰাজীৱ ভৱনে গমেই নাপায় । প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিং(AICC general secretary Jitendra Singh) আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই বিষয়ে একোৱে গম নাপাই যদি কোনে গম পাব বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, এই বিষয়ে বিজেপিয়ে গম পাব নেকি ?

উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছত লবীকেন্দ্ৰীক ৰাজনীতি সক্ৰিয় হৈ থকাটো নতুন কথা নহয় যদিও শেহতীয়া অধিক তীব্ৰতৰ হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত দলটোৰ ভিতৰচ'ৰাত যথেষ্ট বাদানুবাদ তথা সংঘাতৰ সৃষ্টি হৈছে । জানিব পৰামতে লবীকেন্দ্ৰীক ৰাজনীতিৰ বাবেই অংকিতা দত্তক প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ কুচ-কাৱাজ দীৰ্ঘদিন ধৰি চলি আহিছিল ।

অংকিতা দত্তই এই কাৰ্যক সহজভাৱে লোৱা নাই । তেওঁ দলীয় নেতৃত্বৰ বিৰুদ্ধে ব্যাপক ক্ষোভ উজাৰিছে । অংকিতা দত্তক অপসাৰণ কৰাৰ পাছত প্ৰদেশ যুৱ কংগ্ৰেছত ব্যাপক ক্ষহনীয়া হোৱাৰ আশংকা কৰা হৈছে । ইতিমধ্যে প্ৰদেশ যুৱ কংগ্ৰেছত ইয়াৰ প্ৰভাৱ দেখা গৈছে । যুৱ কংগ্ৰেছৰ কেইবাজনো নেতাই পদত্যাগ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Winter Session 2022 : সংসদৰ শীতকালীন অধিবেশনত কংগ্ৰেছ বিজেপিৰ তীব্ৰ বাদানুবাদ

Last Updated :Dec 16, 2022, 9:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.