ETV Bharat / state

Ankita Dutta removed: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী পদৰ পৰা অপসাৰণ অংকিতা দত্তক

author img

By

Published : Dec 15, 2022, 9:48 PM IST

Ankita Dutta removed
Ankita Dutta removed

অংকিতা দত্তক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী পদৰ পৰা অপসাৰণ (Ankita Dutta removed from Youth Congress president) ৷ লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবেই অংকিতা দত্তক প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী পদৰ পৰা অপসাৰণ কৰাৰ কুচ-কাৱাজ দীৰ্ঘদিন ধৰি চলি আহিছিল । এটা লবীয়ে তেওঁক অপসাৰণ কৰাৰ বাবে শীৰ্ষ নেতৃত্বৰ ওচৰত হেঁচা প্ৰয়োগ কৰি আহিছিল ।

গুৱাহাটী, 15 ডিচেম্বৰ: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী পদৰ পৰা অপসাৰণ কৰা হৈছে অংকিতা দত্তক (Ankita Dutta removed from Youth Congress president) । অসমত ভাৰত জোড়ো যাত্ৰাৰ সামৰণিৰ দিনাই অংকিতা দত্তক প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রীৰ পদৰ পৰা অপসাৰণ কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে প্ৰদেশ কংগ্ৰেছে এই কথা এতিয়াও স্পষ্ট কৰা নাই । দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত সভানেত্রী অংকিতা দত্তক অপসাৰণ কৰা বুলি জানিব পৰা গৈছে (Youth Congress president Ankita Dutta)।

আনহাতে ভাৰত জোড়ো যাত্রাত সক্ৰিয়ভাৱে অংশ গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন হৈছে অংকিতা দত্তৰ বিৰুদ্ধে । উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছত লবীকেন্দ্ৰিক ৰাজনীতি সক্ৰিয় হৈ থকাটো নতুন কথা নহয় যদিও শেহতীয়া কিছু বছৰৰ পৰা ই অধিক তীব্ৰতৰ হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত দলটোৰ ভিতৰচ'ৰাত যথেষ্ট বাদানুবাদ তথা সংঘাতৰ সৃষ্টি হৈছে (Internal conflict in Congress)।

জানিব পৰা মতে লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবেই অংকিতা দত্তক প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী পদৰ পৰা অপসাৰণ কৰাৰ কুচ-কাবাজ দীৰ্ঘদিন ধৰি চলি আহিছিল । এটা লবীয়ে তেওঁক অপসাৰণ কৰাৰ বাবে শীৰ্ষ নেতৃত্বৰ ওচৰত হেঁচা প্ৰয়োগ কৰি আহিছিল ।

উল্লেখ্য যে, প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন দুই-এদিনতে ঘোষণা কৰাৰ কথা আছে (Youth Congress election)। ইয়াৰ পূৰ্বেই কংগ্ৰেছ হাইকামাণ্ডে সভানেত্রী অংকিতা দত্তক অপসাৰণ কৰা বুলি জানিব পৰা গৈছে । ইফালে যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ বাবে গুৱাহাটীত উপস্থিত হৈছে যুৱ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব । পূৰ্বেও অংকিতা দত্তক বিভিন্ন প্ৰসংগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল । অংকিতা দত্তৰ এই অপসাৰণৰ পাছত যুৱ কংগ্ৰেছত ব্যাপক খহনীয়া হোৱাৰ আশংকা কৰা হৈছে । অৱশ্যে প্ৰদেশ কংগ্ৰেছে এইক্ষেত্রত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

মন কৰিবলগীয়া যে, পূৰ্বেও বহুবাৰ অংকিতা দত্তই কংগ্ৰেছ ত্যাগ কৰি আন দলত যোগদান কৰিব বুলি চৰ্চা হৈছিল । তেনেস্থলত এই অপসাৰণক অংকিতা দত্তই কিভাৱে গ্ৰহণ কৰে সেয়া সময়েহে ক'ব । কিন্তু অংকিতা দত্তই কংগ্ৰেছ ত্যাগ কৰিলে যুৱ কংগ্ৰেছৰ বহু নেতা আঁতৰি যোৱাৰ সম্ভাৱনা আছে । ২০২১ চনৰ ২৫ নৱেম্বৰত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল ড৹ অংকিতা দত্ত । ইফালে ইডিয়ে পুনৰ অংকিতা দত্তলৈ চমন জাৰি কৰিছে ।

লগতে পঢ়ক: Conflict between BJP and NPP: বিজেপিৰ পৰা নিজকে ৰক্ষাৰ চেষ্টা কনৰাড চাংমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.