ETV Bharat / state

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ২০২৩ বৰ্ষৰ অৱলোকন

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 7:37 PM IST

Assam Political Context: ২০২৩ ৰ বেলি ইতিমধ্যে পাটত বহিছে ৷ নতুন উদ্যমেৰে এটা নতুন ইংৰাজী বৰ্ষক আঁকোৱালি ল’বলৈ সাজু হৈছে বিশ্ববাসী ৷ পিচে এৰি অহা দিনবোৰ জানো আমি পাহৰি পেলাম ! নানা ঘটনা-পৰিঘটনাই আমাক সোঁৱৰাই থাকিব এৰি অহা দিনক ৷ ২০২৩ বৰ্ষত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত কি কি গুৰুত্বপূৰ্ণ ঘটনা ঘটিল ? ইটিভি ভাৰতৰ মানিক ৰয়ে এই সন্দৰ্ভত আগবঢ়াইছে এক বিশেষ প্ৰতিবেদন...

Assam in 2023
Assam Political Context

গুৱাহাটী, ২৭ ডিচেম্বৰ: অতীত হোৱাৰ দিশে ধাৱমান হৈছে ২০২৩ । অহা সোমবাৰে উদয় হ’ব নতুন বছৰৰ নতুন সূৰ্য । বিভিন্ন ক্ষেত্ৰৰ লগতে ২০২৩ চনটো অসমৰ ৰাজনীতিৰ বাবে আছিল অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ । বহু ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হ’ল এই বছৰটো । ৰাজনৈতিক ক্ষেত্ৰখনত বহু নতুনত্ব দেখা গ'ল বিদায়ী বৰ্ষটোত ।

এই বছৰটোতেই অসম বিধানসভাই লাভ কৰিলে স্থায়ী ঠিকনা । ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এয়া আছিল এক উল্লেখযোগ্য দিশ । ৩০ জুলাইত স্থায়ী ঠিকনাৰে নতুন ৰূপ পালে অসম বিধানসভাই । ইয়াৰ লগে লগে ইতিহাস হৈ পৰে অসম বিধানসভাৰ পুৰণি ভৱন । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ নতুন ভৱন । ৩৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অসম বিধানসভাৰ ভৱনটোত প্ৰযোজ্য কৰা হৈছে অত্যাধুনিক বিভিন্ন সা-সুবিধা । বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে নতুন স্থায়ী ভৱনটো নিৰ্মাণ কৰা হৈছে ।

অত্যাধুনিক ব্যৱস্থাৰে নতুন ভৱনটো নিৰ্মাণ কৰা হৈছে । সম্পূর্ণ ডিজিটেল ব্যৱস্থাৰে নতুন ভৱনত কাম-কাজ পৰিচালনা কৰাৰ ব্যৱস্থা কৰা হৈছে । বহু মহলীয়া এই ভৱনটোত মুঠ ৭খন লিফট সংযোগ কৰা হৈছে । সেইদৰে লাইটকে ধৰি বহু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে । ভৱিষ্যতৰ দিশটোৰ ওপৰত চিন্তা কৰি এই ভৱনত সদস্যৰ আসনৰ সংখ্যা ১৮৬খন কৰা হৈছে । ২০২৩ বৰ্ষটোত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে অসম বিধানসভাৰ নতুন ভৱনটো এক লেখত ল'বলগীয়া দিশ ।

সেইদৰে ২০২৩ বৰ্ষটোত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে আন এটা উল্লেখযোগ্য দিশ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ । ৰাজ্যৰ ৰাজনীতিত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণে । কাৰণ বহু ৰাজনীতিকৰ ৰাজনৈতিক ভৱিষ্যতক প্ৰভাৱিত কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণে । লক্ষণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণত লোকসভা আৰু বিধানসভাৰ আসনৰ সংখ্যা পূৰ্বৰ দৰেই ৰখা হৈছে যদিও সীমাৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি কৰা হয় ।

দেশৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়ল অনুসৰি সকলো বিধানসভা আৰু লোকসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল । গ্ৰামাঞ্চলত গাঁও আৰু চহৰাঞ্চলত ৱাৰ্ডক ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল । সেই অনুসৰি ৰাজ্যত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা আসনৰ সংখ্যা ৮ ৰ পৰা ৯ লৈ আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা আসনৰ সংখ্যা ১৬ৰ পৰা ১৯ লৈ বৃদ্ধি কৰা হয় ।

সেইদৰে বড়োলেণ্ডৰ জিলাসমূহত বিধানসভা আসনৰ সংখ্যা ১১ ৰ পৰা ১৫ লৈ বৃদ্ধি কৰা হয় । আনহাতে, পশ্চিম কাৰ্বি আংলং জিলাত বিধানসভাৰ এখন আসন বৃদ্ধি কৰা হৈছে । ধেমাজি জিলাত এখন আসন অসংৰক্ষিত ৰখা হয় । সেইদৰে ডিফু আৰু কোকৰাঝাৰ লোকসভা আসনকেইখন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে । লখিমপুৰ লোকসভা আসনখন অসংৰক্ষিত ৰখা হৈছে । বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত দুখন লোকসভা আসনেই ৰখা হৈছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণত ১৯ টা বিধানসভা সমষ্টিৰ লগতে দুটা লোকসভা সমষ্টিৰ নতুন নামাকৰণ কৰা হয় । উল্লেখ্য যে দেশৰ নিৰ্বাচন আয়োগে ১৯-২১ জুলাইত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ সন্দৰ্ভত গুৱাহাটীত ৰাজহুৱা শুনানি গ্ৰহণ কৰিছিল । মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলেৰে গঠিত আয়োগে তিনিদিনৰ ভিতৰত ৰাজনৈতিক দল, নাগৰিক সমাজ, বিভিন্ন সংগঠন আৰু জনসাধাৰণৰ প্ৰতিনিধিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰস্তাৱৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছিল ।

তিনিদিনত আয়োগে ৩১খন জিলাৰ ১২০০ ৰো অধিক প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰাৰ উপৰি ২০ টাৰো অধিক ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হৈছিল । আনহাতে তিনিদিনত ছয় হাজাৰৰো অধিক লোকে ৰাজহুৱা শুনানিত অংশ গ্ৰহণ কৰিছিল । ইয়াৰ পিছত নিৰ্বাচন আয়োগে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ১১ আগষ্টত প্ৰকাশ কৰা চূড়ান্ত তালিকাত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায় । ৰাজ্যখনত ২০২৪ চনৰ লোকসভা নিৰ্বাচন পুনৰ নিৰ্ধাৰিত সমষ্টি অনুসৰিয়েই অনুষ্ঠিত হ'ব ।

ইফালে ২০২৪ ৰ অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২০২৩ বৰ্ষটো ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । প্ৰতিটো ৰাজনৈতিক দল লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে । শাসক-বিৰোধী উভয়ে ২০২৩ বৰ্ষটোত নিজা নিজা ৰণকৌশলেৰে ৰণত নামিছে ।

বছৰটোত ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে অন্যতম এক গুৰুত্বপূৰ্ণ দিশ হৈছে যে বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে বৰ্ষটোত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১৫ টাকৈ বিৰোধী ৰাজনৈতিক দল । কেৱল এ আই ইউ ডি এফ দলক বাদ দি বাকী প্ৰায় সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ গঠন কৰিছে বিৰোধী ঐক্য মঞ্চ । এই ঐক্য মঞ্চ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে বিশেষভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে । ইতিমধ্যে বিৰোধী ঐক্য মঞ্চই কেইবালানিও আলোচনাত মিলিত হৈ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ।

প্ৰতিটো সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ একোজন উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ সহমতত উপনীত হৈছে । অৱশ্যে আসন বুজাবুজিৰ ক্ষেত্ৰত এতিয়াও চূড়ান্ত সিদ্ধান্ত উপনীত হোৱা নাই বিৰোধী ঐক্য মঞ্চ । ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ অখিল গগৈৰ নেতৃত্বৰ ৰাইজৰ দল আৰু সাংসদ অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণমৰ্চাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ বিপৰীতে আম আদমি পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে তিনিখনকৈ আৰু চি পি আই এম দলে এখন আসন দাবী কৰিছে ।

আনহাতে কংগ্ৰেছৰ ৭৯ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ১৪ টা সমষ্টিৰ বাবে টিকট বিচাৰি আবেদন কৰিছে । বিজেপিক প্ৰতিহত কৰাৰ বাবে ১৫ টা বিৰোধী দল ঐক্যবদ্ধ হৈছে যদিও আসনৰ বিষয়টো এতিয়াও অমীমাংসিত হৈ আছে । নতুন বছৰত ইয়াৰ এটা দিশ নিৰ্ণয় হ'ব । ইফালে বিদায়ী বৰ্ষটোত বিৰোধী ঐক্য মঞ্চৰ তিনি 'গগৈ' ক্ৰমে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ ঐক্যয়ো বিশেষ চৰ্চাৰ বিষয় হৈছে । তিনি গগৈৰ ঐক্যই কিছু পৰিমাণে হ'লেও শংকিত কৰিছে শাসকীয় দল বিজেপিক ।

আনহাতে বিৰোধী ঐক্য মঞ্চৰ এই কুচ-কাৱাজৰ বিপৰীতে অকলশৰীয়া হৈ পৰিছে এ আই ইউ ডি এফ দল । এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলে বিৰোধী ঐক্য মঞ্চত চামিল হোৱাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আহিছে যদিও সফল হ'ব পৰা নাই । সৰ্বভাৰতীয় পৰ্যায়ত গঠন হোৱা বিৰোধীৰ ঐক্য মঞ্চ 'ইণ্ডি'ৰ নেতৃত্বৰ দুৱাৰে দুৱাৰে ঘূৰিও সফল হ'ব পৰা নাই সাংসদ আজমল ।

যাৰ পৰিপ্ৰেক্ষিতত এ আই ইউ ডি এফ দলে লোকসভা নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ বাবে সাজু হৈছে যদিও বিৰোধী ঐক্য মঞ্চত চামিল হোৱাৰ আশা এৰি দিয়া নাই । বিৰোধী ঐক্য মঞ্চই এ আই ইউ ডি এফক সাম্প্ৰদায়িক আখ্যা দি কোনো কাৰণতে চামিল নকৰাৰ কথা ইতিমধ্যে স্পষ্ট কৰি দিছে ।

আনহাতে ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ বিদায়ী বৰ্ষটোত শাসকীয় দল বিজেপি বিশেষভাৱে তৎপৰ আছিল । ভোটৰ অংকত ৰাজনৈতিক চমক সৃষ্টিৰ বাবে বিজেপি চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰাৰ লগতে হিতাধিকাৰী সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰিছে । আনকি হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰাৰ নামত ৰাজকোষ উদং হৈ পৰাত ঋণৰ ওপৰত ঋণ লোৱাৰ ক্ষেত্ৰতো থমকি ৰোৱা নাই চৰকাৰ । বৰ্তমান সময়ত চৰকাৰে লোৱা ঋণৰ পৰিমাণ ডেৰ লাখ কোটি টকাৰ ওপৰত হৈছে । চৰকাৰে লোৱা এই ঋণৰ প্ৰসংগও বৰ্ষটোত ৰাজনৈতিকভাৱে বিশেষ চৰ্চাৰ বিষয় আছিল ।

ইফালে শাসকীয় দল বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এঘাৰ প্লাছৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । সেই লক্ষ্য পূৰণৰ বাবে বিজেপিয়ে ইতিমধ্যে ৰণকৌশল অৱলম্বন কৰি ফিল্ডত নামিছে । ইফালে বিজেপিৰ এনে তৎপৰতাত অনিশ্চয়তাত ভুগিছে মিত্ৰদল অগপ । বিজেপিয়ে কেইখন আসন এৰি দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও কমেও তিনিখন আসনৰ আশা পুহি ৰখা অগপই নিজাকৈ নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ।

ইফালে বৰ্ষটোত চৰকাৰে কেইবাটাও অভিলেখ সৃষ্টিকাৰী কাম কৰে । বিশেষকৈ ১১,৩০৪ তকৈও অধিক নাচনী আৰু ঢুলীয়াই এটা স্থানত সমবেত হৈ বিহুনাচ, বিহুনাম আৰু বিহু ঢোলবাদনৰ সৰ্ববৃহৎ অনুষ্ঠান প্ৰদৰ্শন কৰি দুটাকৈ গিনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰে । লক্ষণীয় বিষয় যে এই অনুষ্ঠান উপভোগ কৰে প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদীয়ে । সেইদৰে অসম চৰকাৰে 'অমৃত বৃক্ষ আন্দোলন' অভিযানৰ অধীনত ছেপ্টেম্বৰ আৰু অক্টোবৰত এক বৃহৎ গছপুলি ৰোপণ অভিযানৰ বাবে ৯ টা গিনিজ ৱ’ৰ্ল্ড ৰেকৰ্ডছ কৰে ।

আনহাতে বছৰটোৰ অন্তিম সময়ত ৰাজ্যখনৰ বাবে এটা ভাল ৰাজনৈতিক খবৰ হ'ল যে আলফা শান্তি চুক্তি ৷ 29 ডিচেম্বৰত দিল্লীৰ নৰ্থ ব্লকত বিয়লি পাঁচ বজাত আলফাৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শান্তিচুক্তি স্বাক্ষৰিত হ’ব ৷ অৱশ্যে এই চুক্তিৰ পৰা আঁতৰত আছে আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱা । বিদায়ী বৰ্ষটোত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন বহু স্মৃতিৰ সাক্ষী হৈ ৰ'ল । প্ৰৱীণ বড়ো, দিব্যজ্যোতি মেধিৰ লগতে বহুতো নেতা দল-সংগঠন সলনি কৰে ৷ মুঠৰ ওপৰত বহু ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হৈ ইতিহাসৰ পাতত এতিয়া বিলীন হোৱাৰ দিশে গতি কৰিছে ২০২৩ বৰ্ষটো ।

লগতে পঢ়ক: অৰণ্যৰ পৰা নৰ্থ ব্লকলৈ: 12 বছৰীয়া প্ৰচেষ্টাৰে 44 বছৰীয়া পৰিক্ৰমাৰ অৰ্ধসমাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.