ETV Bharat / state

বুধবাৰৰ পৰা অম্বুবাচী মেলা: উখল-মাখল শক্তিপীঠ কামাখ্যা

author img

By

Published : Jun 21, 2022, 9:14 PM IST

বুধবাৰৰ পৰা অম্বুবাচী মেলা: উখল-মাখল শক্তিপীঠ কামাখ্যা
বুধবাৰৰ পৰা অম্বুবাচী মেলা: উখল-মাখল শক্তিপীঠ কামাখ্যা

বুধবাৰৰ পৰা অম্বুবাচী মেলা । উখল-মাখল হৈ পৰিছে শক্তিপীঠ কামাখ্যা । ২৩, ২৪ আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব । ২৬ জুনত দেৱী স্নান নিত্য পূজা সমাপন হোৱাৰ পিছতে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হব ।

গুৱাহাটী, ২১ জুন: কাইলৈৰ পৰা অম্বুবাচী মেলা । উখল মাখল হৈ পৰিছে শক্তিপীঠ কামাখ্যা (Ambubashi Mela will start from Wednesday at Kamakhya) । সাধু সন্ন্যাসীৰে ভৰি পৰিছে নীলাচল পাহাৰ । বুধবাৰে নিশা ৮ বাজি ১৮ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি হব । ২৩, ২৪ আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব । ২৬ জুনত দেৱী স্নান নিত্য পূজা সমাপন হোৱাৰ পিছতে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হব ।

বুধবাৰৰ পৰা অম্বুবাচী মেলা: উখল-মাখল শক্তিপীঠ কামাখ্যা

অম্বুবাচী মেলাক কেন্দ্ৰ কৰি দেশ বিদেশৰ বহু ভক্ত অহাৰ লগতে সাধু সন্ন্যাসীৰে পৰিছে কামাখ্যা মন্দিৰ । বিভিন্ন স্থানৰ পৰা অহা ভক্তসকলৰ বাবে প্ৰশাসনে ফাঁচী বজাৰ পুৰণি জেল চৌহদ, কামাখ্যা ষ্টেচন আৰু পাণ্ডু পোৰ্টত ৩ টা শিবিৰৰ ব্যৱস্থা কৰিছে । যত ১৫-২০ হাজাৰ লোক থাকিব পৰা ব্যৱস্থা আছে । প্ৰয়োজন হ'লে ২৫-৩০ হাজাৰ লোক থাকিব পৰা ব্যৱস্থা কৰা হব । য'ত NGO সমূহে খাদ্য,পানী আদিৰ যোগান ধৰিছে বুলি সংবাদ মাধ্যমৰ আগত কয় পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Tourism Minister Jayanta Malla Baruah) । তেওঁ কয় যে তিনি বছৰ পূৰ্বে অম্বুবাচী মেলাত ২২ লাখ ভক্তৰ সমাগম হৈছিল ।

পূৰ্বতে ৬-৭ টা শিবিৰ বনোৱা হৈছিল য'ত ৬০-৭০ হাজাৰ ভক্ত থাকিব পাৰিছিল । এইবাৰ বানপানী আৰু ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি অম্বুবাচী অনুষ্টুপীয়াকৈ আয়োজন কৰাৰ চেষ্টা কৰা হৈছে । এইবাৰ কোনো উদ্বোধনী অনুষ্ঠান আৰু কোনো ধৰণৰ সংস্কৃতিক অনুষ্ঠান নাথাকিব । তদুপৰি এইবাৰ ভি আই পি, ভি ভি আই পিৰ কোনো ব্যৱস্থা নাথাকিব । কোনো ধৰণৰ ব্যক্তিগত বাহন মন্দিৰলৈ যাবলৈ দিয়া নহব । দৰ্শনাৰ্থী সকলে তলৰ পৰা খোজ কাঢ়ি যাব লাগিব । জ্যেষ্ঠ নাগৰিক, অসুস্থ লোকৰ বাবে ফেৰী গাড়ীৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয় ।

লগতে পঢ়ক: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ হুংকাৰ অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.