ETV Bharat / state

শিলসাকোঁৰ উচ্ছেদক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম ট্ৰাইবেল সংঘ

author img

By

Published : May 16, 2022, 8:38 PM IST

চৰকাৰে চলাই অহা উচ্ছেদসমূহক লৈ বিতুষ্ট ৰাজ্যৰ দল-সংগঠন । একেদৰে পূৰ্বে কোনো ধৰণৰ জাাননী প্ৰেৰণ নকৰাকৈ শিলসাঁকোত চলোৱা উচ্ছেদৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ট্ৰাইবেল সংঘ । গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি ক্ষোভ উজাৰিলে সংগঠনটোৰ বিষয়ববীয়াই(Press Conference of All Assam Tribal Association) ।

all assam tribal association against silsako eviction
শিলসাকোঁৰ উচ্ছেদকলৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম ট্ৰাইবেল সংঘ

গুৱাহাটী, ১৬ মে': শিলসাকোঁৰ উচ্ছেদক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম ট্ৰাইবেল সংঘ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰীয়ে কয় যে চৰকাৰে ভূমিপুত্ৰ সকলক উচ্ছেদ নকৰা বা বন আইনৰ অধীনত ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল(Press Conference of All Assam Tribal Association) ।

কিন্তু শিলসাকোঁ বিলৰ উচ্ছেদৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত স্থিতি দেখা গ'ল চৰকাৰৰ । চৰকাৰে কোনো ধৰণৰ অগ্ৰীম জাননী প্ৰেৰণ নকৰাকৈয়ে বৰ্বৰভাৱে উচ্ছেদ কৰিলে জনজাতীয় খিলঞ্জীয়া লোকসকলক । মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে ।

শিলসাকোঁৰ উচ্ছেদকলৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম ট্ৰাইবেল সংঘ

উচ্ছেদিত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দি পুনৰ সংস্থাপন কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে(Demand suitable compensation to the evicted people) । এই লোকসকল কেনেকৈ তাত বহিছিল প্ৰথমে তাক তদন্ত কৰিব লাগিছিল চৰকাৰে । কমিচনৰ অংকত তেওঁলোকক শিলসাঁকো বিলত বহিবলৈ দিয়াৰ অভিযোগ কৰে । শিলসাকোঁ বিলত থকা দুখনকৈ হোটেল আৰু বিলাসী এপাৰ্টমেন্টত কিয় প্ৰশাসনৰ বুলডজাৰ নচলিল তাকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে সদৌ অসম ট্ৰাইবেল সংঘই ।

আনহাতে সংবাদমেলত অনুসূচীত জনজাতিৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক কাৰ্যালয়লৈ নোযোৱাকৈ শ্ৰেণী কোঠাতে কাষ্ট চাৰ্টিফিকেট প্ৰদানৰ চৰকাৰী সিদ্ধান্তকো আদৰণি জনায় সংঘই । আনহাতে ২০০৯ চনৰ পূৰ্বে বহু অ-জনজাতি লোকে বিভিন্ন কৌশলেৰে জালিয়াতি কৰি জনজাতীয় কাষ্ট চাৰ্টিফিকেট উলিয়াই বিভিন্ন সুবিধা লৈছিল বুলি মন্তব্য খাকলাৰীৰ ।

সেইবাবে ২০০৯ চনৰ পূৰ্বৰ সমূদায় কাষ্ট চাৰ্টিফিকেটৰ শুদ্ধতা নিৰূপন কৰাৰ দাবী উত্থাপন কৰে সংবাদমেলত । লগতে চৰকাৰৰ এই পদক্ষেপৰ ফলত কাষ্ট চাৰ্টিফিকেটৰ জালিয়াতি নোহোৱা হ'ব বুলিও মন্তব্য কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক: নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰত কৃত্ৰিম বান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.