ETV Bharat / state

AASU Age Controversy : বয়সৰ ভৰ ল’ব পৰা নাই আছুৱে ! এইবাৰ বিদায় মাগিবনে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ?

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:27 PM IST

Updated : Nov 9, 2023, 10:58 PM IST

AASU Age Controversy
বয়সৰ ভৰ ল’ব পৰা নাই আছুৱে !

বয়সস্থ লোকে ছাত্ৰ সন্থাৰ দায়িত্ব বহন কৰি অহাৰ প্ৰসংগটোৱে ৰাজ্যত লাভ কৰিছে বিশেষ চৰ্চা ৷ জ্যেষ্ঠ নাগৰিকো ছাত্ৰ সন্থাৰ বিষয়ববীয়া হোৱাৰ বিষয়টো চৰ্চিত হৈ থকাৰ সময়তে বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে এখন তালিকা ৷ তালিকাখন দেখিলে সকলোৱে ধাৰণা স্পষ্ট হ’ব যে, ছাত্ৰ হোৱাৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে ৷

গুৱাহাটী, ৯ অক্টোবৰ : এইবাৰ আছুৰ পৰা বিদায় ল’বনে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ? বয়সস্থ ছাত্ৰৰ কবলৰ পৰা মুক্ত হ’বনে আছু ? এইদৰে সদৌ অসম ছাত্ৰ সন্থাক লৈ সম্প্ৰতি অসমৰ সংবাদ মাধ্যম আৰু সমাজিক মাধ্যমত সংস্কাৰ আৰু নেতাৰ বয়সক লৈ ব্যাপক চৰ্চা অব্যাহত আছে ৷

অহা ২১ নৱেম্বৰৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ সংখ্যক অধিৱেশন ৷ উক্ত অধিৱেশনতেই গঠন হ’ব নতুন কাৰ্যনিৰ্বাহক ৷ তাৰ পূৰ্বে বৰ্তমানো সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দি অহা একাংশ জ্যেষ্ঠ নেতাৰ বয়স বিভিন্ন মাধ্যমেৰে পোহৰলৈ অহাত ৰাজ্যজুৰি ব্যাপক আলোড়ন সৃষ্টি হৈছে ৷

এফালে বৃদ্ধত্বৰ ওচৰ চপা নেতাৰ প্ৰয়োভৰ আৰু আনফালে ৰাজ্যৰ বিজেপি চৰকাৰৰ ওচৰত জাতীয় প্ৰশ্নত এৰা-ধৰাৰ মাধ্যমেৰে চলাৰ দৰে গুৰুতৰ অভিযোগে কোবাই গৈছে সদৌ অসম ছাত্ৰ সন্থাক ৷ এই দুয়োটা অভিযোগৰ মাজতে অন্ত পৰিব সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সভাপতি উৎপল শৰ্মাৰ কাৰ্যকাল অন্ত পৰিব ৷

মৰিগাঁও অধিৱেশনত গঠন হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ নতুন কাৰ্যনিৰ্বাহকৰ সম্ভাব্য নেতাসকলক লৈ চৰ্চা চলাৰ মাজতে বৰ্তমানো নেতৃত্বত থকাসকলৰ বয়সক লৈ ৰাজ্যজুৰি প্ৰশ্ন উত্থাপিত হৈছে ৷ প্ৰশ্ন উঠিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে প্ৰায় ৪ দশক নেতৃত্বত থকা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইবাৰ সংগঠনটোৰ পৰা বিদায় মাগিব নে নেমাগে ? লগতে ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বত থকা প্ৰায় ১৮ জনতকৈয়ো অধিক নেতাৰ ছাত্ৰ জীৱনে কেতিয়াবাই ভাটি দিয়া বয়সক লৈ ৰাজ্যত বহুতৰে চকু কপালত উঠিছে ৷

নেতাৰ বয়সৰ সীমাক লৈ আছুৰ সংবিধানে কি কয় ? সুদীৰ্ঘকাল বয়সস্থ নেতাৰ ভৰ বৈ থকা সদৌ অসম ছাত্ৰ সন্থাত আচলতে সদস্য বা নেতাৰ বয়সৰ সীমা কিমান ? এই প্ৰশ্ন দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সংবিধানৰ নীতি অনুসৰি ছাত্ৰ সন্থাৰ সদস্য হ’বৰ বাবে এজন ছাত্ৰৰ বয়স ৪০ ৰ তলৰ হ’ব ৷ কোনো কাৰণতে ৪২ বছৰৰ অধিক হ'ব নোৱাৰিব ।

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান অনুসৰি ছাত্ৰ সন্থাৰ সদস্য হোৱাৰ অন্যতম যোগ্যতা হ’ল যে ছাত্ৰজন কোনো এক শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী হ'ব লাগিব ৷ লগতে কোনো ৰাজনৈতিক দল বা সংগঠনৰ সদস্য হ'ব নোৱাৰিব । ইফালে ২০২০ চনৰ দুলীয়াজান অধিৱেশনত হোৱা সংবিধানৰ সংশোধন অনুসৰি সংগঠনটোৰ সদস্য হ'বৰ বাবে বয়সৰ ঊৰ্ধ্বসীমা ৪২ নিৰ্ধাৰণ কৰা হৈছিল ৷

ইয়াৰোপৰি আন কেইবাটাও সংশোধনী অনা হৈছিল ৷ তাৰ ভিতৰত কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্যৰ ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী নিৰ্ধাৰণ কৰা আদি আছিল অন্যতম ৷ দুলীয়াজানত সংশোধিত সংবিধান অনুসৰি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই একমাত্ৰ তিনিবছৰীয়া কার্যকালৰ বিষয়টোহে কাৰ্যকৰী কৰি আন বিষয়বোৰ কাৰ্যকৰী নকৰাৰ বিষয়টো মৰিগাঁও অধিৱেশনৰ পূৰ্বে চৰ্চালৈ আহিছে ৷ বিশেষকৈ বয়সৰ উৰ্ধসীমা বিষয়টোৰ বিতৰ্কই পাইছে অগ্ৰাধিকাৰ ৷

আদালতৰ মজিয়া পাইছেগৈ আছু নেতাৰ বয়সৰ বিষয়টো ৷ কিয়নো বর্তমানৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কার্যনিৰ্বাহক সমিতিখনেই ৫৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকেৰে ভৰি থকাৰ কথা পোহৰলৈ আহিছে ৷ বয়সস্থ বুলি চৰ্চিত নেতাসকলৰ কোনো এজনেই নিজৰ বয়স প্ৰসংগত মুখ খোলা নাই ৷ বৃদ্ধত্বমুখী আছু নেতা প্ৰসংগত মুখ খোলা নাই আছুৰ নেতৃত্বয়ো ৷

আছুৰ কোন নেতাৰ কিমান বয়স ? ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । আছুৰ বয়সস্থ নেতাৰ বয়স প্ৰসংগত সামাজিক মাধ্যমত আটাইতকৈ বেছিকৈ চৰ্চিত বিষয়টো হৈছে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বয়স কিমান ? সামাজিক মাধ্যমৰ ভিত্তিত চৰ্চালৈ আহিছে ড৹ ভট্টাচাৰ্যৰ বয়স । সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ১৯৮৯ চনৰ পৰা আছুৰ কেন্দ্ৰীয় নেতৃত্বৰে জড়িত হৈ আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্য ৷

সেই অনুসৰি ড৹ ভট্টাচাৰ্যৰ বয়স এতিয়া ৬৫ বছৰ ৷ ৰাজ্যজুৰি চৰ্চা হৈছে- সঁচাকৈ ৬৫ বছৰ বয়স নেকি ড৹ সমুজ্জ্বল ভট্টাচাৰ্যৰ ? পিছে এই উত্তৰ দিব পাৰিব কেৱল ড৹ সমুজ্জ্বল ভট্টাচাৰ্য আৰু সদৌ অসম ছাত্ৰ সন্থাই ৷ লগতে উল্লিখিত মাধ্যমেৰে অসম বিয়পি পৰা তথ্য অনুসৰি সদৌ অসম ছাত্ৰ সন্থাত বর্তমান উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰকাশ চন্দ্ৰ দাসৰ বয়স ৫১ বছৰ ৷

একেদৰে বৰ্তমানৰ কেইজনমান আছু নেতাৰ বয়সঃ

ধৰ্মেশ্বৰ দাস, কেন্দ্ৰীয় উপ-সভাপতি, বয়সঃ ৫৬ বছৰ

বিপুল ৰাভা, উপ-সভাপতি, বয়সঃ ৫৫ বছৰ

জয়ন্ত কুমাৰ ভট্টাচাৰ্য, কেন্দ্ৰীয় উপ-সভাপতি, বয়সঃ ৫২ বছৰ

আইনুল হক চৌধুৰী, সাংগঠনিক সম্পাদক, বয়সঃ ৬০ বছৰ

মৃদুল হাজৰিকা, সহকাৰী সাধাৰণ সম্পাদক, বয়সঃ ৪৭ বছৰ

কৃষ্ণকান্ত দাস, সাংগঠনিক সম্পাদক, বয়সঃ ৪৫ বছৰ

সূর্য ভূঞা, সাংগঠনিক সম্পাদক, বয়সঃ ৫০ বছৰ

তছেন ডেকা, সাংস্কৃতিক সম্পাদক, বয়সঃ ৪৫ বছৰ

মন্টুৰাজ বৰুৱা, কেন্দ্ৰীয় তথ্য সম্পাদক, বয়সঃ ৪৫ বছৰ

পূৰ্ণ ডেকা, কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক, বয়সঃ ৫৫ বছৰ

নিৰোদ দাস, কাৰ্যালয় সম্পাদক, বয়সঃ ৪৭ বছৰ

পুলক বৰা, মুখ্য সাংগঠনিক সম্পাদক, বয়সঃ ৪৬ বছৰ

নিতুল বৰা, সাংগঠনিক সম্পাদক, বয়সঃ ৪৪ বছৰ

ৰাইফুদ্দিন আহমেদ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, বয়সঃ ৪৬ বছৰ

জিতু নেওগ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, বয়সঃ ৪৫ বছৰ

অনিল গগৈ, কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্য, বয়সঃ ৪৯ বছৰ

কুশ ৰংপি, কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্য, বয়সঃ ৫৩ বছৰ

নৱ কুমাৰ নাথ, সাংগঠনিক সম্পাদক, বয়সঃ ৪৫ বছৰ

গণেশ ৰায়, কার্যনিৰ্বাহক সদস্য, বয়সঃ ৪৭ বছৰ

পবিত্ৰ গোস্বামী, কাৰ্যনিৰ্বাহক সদস্য, বয়সঃ ৪৮ বছৰ

ওপৰত উল্লিখিত তথ্যখিনি এতিয়া প্ৰচাৰিত হৈছে একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ৷ এতিয়া সামাজিক মাধ্যমত সকলো পৰ্যায়ৰ লোকৰে মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বয়সৰ এই তালিকাখনক লৈ । সদৌ অসম ছাত্ৰ সন্থা নাইবা অতি বয়সৰ তালিকাত নাম থকা এগৰাকীও নেতাই এই প্ৰসংগত মুখ খোলা নাই ৷ তেওঁলোকে মুখ নুখুলিলে সাধাৰণ ৰাইজৰ হয়তো এই তালিকা বিশ্বাস কৰি লোৱাৰ বাহিৰে আন উপায় নাই ৷

লগতে পঢ়ক : Exclusive interview: লোকসভা নিৰ্বাচনত কি ভূমিকা হ’ব অগপৰ ? সভাপতি অতুল বৰাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

Last Updated :Nov 9, 2023, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.