ETV Bharat / state

Exclusive interview: লোকসভা নিৰ্বাচনত কি ভূমিকা হ’ব অগপৰ ? সভাপতি অতুল বৰাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:03 PM IST

লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যেই দেশৰ লগতে অসমৰো ৰাজনৈতিক ক্ষেত্ৰত জল্পনা-কল্পনা আৰম্ভ হৈছে ৷ দলীয় স্থিতিৰ বুজ লোৱা, আসনৰ বুজাবুজি আদি বিভিন্ন বিষয়ক লৈ চিন্তা-চৰ্চা চলি আছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ NDA মিত্ৰজোঁটত থকা অগপ কিদৰে সাজু হৈছে লোকসভা নিৰ্বাচনৰ বাবে ? এইবাৰ কেইখন আসন বিজেপিয়ে এৰি দিব অগপক ? এই বিষয়ে কথা পাতিবলৈ ইটিভি ভাৰতৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱা কাষ চাপিছিল অগপৰ সভাপতি অতুল বৰাৰ ৷ চাওক এই বিশেষ সাক্ষাৎকাৰ...

Exclusive interview
Interview with AGP president Atul Bora

অতুল বৰাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী, 9 নৱেম্বৰ: সমাগত 2024ৰ লোকসভা নিৰ্বাচন ৷ ইতিমধ্যেই দেশজুৰি নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰিছে ৷ পৃথকে পৃথকে ৰাজনৈতিক দল সমূহে অংক কৰিছে নিৰ্বাচনৰ ৷ শাসকীয় দলে অৱলম্বন কৰিছে ৰাইজক সন্মোহিত কৰাৰ বাবে বিভিন্ন কৌশল ৷ বিৰোধীয়ে ৰাইজৰ মাজত সৃষ্টি কৰিব বিচাৰিছে শাসকীয় দলৰ বিৰুদ্ধে ঢৌ ৷ বহুকেইটা বিৰোধী দল লগ হৈ ’24 ত এঘঁড়ী যুঁজাৰ বাবে ৰণকৌশল তৈয়াৰ কৰিছে ৷

অসমতো দেখা গৈছে নিৰ্বাচনী তৎপৰতা ৷ বিজেপিয়ে ৰাইজক নিজৰ ফলীয়া কৰিবলৈ আঁচনি, বিভিন্ন প্ৰতিশ্ৰুতিৰ নৈ বোৱাইছে ৷ বিৰোধী শক্তি লগ হৈছে কংগ্ৰেছৰ নেতৃত্বত বিজেপিক গাদীচ্যুত কৰিবলৈ ৷ ইয়াৰ মাজত চৰ্চা হোৱা এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে 14 খন আসনৰ ভিতৰত কোনে কেইখন আসনত প্ৰাৰ্থী থিয় কৰাব ?

উল্লেখ্য যে, অসম চৰকাৰত বিজেপিৰ অংশীদ্বাৰ হৈ আছে আঞ্চলিক শক্তি অগপ আৰু ইউ পি পি এল ৷ বড়ো জনবসতিপূৰ্ণ এলেকাত বিজেপিয়ে ইউ পি পি এলক আসন এৰি দিব লাগিব ৷ কিন্তু অগপৰ কি হ’ব ? একালত ৰাজ্যত দপদপাই থকা দলটোৱে এতিয়া আসন বিচাৰি বিজেপিৰ মুখলৈ চাব লগীয়া হৈছে ৷ তাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অগপক এখন আসনহে এৰি দিয়াৰ কথাও কৈছিল ৷ যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল অগপ নেতা তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ অগপৰ কি হ’ব অহা লোকসভা নিৰ্বাচনত ? দলৰ শক্তি-সামৰ্থ কিদৰে বৃদ্ধি পাইছে ? পৰিকল্পনা কেনেধৰণে গ্ৰহণ কৰিছে অগপই ? এই সকলো সামৰি ইটিভি ভাৰত ক’লে সভাপতি অতুল বৰাই ৷

তেওঁ কয় যে, দলৰ কাম-কাজ পূৰ্ণোদ্যমেৰে চলি আছে ৷ সমুখত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন, গতিকে দলীয় কৰ্মীসকলে জোৰদাৰ গতিত কাম কৰি আছে ৷ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্বৰ পৰাই চলিছে, কোন সমষ্টি বিচৰা হ’ব সেই আলোচনা এতিয়াও বিজেপিৰ সৈতে হোৱা নাই ৷ NDAৰ মিত্ৰ হিচাপে আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত বুজাবুজিৰে আগবঢ়া হ’ব ৷ ভৱেশ কলিতাৰ মন্তব্য সন্দৰ্ভত তেওঁ কয় যে অগপৰ যিহেতু এগৰাকীও সাংসদ লোকসভাত নাই, গতিকে এইবাৰ এগৰাকী হ’লেও জিকাব লাগিব বুলিহে তেওঁ কৈছিল ৷ সেইকথা ৰাজহুৱাভাৱেই নহয়, ফোনযোগেও তেওঁক জনোৱা বুলি কয় অগপৰ সভাপতি অতুল বৰাই ৷

যোৱা বিধানসভা নিৰ্বাচনত পাঁচটা সমষ্টি এৰি দিবলগীয়া হোৱা বিষয়ত তেওঁ কয় যে পূৰ্বতকৈ অগপৰ স্থিতি এতিয়া মজবুত ৷ 14 টা লোকসভা সমষ্টিতেই কৰ্মী অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে ৷ দলৰ বিভিন্ন স্তৰত বহু নতুন আৰু যুৱচামে নেতৃত্ব বহন কৰিছে ৷ ছাত্ৰ পৰিষদেও মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাই আহিছে ৷ দললৈ যুৱশক্তি অহা মানে নতুন তেজ-বল বৃদ্ধি পোৱা ৷ট

বৰাই লগতে কয়, ‘‘আমি একেলগেই লোকসভা নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ ৷ নিজৰ কথা ভাবিলেই নহ’ব ৷ একেলগ হ’লেহে শক্তি বৃদ্ধি হ’ব ৷ গতিকে উভয়েই উভয়ক সহায় কৰিব লাগিব ৷’’

অসম গণ পৰিষদে কেতিয়াও আপোচ নকৰে বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয়, ‘‘ক্ষমতাত থকা দিনৰে পৰা বিজেপিৰ সৈতে বুজাবুজি আছিল ৷ সংবাদ মাধ্যমে বিষয় এটা টুইষ্ট কৰিব বিচাৰে, কিন্তু মই ক’ব খোজো যে আসন ভাগ-বাটোৱাৰা কৰা মানেই আপোচ কৰা নুবুজায় ৷’’

বদৰুদ্দিন আজমল সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি অতুল বৰাই কয় যে সাম্প্ৰদায়িক মন্তব্য কৰিয়েই আজমল জিকি আহিছে ৷ কিন্তু জিকিলেও ৰাইজৰ বাবে একো কাম কৰিব পৰা নাই ৷ যিবোৰ অঞ্চলৰ পৰা জিকি আহিছে, সেইসকল মানুহৰ বাবে একো কৰা নাই ৷ গতিকে এইবোৰ কথা কৈ লাভান্বিত হ’ব বুলি ভাবিয়েই আজমলে কেতবোৰ বিতৰ্কিত মন্তব্য কৰে৷

বিজেপিয়ে যি কয় অগপই তাকেই কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে জাতীয় জীৱনৰ কোনো প্ৰশ্নত অগপই আপোচ কৰা নাই ৷ অগপৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছে ৷ যিদৰে অগপৰ উত্থান হৈছিল, তেনেকৈ বিপৰ্যয়ো হৈছিল ৷ জনসাধাৰণক সেৱা কৰাটোৱেই মূল লক্ষ্য আছিল ৷ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিৰ পৰা এধানমানো আঁতৰি যোৱা নাই অগপ ৷ নতুন আঞ্চলিক শক্তিক লৈ শংকিত হোৱা নাই অগপ দল৷

অগপৰ শক্তি-সামৰ্থ সন্দৰ্ভত তেওঁ পুনৰ কয় যে, আত্মসমালোচনা কৰা হৈছে ৷ অগপৰ দ্বাৰাও ভুল হৈছে, যাৰ বাবে ৰাইজে দলটোক নস্যাৎ কৰিছিল ৷ কিন্তু এতিয়া আত্মসমালোচনাৰে ৰাইজৰ মাজত পুনৰ দলটো জীয়াই উঠিছে ৷

তেওঁ লগতে কয় যে, সমষ্টিৰ পুনৰ নিৰ্ধাৰণে শাসকীয় মিত্ৰজোঁটক সহায় কৰিব ৷ তাৰোপৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত যি উন্নয়ন হৈছে, সেয়া পূৰ্বতে কেতিয়াও হোৱা নাই ৷ সকলো মানুহকে সুখী কৰি ৰাখিব পৰা নাযায় ৷ তথাপিও বেছিভাগ আসনেই NDA মিত্ৰজোঁটৰ সপক্ষেই থাকিব বুলি আশা প্ৰকাশ কৰে অগপৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: Youth Congress Rally : পানী নোহোৱা পুখুৰীৰ মাছৰ দৰে অসমত বিজেপি নেতাই চটফটাইছে : ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.