ETV Bharat / state

Akhil Gogoi slams Pijush Hazarika : পীযুষ হাজৰীকাক সকীয়নি অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 6:17 PM IST

বিজেপি চৰকাৰে বিৰোধী বিধায়কৰ সৈতে অন্যায় কৰাৰ অভিযোগ অখিল গগৈৰ । পীযুষ হাজৰীকাকো বিৰোধী বিধায়কক ধমক নিদিবলৈ পৰামৰ্শ । আগন্তুক লোকসভা নিৰ্বাচনত সকলো বিৰোধী দলক একত্ৰিত হ'বলৈ অখিলৰ আহ্বান ।

Akhil Gogoi slams Pijush Hazarika
পীযুষ হাজৰীকাক সকীয়নি অখিল গগৈৰ

পীযুষ হাজৰীকাক সকীয়নি অখিল গগৈৰ

গুৱাহাটী,২৭ অক্টোবৰ : ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাজ্যৰ ১৪ টা সমষ্টিত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিব বিৰোধীয়ে । ইতিমধ্যে গুৱাহাটীৰ হোটেল লিলিত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চ অসমৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে । তাৰ মাজতে এক সংবাদ মেলযোগে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিৰোধী ঐক্যৰ বৈঠক সফল হোৱা বুলি দাবী কৰে । তেওঁ কয় ৰাইজৰ দলে আসন ভাগ বতৰাক লৈ হস্তক্ষেপ নকৰে ।

বিধায়কগৰাকীয়ে কয় যে নিৰ্বাচনত জয়ী হ'বলৈ যিমান প্ৰস্তুতি লাগে সিমান প্ৰস্তুতি কৰা নাই ৷ ৰাইজৰ দলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে বুলিও তেওঁ দাবী কৰে । তাৰ পৰিৱৰ্তে বিৰোধী ঐক্যক সবল কৰিবলৈ কাম কৰিব লাগিব ৷ টিকটকেন্দ্ৰিক যুঁজ বাগৰ লাগি থাকিলে এই প্ৰস্তুতি কমি যাব বুলিও তেওঁ উল্লেখ কৰে ৷ সকলো দলকে একত্ৰিতভাৱে নিৰ্বাচনী কাম কাজত জড়িত হ'বলৈ তেওঁ আহ্বান জনায় ৷ মাৰ্চ মাহৰ আগতেই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিবলৈও আহ্বান জনায় বিধায়কগৰাকীয়ে ।

আনহাতে বিৰোধীক লৈ মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে । মন্ত্ৰী হাজৰীকাক কটাক্ষ কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে কয় যে পীযুষ হাজৰীকা মন্ত্ৰী নে কোম্পানীৰ চি ই অ' । পীযুষ হাজৰীকাক মুখ চম্ভালি কথা ক'বলৈ পৰামৰ্শ অখিল গগৈৰ । বিৰোধী বিধায়কৰ সৈতে কেৱল চৰকাৰে অন্যায় কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে । ইফালে বিৰোধী বিধায়কক ধমক নিদিবলৈ পীযুষ হাজৰীকাক সকীয়াইও দিয়ে অখিল গগৈয়ে ।

নিজৰ সমষ্টিৰ কথা উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে শিৱসাগৰ বিধানসভা সমষ্টিত আজিলৈকে কেইখন দলঙৰ অনুমোদন দিলে চৰকাৰে ? জলসম্পদ বিভাগে শিৱসাগৰত কেইটা মথাউৰি নিৰ্মাণ কৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে । বিৰোধী বিধায়কসকলক অন্যায় কৰা হৈছে যদিও বিধায়কসকলে এই কথাবিলাক ক'বলৈ ওলায় নাহে ৷ ইফালে গুৱাহাটীত ৰিক্সা চালকৰ কৰুণ মৃত্যু সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে ৷ এই হৃদয় বিদাৰক দৃশ্য দেখি মুখ্যমন্ত্ৰীৰ অন্তৰ এবাৰলৈ কান্দি উঠা নাই নে বুলিও প্ৰশ্ন কৰে । মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয় যে এইবাৰ লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন হ'ব ।

লগতে পঢ়ক :Lok sova Election 2024: অসমৰ ৰাইজে ৰাজনৈতিক দলৰ পৰা বলিদান নিবিচাৰে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.