ETV Bharat / state

উপ-নিৰ্বাচনত কংগ্ৰেছে আগতীয়াকৈ পৰাজয় স্বীকাৰ কৰিছে : অখিল গগৈ

author img

By

Published : Sep 29, 2021, 10:35 PM IST

উপ-নিৰ্বাচনত কংগ্ৰেছে আগতীয়াকৈ পৰাজয় স্বীকাৰ কৰিছে: অখিল গগৈ
উপ-নিৰ্বাচনত কংগ্ৰেছে আগতীয়াকৈ পৰাজয় স্বীকাৰ কৰিছে: অখিল গগৈ

উপ-নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ সংবাদ মেল । ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচনত ৰাইজৰ দলে কেৱল থাওৰা আৰু লগতে মৰিয়নি সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব ।

গুৱাহাটী, ২৯ ছেপ্তেম্বৰ : সমাগত উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাইজৰ দল । ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া উপনিৰ্বাচনত ৰাইজৰ দলে কেৱল থাওৰা আৰু লগতে মৰীয়নী সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব । থাওৰা বিধানসভা সমষ্টিৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰক প্ৰাৰ্থীত্ব আগবঢ়োৱা বিপৰীতে মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব । এক সংবাদমেলযোগে এই কথা সদৰী কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈযে ।

বুধবাৰে মহানগৰীৰ মঠঘৰীয়া স্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৫ টা সমষ্টিত হবলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত অখিল গগৈয়ে কয় যে, কংগ্ৰেছকে ধৰি বিজেপি বিৰোধী দলসমূহে এইবাৰ উপ-নিৰ্বাচনত ঐক্যবদ্ব ভাবে প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছিল । এই সন্দৰ্ভত কংগ্ৰেছ দলৰ সৈতে কেইবাবাৰো আলোচনা কৰা হৈছিল । কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উপ-নিৰ্বাচন সাধাৰণতে শাসক দলৰ প্ৰাৰ্থীয়েই বিজয় হয় বুলি কৈ প্ৰকান্তৰে আগতীয়াকৈ পৰাজয় স্বীকাৰ কৰিছে ।

তাৰোপৰি ৰাইজৰ দলৰ লগত বুজাবুজি ৰ পক্ষত নাই কংগ্ৰেছ । সেয়ে উপায়ন্তৰ হৈ ৰাইজৰ দলে সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত থাওৰা আৰু মৰিয়নিত প্ৰাৰ্থীত্ব দিবলৈ বাধ্য হৈছে । বিধায়ক অখিল গগৈয়ে লগতে আৰু কয় যে, মৰিয়নি মোৰ জন্মস্থান, মৰিয়নিৰ ঠিক কাষতেই থাওৰা সমষ্টি, দুয়োটা সমষ্টিতে ৰাইজৰ দল জয়ী হ’ব বুলি তেওঁ দাবী কৰে ।

এফালে চিপিআই দলে থাওৰা সমষ্টিত প্ৰাৰ্থী কৃষ্ণ গগৈ প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, তাত চিপি আই দলে জয়লাভৰ কোনো সম্ভাৱনা নাই । গতিকে দলটোৱে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰা উচিত । ইফালে উপ-নিৰ্বাচনত কংগ্ৰেছ দলে এটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন জনালে তেওঁলোকে আন সমষ্টিত কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলাব বুলি ব্যক্ত কৰে ।

লগতে পঢ়কঃ ধেমাজিত কেবিনেট বৈঠকৰ প্ৰাক মূহুৰ্তত বঞ্চিত শিক্ষকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.