ETV Bharat / state

উপ-নিৰ্বাচনে ৰাইজৰ দলক বিজেপিৰ বিকল্প দলত পৰিণত কৰিলে : অখিল গগৈ

author img

By

Published : Nov 3, 2021, 8:17 PM IST

Akhil
অখিল গগৈৰ সংবাদমেল

২০২১ৰ উপ-নিৰ্বাচনক ডেভিড আৰু গুলীয়াথৰ যুঁজৰ সৈতে আখ্যা দিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । তেওঁ কয় যে, থাওৰা আৰু মৰিয়নি সমষ্টিৰ উপ-নিৰ্বাচনে পতিয়মান কৰিছে যে, যিকোনো ৰাজনৈতিক দলৰ লগতে যুঁজ দিবলৈ ৰাইজৰ দল সক্ষম । লগতে তেওঁ কয় যে, বিজেপিক ভৱিষ্যতে পৰাভূত কৰিব পৰা ক্ষমতা থকা দল হৈছে ৰাইজৰ দল ।

গুৱাহাটী, ৩ নৱেম্বৰ : শেহতীয়াকৈ সমাপ্ত হোৱা উপ-নিৰ্বাচনত থাওৰা আৰু মৰিয়নি সমষ্টিত পৰাস্ত হোৱাৰ পাচতে দলৰ শক্তিক লৈ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । বিজেপি দলক সমালোচনা কৰি তেওঁ কয় যে, উজনিত বিজেপি দলৰ বিকল্প হিচাপে ৰাইজৰ দলক জনতাই আদৰি লৈছে ।

উপ-নিৰ্বাচনে ৰাইজৰ দলক বিজেপিৰ বিকল্প দলত পৰিণত কৰিলে

বুধবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে উপ-নিৰ্বাচনত ৰাইজৰ ৰায়ক স্বীকাৰ কৰে । নতুন আঞ্চলিক দল হিচাপে ৰাইজৰ দলক আদৰি লোৱা বাবে থাওৰা আৰু মৰিয়নি সমষ্টিৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ।

অখিল গগৈয়ে কয় যে, এইবাৰ উপ-নিৰ্বাচনত বিশেষকৈ থাওৰা সমষ্টিত মনোনিৱেশ কৰিছিল ৰাইজৰ দলে । উক্ত সমষ্টিত ৰাইজৰ দলৰ কোনো সাংগঠনিক ভেঁটি নাছিল । মাত্ৰ ৪১ টা দিন দলৰ সাংগঠনিক কাম কৰিবলৈ সুবিধা পাইছিল দলটোৱে । তাৰ পাচতো সমষ্টিবাসীয়ে দলটোৰ প্ৰতি আগবঢ়োৱা সহযোগিতা আশীৰ্বাদ স্বৰূপ বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

তেওঁ কয় যে, থাওৰাত ৰাইজৰ দলে পৰাজয় বৰণ কৰিলেও এই নিৰ্বাচন ভৱিষ্যতৰ নিৰ্বাচনৰ বিজয়ৰ আধাৰশিলা । এইবাৰৰ উপ-নিৰ্বাচনক ডেভিড আৰু গুলীয়াথৰ যুঁজৰ সৈতে তুলনা কৰি বিধায়কগৰাকীয়ে কয় যে, শাসকীয় দল বিজেপিয়ে ৫০ কোটি টকা খৰচ কৰিছে । কিন্তু ৰাইজৰ দলে সামান্য পৰিমাণৰ ধনেৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল ।

তেওঁ কয় যে, এই যুঁজে পতিয়মান কৰিছে যে, উজনি অসমত ৰাইজৰ দল শক্তিশালী বিৰোধী দল । উজনিত বিজেপি দলৰ বিকল্প হিচাপে ৰাইজৰ দলক জনসাধাৰণে আদৰি লৈছে । তেওঁ অভিযোগ উত্থাপন কৰে যে, বিজেপি দলে এইবাৰ উপ-নিৰ্বাচনত অন্যায়ভাৱে জয়ী হৈছে ।

আনকি, প্ৰশাসন আৰু নিৰ্বাচন আয়োগকো বিজেপি মিত্ৰজোঁটে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ তোলে বিধায়ক অখিল গগৈয়ে । সেয়ে, ২০২৬ ত বিজেপিক পৰাভূত কৰাৰ বাবে ৰাইজৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাক এতিয়াৰ পৰাই কাম কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে । ইফালে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাক সমালোচনা কৰি তেওঁ কয় যে, কংগ্ৰেছে সমালোচনা কৰিব লাগে বিজেপিক, মুখ্যমন্ত্ৰীক, প্ৰধানমন্ত্ৰীক ।

কিন্তু কংগ্ৰেছে তেওঁক আৰু ৰাইজৰ দলক সমালোচনা কৰে বুলি অখিল গগৈয়ে কটাক্ষ কৰে । আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্তি কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে, অসমৰ ৰাজনীতিত এনে কিছুমান অশিক্ষিত মানুহ সোমাল, যাৰ বাবে সুস্থ গণতান্ত্ৰিক ব্যৱস্থাত আঘাত হানিছে । এয়া আৰ এছ এছ আৰু বিজেপিৰ ধ্বংসকামী ৰাজনীতিৰ অৱদান বুলিও গগৈয়ে মন্তব্য কৰে ।

লগতে পঢ়ক : কটনত অনলাইন পাঠদানৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰসমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.