ETV Bharat / state

কটনত অনলাইন পাঠদানৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰসমাজৰ

author img

By

Published : Nov 3, 2021, 12:02 PM IST

Updated : Nov 3, 2021, 1:39 PM IST

কটন বিশ্ববিদ্য়ালয় কৰ্তৃপক্ষই স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ প্ৰথম ষাণ্মাসিকৰ পাঠদানসমূহ অনলাইনযোগে হোৱাৰ কথা ঘোষণা কৰাৰ পাছতেই শ্ৰেণীকোঠাৰ পাঠদানৰ বাবে দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে ৷

কটনত অনলাইন পাঠদানৰ বিৰুদ্ধে সৰৱ ছাত্ৰসমাজ
কটনত অনলাইন পাঠদানৰ বিৰুদ্ধে সৰৱ ছাত্ৰসমাজ

গুৱাহাটী, 3 নৱেম্বৰ : স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পাঠদানসমূহ পুনৰ অনলাইন পদ্ধতিৰে আৰম্ভ কৰাৰ জাননী জাৰি কৰাৰ পাচতেই কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকল ৷ দীর্ঘদিন ধৰি কৰ’ণাৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ দুৰ্গাপূজাৰ পাছৰ পৰা পুনৰ মুকলি কৰা হৈছে ৷ স্বাস্থ্য-শিক্ষা বিভাগৰ ক'ভিড নিৰ্দেশণা অৱলম্বন কৰি অনলাইন পাঠদানৰ বিপৰীতে শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ হৈছে বিদ্যালয়, মহাবিদ্যালয় সমূহত ৷

কিন্তু তেনে সময়তে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ প্ৰথম ষাণ্মাসিকৰ পাঠদানসমূহ ৪ নৱেম্বৰৰ পৰা পুনৰ অনলাইন পদ্ধতিৰে আৰম্ভ কৰাৰ জাননী দিয়ে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল ৷

মঙলবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত অনলাইন পাঠদানৰ বিৰোধিতাৰে এক সংবাদমেল সম্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলে কয়, "কৰ’ণা পৰিৱেশ বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । প্ৰত্যেকখন শিক্ষানুষ্ঠানত অনলাইন পাঠদানৰ পৰিৱৰ্তে শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ হৈছে । কিন্তু কটন কৰ্তৃপক্ষই শ্ৰেণীকোঠাৰ পাঠদান কিয় বন্ধ ৰাখিব বিচাৰিছে সেয়া ৰহস্যৰ আৱৰ্তত ।"

লগতে চাওক: অসম, বিহাৰ, ৰাজস্থানত ব্যৱহাৰ কৰা হয় সৰ্বাধিক দূষিত ভূগৰ্ভস্থ পানী

কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত দুটা বৰ্ষত শিক্ষা ব্যৱস্থা অনলাইনযোগে চলি আছিল ৷ কিন্তু কিছুমান অঞ্চলত ইয়াৰ প্ৰসাৰ যথেষ্ট কম আৰু সুবিধাজনক নহয়, সেয়া সকলোৰে অনুমেয় ৷ বিশ্ববিদ্যালয়খনত অন্য শ্ৰেণীৰ পাঠদানসমূহ নিয়মীয়াকৈ অনুষ্ঠিত হৈ থকাৰ পিছতো স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ পাঠদান কিয় অনলাইনৰ জৰিয়তে আৰম্ভ কৰিবলৈ লোৱা হৈছে বুলি সংবাদমেলখনত ছাত্ৰ সমাজৰ হৈ প্ৰশ্ন উত্থাপন কৰে অভিষেক মহন্তই ।

উল্লেখ্য যে, বিগত দুটা বছৰে বিশ্ববিদ্যালয়খনত ছাত্ৰ একতা সভা গঠন হোৱা নাই ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহ কৰ্তৃপক্ষৰ আগত উপস্থাপন কৰোতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ ছাত্ৰ একতা সভা নথকাৰ বাবে হোষ্টেলৰ পৰা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীসকলে সমস্যাসমূহ অৱগত কৰিব বিচাৰিলেও বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই সাক্ষাৎ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ফলত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যৱধান বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে ।

উক্ত সংবাদমেলতে স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ঋতুপণ হাতীমুৰীয়াই কৰ্তৃপক্ষক আহ্বান জনায় কয়- "অন্য শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীতকৈ এমাহ পিছুৱাই থাকিব নিবিচাৰোঁ । ঐতিহাসিক কটনত শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ কৰিব লাগে । অনলাইন পাঠগ্ৰহণ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সম্ভৱপৰ নহয়" ৷

বৰ্তমানৰ শিক্ষা ব্যৱস্থা পৰীক্ষাকেন্দ্ৰিক । বিশ্ববিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাক পৰীক্ষাকেন্দ্ৰিক নকৰি জ্ঞানমুখী কৰাৰ আহ্বান ছাত্ৰ-ছাত্ৰীসকলৰ । বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ কৰাৰ বিষয়টোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰে ছাত্ৰ সমাজে । তদুপৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ছাত্ৰসকলে নিজস্ব দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: উপ নিৰ্বাচন 2021ৰ ফলাফল হাইলাইট

Last Updated : Nov 3, 2021, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.