ETV Bharat / state

Akhil Gogoi Press Meet: অসমৰ ইতিহাসত সৰ্বাধিক ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: অখিল গগৈ

author img

By

Published : Dec 19, 2022, 7:05 PM IST

Akhil Gogoi Press Meet
অসমৰ ইতিহাসত সৰ্বাধিক ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে

‘‘ঋণ লোৱাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে অসম । প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ(Former Gopinath Bordoloi) দিনৰ পৰা এতিয়ালৈকে সৰ্বাধিক ঋণ লোৱা অসমৰ মুখ্যমন্ত্ৰীজন হৈছে হিমন্ত বিশ্ব শৰ্মা ।’’ সংবাদমেল যোগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ বিধায়ক গগৈৰ ৷

অসমৰ ইতিহাসত সৰ্বাধিক ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে

গুৱাহাটী, 19ডিচেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ(Akhil Gogoi slams CM Himanta Biswa Sarma) ৷ গুৱাহাটীত এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ অখিল গগৈৰ(MLA Akhil Gogoi) ৷ সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈৰ অভিযোগ, ‘‘ ঋণ লোৱাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে অসম । প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ(Former CM Gopinath Bordoloi) দিনৰ পৰা এতিয়ালৈকে সৰ্বাধিক ঋণ লোৱা অসমৰ মুখ্যমন্ত্ৰীজন হৈছে হিমন্ত বিশ্ব শৰ্মা ।’’

লগতে অখিল গগৈৰ অভিযোগ, ‘‘ভাৰতীয় ৰিজাৰ্ভ বেংকৰ(Reserve Bank of India) তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডেৰ বছৰীয়া কাৰ্যকালত মুঠ ২৭,১৫৬ কোটি টকা ঋণ লৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ পৰা বৰ্তমানলৈকে বিজেপি চৰকাৰে মুঠ ৮২ হাজাৰ কোটি টকা ঋণ লৈছে ।’’ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সংবাদমেলত তীব্ৰ সমালোচনা অখিল গগৈৰ(Akhil gogoi criticized Himanta Biswa Sarma) ৷

অখিল গগৈৰ মন্তব্য, ‘‘ অসমৰ ইতিহাসত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সৰ্ববৃহত ঋণ লোৱা হৈছে(Himants Biswa Sarma govt taking largest amount of loan) । অসমৰ সৰ্বমুঠ ঋণ ১,১৭,৯২০ কোটি টকা । তৰুণ গগৈ চৰকাৰৰ দিনলৈ অসমৰ সৰ্বমুঠ ঋণ আছিল ৩৫ হাজাৰ কোটি টকা । নিৰ্বাচনৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল ভাৰতবৰ্ষৰ ভিতৰত অসম শীৰ্ষ স্থানত থাকিব । কিন্তু সেয়া হিংসা(Violence), নাৰীৰ বিৰুদ্ধে অপৰাধৰ(Crime against women in Assam) ক্ষেত্ৰতহে অসমে শীৰ্ষস্থান দখল কৰিছে।’’

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ(Nation Crime Records Bureau Report) প্ৰতিবেদনৰ উদ্ধৃতি দি অখিল গগৈৰ মন্তব্য, ‘‘ ভাৰতবৰ্ষৰ ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অসমৰ ভিতৰত হিংসাত্মক অপৰাধৰ ক্ষেত্ৰত অসমৰ স্থান প্ৰথম , নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰতো প্ৰথম স্থানত আছে ৰাজ্যখন ।

আনহাতে অসমে শিশুৰ মৃত্যুৰ হাৰ(Child death rate of Assam) তৃতীয় স্থান , প্ৰসূতি মৃত্যুৰ হাৰত প্ৰথম স্থান , আধাতে স্কুল এৰা ছাত্ৰৰ(School drop out students) ক্ষেত্ৰত প্ৰথম স্থান , বেছি দৰিদ্ৰ থকা ৰাজ্য(Poverty of Assam) হিচাপে পঞ্চম স্থান লগতে প্ৰকৃত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ১৮ নম্বৰ স্থানত থকা বুলিও সংবাদমেলত উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

ইফালে, প্ৰকৃত খেতি কৰা মাটিৰ(Cultivation Land) ক্ষেত্ৰত ১৩ নম্বৰ , প্ৰকৃত জলসিঞ্চন থকা মাটিৰ ক্ষেত্ৰত ১৯ নম্বৰ, ধান উৎপাদনত ১০ নম্বৰ, বিদ্যুৎ উৎপাদন কৰিব পৰা ক্ষমতা থকা ৰাজ্য হিচাপে ভাৰতৰ ভিতৰত অসমৰ স্থান ২২ নম্বৰত , বাণিজ্যিক ঋণ প্ৰদানৰ ক্ষেত্ৰত ১৯ নম্বৰ স্থানত অসম আছে বুলি তথ্যসহ উদঙাই দিয়ে বিধায়ক অখিল গগৈয়ে ৷

এই সমূহ তথ্য দাঙি ধৰাৰ লগতে বিধায়ক অখিল গগৈয়ে কয় যে, ‘‘কয়লা, গৰু, ম’হ, চুপাৰী, অৰুণাচলী সুৰা , মাছ, কণী আদিৰ ক্ষেত্ৰত ৰাজ্যত চলি আছে বৃহৎ ছিণ্ডকেট (Akhil Gogoi on syndicate) ৷ ছিণ্ডিকেটত প্ৰথম স্থানত আছে অসম । বৰ্তমান পুৰণি আঁচনিৰ ফিটা কাটি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । চৰকাৰ দেউলীয়া । কোনো এটা সমষ্টিত এক পইছাৰ উন্নয়ন হোৱা নাই । ৯ মাহ ধৰি বিধায়ক পুঁজি মোকলাই দিব পৰা নাই । কেৱল চৰকাৰে ছিণ্ডিকেট কৰিছে, টকা খাইছে, আন একো উন্নতি কৰিব পৰা নাই । এয়া ৰাজ্যখনৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ ৷ ’’

লগতে পঢ়ক: Illegal rice smuggling at Dhubri : ধুবুৰীত জলপথেৰে সৰবৰাহ চোৰাং চাউল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.