ETV Bharat / state

অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

author img

By

Published : Jul 1, 2021, 12:11 PM IST

Updated : Jul 1, 2021, 1:59 PM IST

NIAৰ সকলো গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ । চানমাৰি থানাৰ গোচৰৰ পৰা বৃহস্পতিবাৰে দোষমুক্ত হ'ল । NIAৰ ফালৰ পৰা অখিল গগৈক দোষী সাব্যস্ত কৰিব পৰা কোনো তথ্য তথা যুক্তি নথকাত আদালতে অখিল গগৈক দোষমুক্ত কৰে । অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে বিধায়ক অখিল গগৈ ।

akhil gogoi free from NIA case
অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

গুৱাহাটী, ১জুলাই : ডেৰ বছৰ ধৰি কাৰাৰুদ্ধ হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল । 'NIA'ৰ সকলো গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ । বৃহস্পতিবাৰে অখিল গগৈৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি 'NIA'ৰ বিশেষ আদালতে অখিল গগৈক দোষমুক্ত কৰে ।

বৃহস্পতিবাৰে পুৱাৰ ভাগত অখিল গগৈক NIAৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে NIAৰ অধিবক্তাৰ শুনানি গ্ৰহণৰ পাছতে অখিল গগৈৰ ওপৰত আৰোপ কৰা গোচৰৰ পৰা দোষমুক্ত কৰে । উল্লেখ্য যে অখিল গগৈৰ পক্ষৰ শুনানি ইতিমধ্যে সমাপ্ত হৈছিল। শুকুৰবাৰে NIAৰ যুক্তি দাখিলৰ দিন আছিল । কিন্তু আদালতত NIAৰ ফালৰ পৰা অখিল গগৈক দোষী সাব্যস্ত কৰিব পৰা কোনো তথ্য তথা যুক্তি নথকাত আদালতে অখিল গগৈক দোষমুক্ত কৰে ।

akhil gogoi
অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

উল্লেখ্য যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ(NIA) অধিবক্তাই যুক্তি দিবলৈ অতিৰিক্ত এপ্তাহ সময় বিচাৰিছিল । কিন্তু সংস্থাটোৰ আবেদন নাকচ কৰি অতিৰিক্ত সময় নিদিলে আদালতে । অৱশেষত অখিল গগৈৰ অভিযোগ আৰোপ সন্দৰ্ভত আদালতে ৰায়দান দিয়ে । এই ৰায়ৰ পিছত অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল ।

উল্লেখ্য যে NIAয়ে লোৱা চানমাৰি থানাৰ গোচৰত দোষমুক্ত হয় অখিল গগৈ । অখিল গগৈৰ উপৰিও NIAৰ গোচৰত আন তিনিজন দোষমুক্ত হ’ল । ধৈয্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰকো NIAৰ আদালতে দোষমুক্ত কৰে । শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ। শুকুৰবাৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অখিল গগৈ ।

ডেৰ বছৰৰো অধিক কাল কাৰাবন্দী হৈ আছিল কৃষক নেতাগৰাকী । কাৰাগাৰৰ পৰাই শিৱসাগৰ বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি অখিল গগৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । উল্লেখ্য যে ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ বিৰুদ্ধে ১৩ টা গোচৰ তৰা হৈছিল আৰু ইয়াৰে চাবুৱা আৰু চানমাৰি থানাৰ গোচৰ NIA য়ে লৈছিল । NIAৰ চাবুৱা থানাৰ গোচৰৰ পৰা ইতিমধ্যে অখিল গগৈ দোষমুক্ত হোৱাৰ পাছত চানমাৰি থানাৰ গোচৰৰ পৰাও অখিল গগৈ দোষমুক্ত হ'ল ।

লগতে পঢ়ক :মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছে বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈক

Last Updated :Jul 1, 2021, 1:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.