কাৰ অনুমতিত দোভাগ নিশালৈ তাজ ভিভাণ্টাত চলিছিল পাৰ্টী : AJP ৰ প্ৰশ্ন

author img

By

Published : Oct 12, 2021, 10:47 AM IST

ajp-press-meet

এক সংবাদমেলযোগে তাজ ভিভাণ্টাৰ নৈশ পাৰ্টী আৰু মূল্যবৃদ্ধি(Price Hike)ক লৈ মন্ত্ৰী ভৱেশ কলিতাই কৰা মন্তব্য সন্দৰ্ভত মন্তব্য অসম জাতীয় পৰিষদ(AJP)ৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ ৷ এই বিষয়ত মুখপাত্ৰগৰাকীয়ে চৰকাৰলৈ কি আহ্বান জনালে জানো আহক...

গুৱাহাটী, 12 অক্টোবৰ : সোমবাৰে গুৱাহাটীত অসম জাতীয় পৰিষদ(AJP)ৰ সংবাদমেল অনুষ্ঠিত ৷ সংবাদমেল সম্বোধন কৰি দলটোৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে তাজ ভিভাণ্টাৰ নৈশ পাৰ্টী সন্দৰ্ভত মন্তব্য কৰাৰ লগতে মূল্যবৃদ্ধি(Price Hike)ক লৈ মন্ত্ৰী ভৱেশ কলিতাই কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰে ।

মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী ভৱেশ কলিতাই ‘‘মানুহক খোজকাঢ়ি অহা-যোৱা কৰিবলৈ’’ দিয়া পৰামৰ্শত এজেপিৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয় যে, এতিয়াৰে পৰা বাইকত তিনিজনকৈ উঠিব লাগিব যিটো আইন বিৰোধী ৷ অন্যথা খোজকাঢ়ি অহা-যোৱা কৰিব লাগিব ৷

অসম জাতীয় পৰিষদৰ সংবাদমেল

1 অক্টোবৰৰ নিশা তাজ ভিভাণ্টাৰ নৈশ পাৰ্টীটো কাৰ আছিল ? কোনে আয়োজন কৰিছিল এই পাৰ্টী ? দোভাগ নিশালৈ পাৰ্টী কৰাৰ অনুমতি কোনে দিছিল ? নৈশ পাৰ্টীটোত কোন কোন লোক উপস্থিত আছিল বুলি সংবাদমেলযোগে প্ৰশ্ন উত্থাপন কৰে এজেপিৰ মুখপাত্ৰগৰাকীয়ে ৷

তেওঁ কয় যে, আইন সকলোৰে বাবে সমান হ’ব লাগে । যিদিনা জি এছ ৰোডৰ ঘটনাটো সংঘটিত হৈছিল, সেই দিনটো গান্ধী জয়ন্তী আছিল । গতিকে Dry Day ৰ আগদিনা সুৰা ক’ৰ পৰা আহিল ? কিয় কাৰ্ফিউৰ সময়ত নৈশ পাৰ্টী চলিছিল ? যিখন বিলাসী হোটেলত সকলো নীতি-নিয়মক জলাঞ্জলি দি এনেদৰে পাৰ্টী চলিছিল, সেই বিলাসী হোটেলখনৰ বিৰুদ্ধে উচিত তদন্ত হ’বনে ?

সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে যি স্বীকাৰোক্তি দিছে, সেয়া মুঠেও সন্তোষজনক নহয় । অসম আৰক্ষীয়ে(Assam Police) জানি-বুজি নাইবা কাৰোবাৰ নিৰ্দেশত ভুল কৰিছিল নেকি ? এই উত্তৰ চৰকাৰে অতি সোনকালে ৰাইজক দিব লাগে বুলি সংবাদমেলত মন্তব্য আগবঢ়ায় মুখপাত্ৰ ৰহমানে ৷

আনহাতে, উক্ত দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুওৱা শ্ৰমিকজনক 50 লাখ টকা, আহত শ্ৰমিকসকলক 20 লাখকৈ আৰ্থিক সাহায্য প্ৰদান আৰু কৰ্ম সংস্থাপন দিবলৈ চৰকাৰক দাবী জনায় জিয়াউৰ ৰহমানে ৷

লগতে পঢ়ক : নাহৰকটীয়াত ভুৱা আধাৰ কেন্দ্ৰ উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.