ETV Bharat / bharat

এসপ্তাহত ধাৰাবাহিকভাৱে বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

author img

By

Published : Oct 11, 2021, 10:46 AM IST

Petrol and diesel prices rise for seventh consecutive day
এসপ্তাহত ধাৰাবাহিকভাবে বৃদ্ধি পাইছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য

দেশজুৰি শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ'লৰ মূল্যই ৷ পেট্ৰ’লৰ পাছত এইবাৰ শতকৰ ঘৰৰ দিশে অগ্ৰহৰ হৈছে ডিজেলৰ মূল্য ৷ বিগত এসপ্তাহত যিদৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে, শীঘ্ৰেই যে ডিজেলৰ মূল্যইও শতকৰ ঘৰ অতিক্ৰম কৰিব সেয়া নিশ্চিত ৷

নিউজ ডেস্ক, 11 অক্টোবৰ : সোমবাৰে একেৰাহে সপ্তম দিনৰ বাবে বৃদ্ধি পাইছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৷ সোমবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ০.৩০ টকা (১০৪.৪৪ টকা/লিটাৰত) আৰু ডিজেলৰ মূল্য ০.৩৫ টকা (৯৩.১৭ টকা/লিটাৰত) বৃদ্ধি পাইছে । মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ০.২৯ টকা (১১০.৪১ টকা) আৰু ডিজেলৰ মূল্য ০.৩৭ টকা (১০১.০৩ টকা)বৃদ্ধি পাইছে ।

ইয়াৰ পূৰ্বে, গান্ধীনগৰ আৰু লেহত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ১০০ টকা অতিক্ৰম কৰিছিল ৷ কাৰণ আন্তৰ্জাতিক তেলৰ মূল্যৰ লগত সংগতি ৰাখি ইন্ধনৰ মূল্য পুনৰ বৃদ্ধি কৰা হৈছিল । আনহাতে ৰাজ্যিক মালিকানাধীন ইন্ধনৰ খুচুৰা বিক্ৰেতাসকলে মূল্য অধিসূচনা অনুসৰি পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৩০ পইচা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধি কৰিছিল ।

ইফালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ষষ্ঠটো দিনত ইন্ধনৰ মূল্যবৃদ্ধিয়ে এক নতুন অভিলেখ গঢ়ে ৷ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য সৰ্বাধিক ১০৪.১৪ টকা আৰু মুম্বাইত প্ৰতি লিটাৰত ১১০.১২ টকা হয়গৈ ৷ অসমতো ইতিমধ্যে পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷

লগতে পঢ়ক : Bharat Biotech য়ে প্ৰস্তুত কৰিব WHO অনুমোদিত বিশ্বৰ প্ৰথম মেলেৰিয়া প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.