ETV Bharat / bharat

Bharat Biotech য়ে প্ৰস্তুত কৰিব WHO অনুমোদিত বিশ্বৰ প্ৰথম মেলেৰিয়া প্ৰতিষেধক

author img

By

Published : Oct 10, 2021, 1:20 PM IST

WHO অনুমোদিত বিশ্বৰ প্ৰথম মেলেৰিয়া প্ৰতিষেধক প্ৰস্তুতৰ বাবে সাজু Bharat Biotech ৷ আগশাৰীৰ ফাৰ্মা কোম্পানী GlaxoSmithKline (GSK)ৰ সহযোগত ভাৰত বায়'টেকে এই প্ৰতিষেধক প্ৰস্তুত কৰিব ৷ 2028 চনৰ ভিতৰত প্ৰতিবছৰে 1.5 কোটি প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷

bharat biotech to produce worlds 1st malaria vaccine approved by who
Bharat Biotech য়ে প্ৰস্তুত কৰিব WHO অনুমোদিত বিশ্বৰ প্ৰথম মেলেৰিয়া প্ৰতিষেধক

নেশ্যনেল ডেস্ক , 10 অক্টোবৰ : বিশ্ব স্বাস্থ্য সংস্থাৰ(WHO) দ্বাৰা অনুমোদিত বিশ্বৰ প্ৰথম মেলেৰিয়া প্ৰতিষেধক(malaria vaccine) প্ৰস্তুত কৰাৰ বাবে সাজু হৈছে হায়দৰাবাদস্থিত ভাৰত বায়'টেক ইণ্টাৰনেচনেল(Bharat Biotech International)৷ ভাৰত বায়'টেকৰ International Business Development head ডাঃ ৰেচাছ এলাই (Dr Rechas Ella) টুইটাৰযোগে এই কথা সদৰী কৰিছে ৷ আগশাৰীৰ ফাৰ্মা কোম্পানী GlaxoSmithKline (GSK)ৰ সহযোগত ভাৰত বায়'টেকে এই প্ৰতিষেধক প্ৰস্তুত কৰিব ৷

উল্লেখ্য যে, এইটো হ'ব প্ৰথম মেলেৰিয়া প্ৰতিষেধক, যাক বিশ্বব্যাপি উপলব্ধ কৰাৰ বাবে লক্ষ্য লোৱা হৈছে ৷ Sub-Saharan Africa কে ধৰি মেলেৰিয়া ৰোগ অধিক হোৱা অন্যান্য দেশসমূহত টীকাকৰণ অভিযানত GSKৰ দ্বাৰা বিকশিত ‘RTS, S’ মেলেৰীয়া প্ৰতিষেধক বিধক ব্যাপক হাৰত ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে অনুমোদন দিছে ৷ GSKয়ে ভাৰত বায়'টেকৰ সৈতে প্ৰতিষেধক প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে ৷ এই পদক্ষেপৰ জৰিয়তে 2028 চনৰ ভিতৰত প্ৰতিবছৰে 1.5 কোটি প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰত বায়'টেক, GSK আৰু Path নামৰ স্বাস্থ্যসেৱাত নিয়োজিত এক বিশ্বব্যাপী দাতব্য সংস্থাই মেলেৰিয়া প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে এক চুক্তি কৰিছিল ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা অনুমোদন লাভ কৰাৰ পাচতে চুক্তিখন স্বাক্ষৰিত হৈছিল ৷ সেই অনুসৰি, GSK ৰ প্ৰযুক্তিগত সহযোগত ভাৰত বায়'টেকে মেলেৰিয়া প্ৰতিষেধক প্ৰস্তুত কৰিব ৷ Ghana, Kenya আৰু Malawi আদি ঠাইসমূহত মেলেৰিয়া প্ৰতিষেধককৰ এটা পাইলট প্ৰকল্পও সম্পন্ন কৰা হৈছে ৷ প্ৰায় আঠ লাখ শিশুক প্ৰতিষেধকৰ কমেও এটা পালি প্ৰদান কৰা হৈছে আৰু ফলাফলবোৰ বিশ্লেষণৰ ওপৰত আধাৰিত কৰি, বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ ইয়াৰ ব্যৱহাৰৰ অনুমোদন জনাইছে ৷

লগতে পঢ়ক : বিশ্ব মানসিক স্বাস্থ্য দিৱস 2021

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.